ETV Bharat / sports

ভাৰতীয় তাৰকা খেলুৱৈৰ বিৰুদ্ধে চাপ অনুভৱ নকৰো: আমেৰিকাৰ অধিনায়ক - T20 World Cup 2024 - T20 WORLD CUP 2024

India vs USA: ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত আজি T-২০ বিশ্বকাপ ২০২৪ ৰ মেচখন অনুষ্ঠিত হ'ব । মেচখনৰ পূৰ্বে, আমেৰিকাৰ খেলুৱৈসকলক আত্মবিশ্বাসেৰে পূৰ্ণ হৈ থকা দেখা গৈছে । ক্ৰিকেটাৰসকলে বিশ্বাস কৰে যে ভাৰতীয় খেলুৱৈসকলৰ খ্যাতিয়ে তেওঁলোকৰ ওপৰত আধিপত্য বিস্তাৰ নকৰে । পঢ়ক সম্পূৰ্ণ বাতৰি...

India vs USA
আজি ভাৰত আৰু আমেৰিকাৰ যুঁজ (AP and IANS Photos)
author img

By ETV Bharat Assamese Team

Published : Jun 12, 2024, 4:31 PM IST

স্পৰ্টছ ডেস্ক, 12 জুন : নিউয়ৰ্কৰ নাছাউ কাউন্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত বুধবাৰে ভাৰত আৰু আমেৰিকাৰ মাজত T-২০ বিশ্বকাপৰ খেলখন অনুষ্ঠিত হ’ব ৷ দুয়োটা দলৰ মাজত এখন আকৰ্ষণীয় খেলৰ আশা কৰা হৈছে ৷ আজিৰ খেলখনৰ পূৰ্বে আয়োজক সম্প্ৰচাৰকে আমেৰিকান ক্ৰিকেটাৰ সৌৰভ নেত্ৰৱালকাৰ, অধিনায়ক মোনাংক পেটেল, হৰমিত সিং, আলী খান আৰু ক’ৰী এণ্ডাৰছনে ভাৰতৰ সৈতে খেলাৰ প্ৰাকমুহূৰ্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা এটা ভিডিঅ' শ্বেয়াৰ কৰিছে ৷

টীম ইণ্ডিয়াক আমেৰিকালৈ আদৰণি জনাই সৌৰভ নেত্ৰৱালকাৰে কয়, "আমি যদি আমাৰ শ্ৰেষ্ঠ খেল খেলো তেন্তে আমি ভালকৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিম ৷ আমি এবাৰত এখন মেচ খেলিবলৈ চেষ্টা কৰিম আৰু তাৰকা খেলুৱৈসকলৰ বিৰুদ্ধে চাপৰ সন্মুখীন নহ'ম ৷ এজন বেটছমেনৰ বিৰুদ্ধে বলিং কৰিবলৈ আৰু এজন বলাৰৰ বিৰুদ্ধে বেটিং কৰিবলৈ চেষ্টা কৰিম ৷ ইয়াক সৰল কৰি ৰাখিবলৈ চেষ্টা কৰিম ৷"

আমেৰিকা যুক্তৰাষ্ট্ৰৰ অধিনায়ক মোনাংক পেটেলে কয়, "আপুনি তেনে ধৰণৰ বিষয়ৰ সপোন দেখিছে ৷ হঠাতে আপুনি নিজকে টছৰ সময়ত ৰোহিত শৰ্মাৰ সৈতে দেখিলে ৷ এইটো অবাস্তৱ ৷ এইখন এখন উচ্চ চাপৰ খেল হ'ব, আমি এতিয়া সেইবোৰৰ ওপৰত অত্যাধিক গুৰুত্ব দিব নিবিচাৰো ৷ আমি সকলো দলৰ বিৰুদ্ধে যি ধৰণৰ ক্ৰিকেট খেলিব বিচাৰো সেইধৰণেৰে খেলিব বিচাৰিম ৷"

লগতে পঢ়ক : সামাজিক মাধ্যমত ভাইৰেল শচীন আৰু যশস্বীৰ অন্তৰংগ মুহূৰ্ত - ICC T20 World Cup 2024

হৰমীত সিঙে কয়, ‘‘মই ৰোহিত শৰ্মাক মোৰ আদৰ্শ হিচাপে গণ্য কৰিছিলোঁ ৷ ৰোহিত মোৰ বিদ্যালয়ৰ পৰা আহিছে ৷ সঞ্জু চেমছন, কুলদীপ যাদৱৰ সৈতে মই ভাৰতৰ হৈ অনুৰ্ধ-19 খেলিছো ৷ মই অক্ষৰ পেটেলৰ সৈতেও খেলিছো ৷ তেওঁলোকক লগ পোৱা আৰু তেওঁলোকৰ বিৰুদ্ধে খেলাটো আনন্দদায়ক হ'ব ৷"

পাকিস্তানত জন্মগ্ৰহণ কৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বেগী বলাৰ আলী খানে কয়, "বিৰাট কোহলী সদায় প্ৰিয় খেলুৱৈসকলৰ মাজৰ এজন আৰু তেওঁৰ বিৰুদ্ধে খেলাটো সঁচাকৈয়ে ভাল অভিজ্ঞতা হ'ব ৷ তেওঁ খেলপথাৰত অতি উৎসাহী, কিন্তু ময়ো তেনেকুৱাই ৷ যদি খেলপথাৰত পৰিৱেশ গৰম হয়, তেওঁ আৰু অধিক উত্তেজিত হয় ৷ মানে আপুনি জুইৰ সৈতে জুইৰ খেল খেলিব লাগে ৷ তেওঁ শীৰ্ষত আছে ৷ সেইকাৰণে তেওঁক কিং কোহলী বুলি কোৱা হয় ৷"

লগতে পঢ়ক : বাংলাদেশৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ ঐতিহাসিক বিজয় - ICC T20 World Cup 2024

নিউজীলেণ্ডৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলা ক’ৰী এণ্ডাৰছনে কয় যে ভাৰতৰ বিৰুদ্ধে খেলাৰ এয়াই সৌন্দৰ্য ৷ আপুনি জানে যে আপোনাৰ ওপৰত লাখ লাখ চকু থাকিব ৷ বহুতো চিনাকি খেলুৱৈ আছে যাৰ বিৰুদ্ধে মই সন্মুখীন হৈছো আৰু খেলিছো ৷"

উল্লেখ্য যে, দুখন মেচৰ দুয়োখনতে জয়লাভ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰই চলিত T-২০ বিশ্বকাপত আধিপত্য অব্যাহত ৰাখিছে ৷ ভাৰতীয় দলটো, যাৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দলটোৱে কেতিয়াও কোনো ফৰ্মেটত খেলা নাই, আই পি এলৰ ছুপাৰ ষ্টাৰেৰে পৰিপূৰ্ণ ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দলত পাঁচজন ভাৰতীয় বংশোদ্ভূৱ খেলুৱৈ আছে ৷

লগতে পঢ়ক : ৰেফাৰীৰ পক্ষপাতমূলক ভূমিকাত স্বপ্নভংগ ভাৰতীয় ফুটবল দলৰ - India in FIFA WC Qualifier

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.