ETV Bharat / sports

হেট্ৰিকেৰে টি-২০ বিশ্বকাপৰ Super 8 ত ভাৰত - T20 World Cup 2024 - T20 WORLD CUP 2024

T20 World Cup 2024 : টি-২০ বিশ্বকাপত ভাৰতে একেৰাহে তৃতীয়টো জয় পঞ্জীয়ন কৰে । আমেৰিকাক 7 উইকেটত পৰাস্ত কৰি ছয় পইণ্টেৰে ছুপাৰ আঠত স্থান দখল টীম ইণ্ডিয়াৰ । মেচখনত দেখুওৱা উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে আৰ্শদীপ সিঙক প্লেয়াৰ অৱ দ্যা মেচৰ সন্মান ।

T20 World Cup 2024
হেট্ৰিকেৰে টি-২০ বিশ্বকাপৰ Super 8 ত ভাৰত (Etv Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 13, 2024, 8:27 AM IST

স্পৰ্টছ ডেস্ক, ১৩ জুন: টি-২০ বিশ্বকাপ ২০২৪ত ভাৰতে একেৰাহে তৃতীয়টো জয় পঞ্জীয়ন কৰে । ভাৰতীয় দলটোৱে সূৰ্যকুমাৰ যাদৱ আৰু শিৱম ডুবেৰ শক্তিশালী অংশীদাৰিত্বৰে টি-২০ বিশ্বকাপৰ গ্ৰুপ এ মেচত আমেৰিকাক ৭ উইকেটত পৰাস্ত কৰি ছুপাৰ এইট পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰিছে ।নিউয়ৰ্কত অনুষ্ঠিত খেলখনত টছত হাৰি আমেৰিকাই প্ৰথমে বেটিং কৰি ২০ অভাৰত ৮ উইকেটত ১১০ ৰান সংগ্ৰহ কৰে । প্ৰত্যুত্তৰত ভাৰতে ১৮.২ অভাৰত তিনিটা উইকেট হেৰুৱাই ১১১ ৰান সংগ্ৰহ কৰি খেলখন নিজৰ নামত কৰে ।

ভাৰতে টছত জয়লাভ কৰি আমেৰিকাক বেটিং কৰিবলৈ আমন্ত্ৰণ জনাইছিল ৷ ইয়াৰ পাচত বেগী বলাৰ আৰ্শদীপ সিঙে প্ৰথম অভাৰতে আমেৰিকাক দুটা আঘাত দিছিল যাৰ পৰা শেষলৈকে দলটোৱে আৰোগ্য লাভ কৰিব নোৱাৰিলে । ভাৰতৰ প্ৰথমটো বলতে এল বি ডব্লিউ হৈ পেভিলিয়নমুখী হয় অ’পেনাৰ শ্বায়ন জাহাংগীৰ । ইয়াৰ পিচত একেটা অভাৰৰ শেষৰ বলত আন্দ্ৰেছ গছে হাৰ্দিক পাণ্ডিয়াৰ হাতত কেচ তুলি দিয়ে ৷ আৰ্শদীপ সিঙে নীতিশ কুমাৰ আৰু হৰমপ্ৰীতকো পেভিলিয়নৰ বাট দেখুৱাইছিল ।

লগতে পঢ়ক: ভাৰতীয় তাৰকা খেলুৱৈৰ বিৰুদ্ধে চাপ অনুভৱ নকৰো: আমেৰিকাৰ অধিনায়ক - T20 World Cup 2024

২৩টা বলত ২৭ ৰান সংগ্ৰহ কৰি আমেৰিকাৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰে নীতিশ কুমাৰে । ইয়াৰ উপৰিও ষ্টিভেন টেইলৰে ৩০টা বলত ২৪ ৰান সংগ্ৰহ কৰে । ক’ৰি এণ্ডাৰছনে ১২টা বলত ১৫ ৰানৰ ইনিংছ খেলিছিল । ভাৰতৰ হৈ আৰ্শদীপ সিঙে বলিঙত বিধ্বংসী ৰূপ ধাৰণ কৰি ৪ অভাৰত ৯ ৰানত ৪ উইকেট দখল কৰে । ইয়াৰ উপৰিও হৰজিৎ পাণ্ডিয়াইও ৪ অভাৰত ১৪ ৰান দি ২টা গুৰুত্বপূৰ্ণ উইকেট দখল কৰে ।

আমেৰিকাই নিৰ্ধাৰণ কৰি দিয়া লক্ষ্য অনুসৰণ কৰি বেটিং কৰিবলৈ অহা ভাৰতৰ আৰম্ভণিও ভাল নাছিল আৰু বিৰাট কোহলীৰ ৰূপত দলটোৱে প্ৰথম উইকেট হেৰুৱাইছিল । একাউণ্ট নোখোলাকৈয়ে আউট হৈছিল কোহলী । ইয়াৰ পিচত ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাকো পেভেলিয়নৰ পথ দেখুৱালে সৌৰভে । এনে এটা দুৰ্যোগৰ সময়ত ভাৰতীয় দলটোক পুনৰুদ্ধাৰ কৰে সূৰ্যকুমাৰ আৰু শিৱমে । সূৰ্যকুমাৰ যাদৱে ৪৯টা বলত দুটা চাৰি আৰু দুটা ছয়ৰ সহায়ত ৫০ ৰানত অপৰাজিত হৈ থাকে আৰু শিৱম ডুবেয়ে এটা চাৰি আৰু এটা ছয়ৰ সহায়ত ৩৫টা বলত ৩১ ৰানত সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ।

লগতে পঢ়ক: ভাৰত জয়ী হোৱা নাই...পাকিস্তান হাৰিছে মাত্ৰ: প্ৰাক্তন পাক অধিনায়ক মুস্তাক মহম্মদ - T20 World Cup 2024

ভাৰতীয় দলটোৱে ১৫ জুনত কানাডাৰ বিৰুদ্ধে অন্তিমখন খেল খেলিব আৰু ইয়াৰ পিচত ছুপাৰ-৮ ত অৱৰ্তীণ হ’ব ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.