ETV Bharat / sports

নিউজীলেণ্ডক পৰাস্ত কৰি চুপাৰ-৮ৰ বাবে যোগ্যতা অৰ্জন ৱেষ্ট ইণ্ডিজৰ - WI Qualify for super 8 Stage

author img

By ETV Bharat Assamese Team

Published : Jun 13, 2024, 1:46 PM IST

WI Qualify for super 8 Stage: নিউজীলেণ্ডক ১৩ ৰাণত পৰাস্ত কৰে ৱেষ্ট ইণ্ডিজে । বিজয়ী অৰ্ধশতকৰ বাবে শ্বেফাৰ্ণ ৰাডাৰফৰ্ডক প্লেয়াৰ অৱ দ্য মেচ প্ৰদান । ভাৰত, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাই চুপাৰ-৮ৰ বাবে যোগ্যতা অৰ্জন কৰিছে ।

WI Qualify for super 8 Stage
নিউজীলেণ্ডক পৰাস্ত কৰি চুপাৰ-৮ৰ বাবে যোগ্যতা অৰ্জন ৱেষ্ট ইণ্ডিজৰ (AP Photos)

স্পৰ্টছ ডেস্ক,১৩ জুন : চলিত টি-২০ বিশ্বকাপৰ ২৬ সংখ্যক খেলত ৱেষ্ট ইণ্ডিজে নিউজীলেণ্ডক ১৩ ৰাণত পৰাস্ত কৰে । টছত পৰাজিত হোৱাৰ পিচত প্ৰথমে বেটিং কৰি ৱেষ্ট ইণ্ডিজে ২০ অভাৰত ৯ টা উইকেট হেৰুৱাই ১৫০ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ প্ৰত্যুত্তৰত নিউজীলেণ্ডৰ দলটোৱে ২০ অভাৰত ৯ টা উইকেট হেৰুৱাই মাত্ৰ ১৩৬ ৰাণ হে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । এই খেলখনত আকৰ্ষণীয় অৰ্ধশতক অৰ্জন কৰা শ্বেফাৰ্ণ ৰাডাৰফৰ্ডক প্লেয়াৰ অৱ দ্য মেচ বঁটা প্ৰদান কৰা হয় ।

প্ৰথমে বলিং কৰি নিউজীলেণ্ডে প্ৰথমে ৱেষ্ট ইণ্ডিজৰ বেটছমেনসকলক সমস্যাত পেলাইছিল । এটা সময়ত এনে লাগিছিল যেন ৱেষ্ট ইণ্ডিজে ১০০ ৰাণো অতিক্ৰম কৰিব নোৱাৰিব । কিন্তু শ্বেফাৰ্ণ ৰাডাৰফৰ্ডৰ আক্ৰমণাত্মক ইনিংছে ৱেষ্ট ইণ্ডিজক ১৪৯ ৰাণলৈ লৈ যায় । ৰাডাৰফৰ্ডে ৬ টা ছিক্সাৰ আৰু ২ টা চাৰিৰ সহায়ত ৩৯ টা বলত ৬৮ ৰাণ সংগ্ৰহ কৰে । তেওঁৰ বাহিৰে কোনো বেটছমেনে ২০ ৰাণৰ স্ক'ৰ অতিক্ৰম কৰিব নোৱাৰিলে । এই ইনিংছৰ বাবে তেওঁক প্লেয়াৰ অফ দ্য মেচৰ বঁটা প্ৰদান কৰা হয় ।

ৱেষ্ট ইণ্ডিজৰ অপেনাৰ জনছ চাৰ্লছে ৫ টা বলত ০, ব্ৰেণ্ডন কিং ৯, নিকোলাছ পুৰাণ ১৭, ৰষ্টন চেজ ০, ৰোমেন পাৱেলে ১ ৰাণ সংগ্ৰহ কৰে । ৱেষ্ট ইণ্ডিজৰ স্ক'ৰ এটা সময়ত ১২.৩ অভাৰত ৭৬ ৰাণত ৭ টা উইকেট আছিল । কেৰিবিয়ান দলটোৱে ১৭.৫ অভাৰত ১১২ ৰাণৰ স্ক'ৰত ৯ টা উইকেট হেৰুৱাইছিল । তাৰ পিচত ৰাডাৰফৰ্ডৰ আক্ৰমণ আৰম্ভ হয় ।

১৫০ ৰাণৰ লক্ষ্যৰ পিছে পিছে নিউজীলেণ্ড দলৰ প্ৰথমটো উইকেট ২০ ৰাণৰ স্ক'ৰত পৰিছিল । ডেভন কনৱেই ৮ টা বলত ৫ ৰাণ সংগ্ৰহ কৰে । তাৰ পিচত নিউজীলেণ্ডৰ উইকেট এটাৰ পিচত এটা পৰিবলৈ আৰম্ভ কৰে । গ্লেন ফিলিপছে কিৱি বেটছমেনৰ তৰফৰ পৰা সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে । তেওঁ ৩৩ টা বলত ৪০ ৰাণ সংগ্ৰহ কৰে । অৱশেষত মিচেল চেণ্টনাৰে ১২ টা বলত ২১ ৰাণ খেলি দলটোক জয়ী কৰাবলৈ চেষ্টা কৰে যদিও বিফল হয় ।

এই বিজয়ৰ লগে লগে ৱেষ্ট ইণ্ডিজে চুপাৰ-৮ পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰিছে । ইয়াৰ উপৰিও ভাৰত, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাই চুপাৰ-৮ৰ বাবে যোগ্যতা অৰ্জন কৰিছে । চুপাৰ-৮ ৰ বাবে পাকিস্তানৰ অৰ্হতা আয়াৰলেণ্ড আৰু আমেৰিকাৰ প্ৰদৰ্শনৰ ওপৰত নিৰ্ভৰ কৰিব ।

লগতে পঢ়ক :হেট্ৰিকেৰে টি-২০ বিশ্বকাপৰ Super 8 ত ভাৰত - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.