ETV Bharat / sports

সুখকৰ নিদ্ৰা, নাকৰ ঘোৰ্ঘোৰণি আৰু এসোপা মিছকল : কি কাৰণে মেচৰ পৰা বাদ পৰিছিল বাংলাদেশৰ সহ অধিনায়ক তাস্কিন আহমেদ - T 20 WORLD CUP

author img

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 10:34 AM IST

T 20 SUPER 8 Matches : ইতিমধ্যে টি 20 বিশ্বকাপত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছে টীম ইণ্ডিয়াই ৷ সমগ্ৰ শৃংখলাটোত টীম ইণ্ডিয়া পৰাজিত হোৱা নাছিল এখনো মেচত ৷ আশ্বৰ্যজনকভাৱে টি 20 বিশ্বকাপৰ ছুপাৰ 8 ৰ দৰে গুৰুত্বপূৰ্ণ মেচত বাংলাদেশে ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছিল মাত্ৰ দুজনকৈ পেচাৰ ৷ ইয়াৰ আঁৰৰ কাৰণ কি, জানিবলৈ চাওক এই প্ৰতিবেদন ৷

T 20 WORLD CUP
বাংলাদেশৰ সহ অধিনায়ক তাস্কিন আহমেদ (AP PHOTOS)

নিউজ ডেস্ক, 3 জুলাই: শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে ৷ কথাষাৰ সকলোৰে পৰিচিত ৷ এই কথাষাৰ প্ৰযোজ্য হৈছে বাংলাদেশৰ ক্ৰিকেট দলৰ সহ অধিনায়ক তাস্কিন আহমেদৰ ক্ষেত্ৰত ৷ এনেকৈ কথাটো ক’লে হয়তো সকলোৰে বুজাত অসুবিধা হ’ব ৷ সেয়ে উভতি যাব লাগিব কিছুদিন আগলৈকে ৷

ইতিমধ্যে টি 20 বিশ্বকাপত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছে টীম ইণ্ডিয়াই ৷ সমগ্ৰ শৃংখলাটোত টীম ইণ্ডিয়া পৰাজিত হোৱা নাছিল এখনো মেচত ৷ টীম ইণ্ডিয়াৰ উপৰিও শৃংখলাত একপ্ৰকাৰ সন্তোষজনক প্ৰদৰ্শন দাঙি ধৰিছিল বাংলাদেশৰ ক্ৰিকেট দলটোৱে ৷ পিছে আশ্বৰ্যজনকভাৱে টি 20 বিশ্বকাপৰ ছুপাৰ 8 ৰ দৰে গুৰুত্বপূৰ্ণ মেচসমূহত বাংলাদেশে ব্যৱহাৰ কৰিছিল মাত্ৰ দুজনকৈ পেচাৰ ৷ যি কথা প্ৰত্যক্ষ কৰিছিল ক্ৰিকেট অনুৰাগীসকলে ৷

ইয়াৰ ফলস্বৰূপে বাংলাদেশে টি 20 বিশ্বকাপৰ ছুপাৰ 8 ৰ মেচসমূহৰ এখনতো জয়ৰ মুখ দেখিবলৈ সক্ষম নহ’ল ৷ সম্প্ৰতি ইয়াৰ আঁৰৰ সত্য পোহৰলৈ আহিছে ৷ এই শৃংখলা চলি থকাৰ সময়তে অত্যাধিক টোপনিৰ বাবে দলৰ পৰা বাদ পৰিছিল বাংলাদেশৰ সহ অধিনায়ক তাস্কিন আহমেদ ৷

লগতে পঢ়ক: জিম্বাব’ৱেৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টি 20 শৃংখলাত অন্তৰ্ভূক্ত সুদৰ্শন, জিতেশ, ৰাণা - Zimbabwe Tour Of Indian Team

হোটেলৰ বিলাসী কোঠাত নিদ্ৰাত মগ্ন খেলুৱৈগৰাকীক বাদ দিয়া হৈছিল ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত ছুপাৰ 8 ৰ মেচৰ পৰা ৷ একেটা কাৰণতে খেলুৱৈগৰাকীয়ে হেৰুৱাইছিল ক্ৰিকেট দলটোক কঢ়িওৱা বাছখন ৷ যাৰ বাবে পৰৱৰ্তী সময়ত খেলুৱৈগৰাকীয়ে সতীৰ্থৰ লগতে দলীয় অন্যান্য বিষয়ববীয়াৰ ওচৰতো ক্ষমা বিচাৰে ৷

আইচিচি টি 20 বিশ্বকাপৰ ছুপাৰ 8 ৰ গ্ৰুপ 1 ৰ মেচত ৰোহিত শৰ্মা নেতৃত্বাধীন টীম ইণ্ডিয়াৰ বিৰুদ্ধে বাংলাদেশৰ মেচত অন্তৰ্ভূক্ত কৰা হৈছিল প্ৰায় ছয়জনকৈ বলাৰ ৷ ছাৰ ভিভিয়ান ৰিচাৰ্ডছ ষ্টেডিয়ামত অনুষ্ঠিত এই মেচত বাংলাদেশৰ বলাৰসকলৰ মাজত আছিল মাত্ৰ দুজনহে পেচাৰ ৷ তেওঁলোক হৈছে ক্ৰমে- তানজিম হাছান চাকিব আৰু মুস্তাফিজুৰ ৰহমান ।

ভাৰতীয় বেটছমেন হাৰ্দিক পাণ্ডিয়া(50), ৰোহিত শৰ্মা(23), বিৰাট কোহলী (37), ঋষভ পণ্ট (36), আৰু শিৱম ডুবে(34)ৰ এক সামূহিক প্ৰচেষ্টাৰ বাবে দলটোৱে বাংলাদেশৰ বিৰুদ্ধে 50 ৰাণৰ ব্যৱধানত সহজ জয় নিশ্চিত কৰে ।

'এটা কথা সত্য যে তাস্কিন...'

এক প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি, বিচিবিৰ এজন বিষয়াই প্ৰকাশ কৰিছে যে, খেলুৱৈগৰাকীয়ে দলৰ বাছখন হেৰুওৱাৰ পিছত ক্ষমা বিচাৰিছিল । তাস্কিনে অত্যাধিক টোপনি গৈছিল যাৰ বাবে বাৰে বাৰে ফোন কৰা স্বত্বেও কোনো সঁহাৰি দিয়া নাছিল খেলুৱৈগৰাকীয়ে ৷ যাৰ বাবে ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনৰ পৰা বাদ পৰিছিল খেলুৱৈগৰাকী ৷

অৱশ্যে বাছখন হেৰুওৱাৰ পিছত নে আগৰ পৰাই খেলুৱৈগৰাকী দলটোত অন্তৰ্ভূক্ত নাছিল, তাৰ সঠিক উত্তৰ বাংলাদেশৰ মুখ্য প্ৰশিক্ষক চান্দিকা হাথুৰুসিংহাইহে দিব পাৰিব বুলি বিচিচিআইৰ বিষয়াগৰাকীয়ে উল্লেখ কৰে ৷

লগতে পঢ়ক: টি-২০ বিশ্বকাপ জয়ী টীম ইণ্ডিয়াৰ বাবে ১২৫ কোটি টকা পুৰস্কাৰ ঘোষণা বিচিচিআইৰ - T20 WC 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.