ETV Bharat / sports

আশাহত অনুৰাগী: বৰষুণৰ বাবে পৰিত্যক্ত ভাৰত-কানাডাৰ মেচ - T20 World Cup 2024 - T20 WORLD CUP 2024

IND vs CAN : অনুৰাগীৰ মূৰত চেঁচাপানী ঢালি পৰিত্যক্ত ঘোষণা কৰা হ’ল ভাৰত-কানাডাৰ মেচ ৷ বৰষুণৰ বিধি-পথালিৰ বাবে বাধাগ্ৰস্ত হয় মেচখন ৷ 20 জুনত চুপাৰ এইটত আফগানিস্তানৰ মুখামুখি হ’ব ভাৰতীয় দল ৷

T20 WORLD CUP 2024
ভাৰত-কানাডাৰ মেচ পৰিতক্ত্য (AP Photo)
author img

By ETV Bharat Assamese Team

Published : Jun 15, 2024, 10:13 PM IST

স্পৰ্টছ ডেস্ক, 15 জুন : বৰষুণৰ বিধি-পথালিৰ বাবে পৰিত্যক্ত ঘোষণা ভাৰত-কানাডাৰ মেচ ৷ শনিবাৰে চেণ্ট্ৰেল ব্ৰোৱাৰ্ড ৰিজিঅ’নেল পাৰ্ক ষ্টেডিয়াম টাৰ্ফ গ্ৰাউণ্ডত পুৰুষৰ T-২০ বিশ্বকাপ 2024ৰ গ্ৰুপ 'এ'ৰ অন্তিমখন মেচত কানাডাৰ মুখামুখি হয় আত্মবিশ্বাসী ভাৰত ৷ কিন্তু বৰষুণৰ বাবে গ্ৰাউণ্ডৰ অৱস্থা শোচনীয় হোৱাত মেচখন টছ অবিহনেই পৰিত্যক্ত ঘোষণা কৰা হয় ৷ উল্লেখ্য যে, আজি একেৰাহে চাৰিখন মেচত জয় লাভ কৰাৰ লক্ষ্য ৰাখিছিল ভাৰতীয় দলে ৷

চলিত এই প্ৰতিযোগিতাখনত একেৰাহে তিনিখন মেচত জয়লাভ কৰি ভাৰতে ইতিমধ্যে ছুপাৰ এইট পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰিছে ৷ এই জয়েৰে ইতিমধ্যে গ্ৰুপ 'এ'ৰ পইণ্ট তালিকাৰ শীৰ্ষস্থান দখল কৰিছে ভাৰতীয় দলে ৷ আনকি বৰষুণৰ বাবে কানাডাৰ বিৰুদ্ধে মেচখন পৰিত্যক্ত হ’লেও গ্ৰুপ পৰ্যায়ত শীৰ্ষস্থান অক্ষুন্ন থাকিব ভাৰতৰ ৷ প্ৰতিযোগিতাখনৰ চুপাৰ এঘটৰ মেচসমূহ ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ'ব ৷ আনহাতে, T-২০ বিশ্বকাপত অভিষেক ঘটোৱা দল হিচাপে কানাডাই আয়াৰলেণ্ডৰ বিৰুদ্ধে 12 ৰানত জয়লাভ কৰি নিজৰ শক্তিৰ প্ৰমাণ দিছে ৷

লগতে পঢ়ক : ছুপাৰ ৮ পৰ্যায়ত অষ্ট্ৰেলিয়া-আফগানিস্তানৰ বিৰুদ্ধে যুঁজ টীম ইণ্ডিয়াৰ - T20 World Cup 2024

আজিৰ খেলখনত প্ৰথম মেচকেইখনত আশাহত প্ৰদৰ্শন কৰা তাৰকা বেটছমেন বিৰাট কোহলী ফৰ্মলৈ ঘূৰি আহিব বুলি অনুৰাগীসকলে আশা কৰি আছিল ৷ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ ১৫০ তকৈ অধিক ষ্ট্ৰাইক-ৰেটত ৭০০ৰো অধিক ৰাণ সংগ্ৰহ কৰি কোহলীয়ে আই পি এলত দুৰ্দান্ত প্ৰদৰ্শন কৰাৰ পিচত T-২০ বিশ্বকাপলৈ আহিছিল ।

উল্লেখ্য যে, চলিত T-20 বিশ্বকাপত 5 জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে জয়েৰে নিজৰ অভিযান আৰম্ভ কৰিছিল ভাৰতে ৷ এই মেচত ভাৰতে আয়াৰলেণ্ডৰ বিৰুদ্ধে 8 উইকেটত জয়লাভ কৰিছিল ৷ ইয়াৰ পিচতে 9 জুনত চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল ৷ উত্তেজনাপূৰ্ণ এইখন মেচত ভাৰতে বলাৰৰ শক্তিশালী প্ৰদৰ্শনেৰে পাকিস্তানক 6 ৰাণত পৰাস্ত কৰে ৷ আনহাতে 12 জুনত আমেৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা তৃতীয়খন মেচত ভাৰতে 7 উইকেটত জয়লাভ কৰে ৷ আনহাতে 20 জুনত ছুপাৰ এইটৰ প্ৰথমখন মেচত আফগানিস্তানৰ মুখামুখি হ’ব ভাৰতীয় দল ৷

লগতে পঢ়ক : বৰুণ দেৱতাৰ কোপদৃষ্টি; ইতিহাস ৰচনা কৰি আমেৰিকাই দেখুৱালে পাকিস্তানক প্ৰস্থানৰ পথ - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.