ETV Bharat / sports

বাংলাদেশৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ ঐতিহাসিক বিজয় - ICC T20 World Cup 2024 - ICC T20 WORLD CUP 2024

ICC T20 World Cup 2024 : টি-২০ বিশ্বকাপৰ ইতিহাসত সৰ্বনিম্ন স্ক'ৰ ডিফেণ্ড কৰি বাংলাদেশৰ বিৰুদ্ধে বিজয়ী হ'ল দক্ষিণ আফ্ৰিকা । দক্ষিণ আফ্ৰিকাই প্ৰথমে বেটিং কৰি মাত্ৰ ১১৩ ৰাণ কৰে । কিন্তু বলাৰৰ উন্নত প্ৰদৰ্শনৰ বাবে বাংলাদেশে ২০ অভাৰত ১০৯ ৰাণ হে কৰিবলৈ সক্ষম হয় ।

ICC T20 World Cup 2024
বাংলাদেশৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ ঐতিহাসিক বিজয় (ETV Bharat)
author img

By ETV Bharat Sports Team

Published : Jun 11, 2024, 12:03 PM IST

স্পৰ্টছ ডেস্ক, ১১ জুন : উন্নত বলিং প্ৰদৰ্শনৰ বাবে দক্ষিণ আফ্ৰিকাই সোমবাৰে বাংলাদেশক ৪ ৰাণত পৰাস্ত কৰিবলৈ সক্ষম হয় । ইয়াৰ লগতে দক্ষিণ আফ্ৰিকাই আইচিচি পুৰুষ টি-২০ বিশ্বকাপৰ ইতিহাসৰ সৰ্বনিম্ন স্ক'ৰ বজাই ৰাখিবলৈও সক্ষম হয় । দক্ষিণ আফ্ৰিকাই বান্ধি দিয়া ১১৪ ৰাণৰ লক্ষ্য সফলতাৰে অনুসৰণ কৰিবলৈ অন্তিম অভাৰত বাংলাদেশক ১১ ৰাণৰ প্ৰয়োজন আছিল ।

কিন্তু স্পিনাৰ কেশৱ মহাৰাজে মাহমুদুল্লাহ আৰু জাকেৰ আলীৰ উইকেট দখল কৰি বাংলাদেশক ২০ অভাৰত ১০৯/৭ ৰাণতে আৱদ্ধ কৰি ৰাখে । এয়া দক্ষিণ আফ্ৰিকাৰ ৩ খন খেলত তৃতীয় জয় আৰু তেওঁলোকে চুপাৰ ৮ পৰ্যায়ত তেওঁলোকৰ স্থান প্ৰায় নিশ্চিত কৰিছে ।

আইচিচি পুৰুষ টি-২০ বিশ্বকাপৰ ইতিহাসত কোনো দলে সফলতাৰে ১১৩/৬ ৰ দৰে নিম্ন স্ক'ৰ ডিফেণ্ড কৰিব পৰা নাছিল । হেনৰিখ ক্লাছেন আৰু ডেভিদ মিলাৰৰ ৭৯ ৰাণৰ অংশীদাৰিত্বৰ সৈতে দক্ষিণ আফ্ৰিকাই প্ৰথমে বেটিং কৰি ১১৩ ৰাণ সংগ্ৰহ কৰে । তাৰ পিচত ফাষ্ট বলাৰ কাগিচো ৰাবাডা (২/১৯) আৰু আনৰিচ নৰ্টজে (২/১৭) বাংলাদেশৰ বেটছমেনসকলক সন্মুখৰ পৰা বাধা দিয়াৰ চেষ্টা কৰে ।

তৌহিদ হৃদয়ে ৩৭ (৩৪) ৰাণৰ সৈতে খেলখন দক্ষিণ আফ্ৰিকাৰ পৰা প্ৰায় কাঢ়ি লোৱাৰ চেষ্টা চলাইছিল । খেলৰ অন্তিম অভাৰ অৰ্থাৎ কেশৱ মহাৰাজৰ অভাৰলৈ সকলো নাটকীয় পৰ্যায়ত আছিল । কিন্তু মহাৰাজে জাকেৰ আলী আৰু মাহমুদুল্লাক আউট কৰি খেলখন বাংলাদেশৰ পৰা কাঢ়ি লৈ যাবলৈ সক্ষম হয় । ইফালে বাংলাদেশক শেষৰ দুটা বলত জয়ৰ বাবে ৬ ৰাণৰ প্ৰয়োজন আছিল ।

কিন্তু বাংলাদেশৰ বেটছমেন তাস্কিন আহমেদে ইনিংছৰ অন্তিম বলত বিজয়ী ৰাণ সংগ্ৰহ কৰিবলৈ ব্যৰ্থ হয় । যাৰ ফলত দক্ষিণ আফ্ৰিকাই ৩ খন খেলত জয়ৰ সৈতে গ্ৰুপ Dত শীৰ্ষস্থান দখল কৰে । লক্ষণীয়ভাৱে বাংলাদেশৰ শীৰ্ষ অৰ্ডাৰ বেটছমেনসকলে প্ৰাৰম্ভিক পৰ্যায়ত লক্ষ্যত উপনীত হ'বলৈ কঠিন যুঁজ দিছিল আৰু পাৱাৰপ্লেৰ শেষত ১ টা উইকেট হেৰুৱাই ২৯ ৰাণ সংগ্ৰহ কৰিছিল ।

কিন্তু দক্ষিণ আফ্ৰিকাৰ আগশাৰীৰ বলাৰসকলে মাজৰ অভাৰত প্ৰত্যাৱৰ্তন কৰে আৰু এক ৰোমাঞ্চকৰ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ সক্ষম হয় । কেশৱ মহাৰাজে লিটন দাসক তেওঁৰ প্ৰথম বলতে আউট কৰে । আনৰিচ নৰ্টজে নাজমুল হুছেইন শান্তো আৰু চাকিব আল হাছানক আউট কৰে ।

তৌহিদ হৃদয়ৰ ৩৪ টা বলত ৩৭ ৰাণৰ এক সুন্দৰ ইনিংছে বাংলাদেশক এক ডাঙৰ সুযোগ প্ৰদান কৰিছিল । কিন্তু ৰাবাডাই তেওঁক এলবিডব্লিউ আউট কৰাত খেলখনে পুনৰ গতি লাভ কৰে আৰু বাংলাদেশ নিৰাশ হ'বলগীয়া হয় ।

লগতে পঢ়ক :ভাৰত জয়ী হোৱা নাই...পাকিস্তান হাৰিছে মাত্ৰ: প্ৰাক্তন পাক অধিনায়ক মুস্তাক মহম্মদ - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.