ETV Bharat / sports

টি-২০ বিশ্বকাপ ২০২৪ ৰ মহাৰণ : ছুপাৰ-৮ ৰ অন্তিমখন খেলত আজি মুখামুখি হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়া - T20 World Cup 2024

author img

By ETV Bharat Sports Team

Published : Jun 24, 2024, 1:39 PM IST

India vs Australia : টি-২০ বিশ্বকাপ ২০২৪ ত আজি অনুষ্ঠিত হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত মহাৰণ ৷ এই মেচখনৰ ওপৰতে নিৰ্ভৰশীল এতিয়া অষ্ট্ৰেলিয়া ৷ কিয়নো এই মেচখনত জয়ী হ’লেহে অষ্ট্ৰেলিয়াই ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব ৷ সেয়ে ভাৰতে অষ্ট্ৰেলিয়াক উৎখাত কৰাৰ বাবে যৎপোৰনাষ্টি চেষ্টা চলাব ৷

India vs Australia
টি-২০ বিশ্বকাপ ২০২৪ ৰ মহাৰণ (IANS)

স্পৰ্টছ ডেস্ক, ২৪ জুন : টি-২০ বিশ্বকাপৰ ছুপাৰ-৮ ৰ অন্তিমখন খেলত আজি মুখামুখি হ’ব অষ্ট্ৰেলিয়া আৰু ভাৰত । ভাৰতীয় দলটোৰ উদ্দেশ্য অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ছুপাৰ-৮ গ্ৰুপৰ শীৰ্ষত যোগ্যতা অৰ্জন কৰা ।

এই ৰোমাঞ্চকৰ মেচৰ পূৰ্বে ছ’চিয়েল মিডিয়াত প্ৰতিশোধৰ ট্ৰেণ্ডিং আৰম্ভ হোৱা দেখা গৈছে ৷ অনুৰাগীসকলে ২০২৩ চনৰ ১৯ ​​নৱেম্বৰত অনুষ্ঠিত হোৱা বিশ্বকাপৰ ফাইনেলৰ কথা সোঁৱৰাই দিয়া দেখিবলৈ পোৱা দৈছে ।

ছ’চিয়েল মিডিয়াত ভাৰতীয় ক্ৰিকেট অনুৰাগীয়ে ২০২৩ চনৰ বিশ্বকাপৰ ফাইনেলৰ কথা সোঁৱৰাই প্ৰতিশোধ ​​ল’বলৈ দাবী জনাইছে । ইয়াৰ সমান্তৰালকৈ ছ’চিয়েল মিডিয়াতো মিমসমূহ ব্যাপকভাৱে শ্বেয়াৰ কৰা দেখা হৈছে ।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, যোৱা বছৰ ভাৰতত অনুষ্ঠিত হোৱা বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াই ভাৰতক পৰাস্ত কৰিছিল ৷ যাৰ বাবেই তৃতীয়বাৰৰ বাবে এদিনীয়া বিশ্বকাপ জয় কৰাৰ ভাৰতৰ সপোন অপূৰ্ণ হৈ ৰৈছিল । সেই বিশ্বকাপত ভাৰতে সকলো খেলতে জয়লাভ কৰিছিল যদিও অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ফাইনেলত পৰাস্ত হৈছিল ।

লগতে পঢ়ক : দক্ষিণ আফ্ৰিকাক ক্লিন ছুইপ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ: অন্তিমখন এদিনীয়াত ৬ উইকেটত জয় ভাৰতৰ - INDW vs SAW

অৱশ্যে গ্ৰুপ মেচত ভাৰতে অষ্ট্ৰেলিয়াক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল । সেই সময়ত কেৱল ভাৰতীয় দলটোৰেই নহয় ১৩০ কোটি মানুহৰ সপোন ভংগ হৈছিল । এতিয়া যিহেতু অষ্ট্ৰেলিয়াই পুনৰ টি-২০ বিশ্বকাপত ভাৰতৰ মুখামুখি হ’ব, সেয়ে ক্ৰিকেট অনুৰাগীয়ে প্ৰতিশোধৰ কথা দলটোক সোঁৱৰাবলৈ আৰম্ভ কৰা দেখা গৈছে ।

কেৱল এয়াই নহয়, এই বিশ্বকাপত ইংলেণ্ডৰ সৈতে ভাৰতে ছেমি ফাইনেল খেলাৰ সম্ভাৱনা আছে । এনে পৰিস্থিতিত ভাৰতেও বিশ্বকাপ ২০২২ ৰ ছেমি ফাইনেলৰ প্ৰতিশোধ লোৱাৰ সুযোগ লাভ কৰিছে । অষ্ট্ৰেলিয়াত খেলা এই বিশ্বকাপত ইংলেণ্ডে ছেমি ফাইনেলত ভাৰতক ১০ উইকেটত পৰাস্ত কৰিছিল।

লগতে পঢ়ক : ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ দক্ষিণ আফ্ৰিকাৰ - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.