ETV Bharat / sports

অষ্ট্ৰেলিয়াৰে মোকাবিলা : ছেইণ্ট লুচিয়াত উপস্থিত ভাৰতীয় দল - T20 World Cup 2024

author img

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 4:17 PM IST

T20 World Cup 2024: অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছুপাৰ-৮ৰ মেচৰ বাবে ভাৰতীয় ক্ৰিকেট দলটো ছেইণ্ট লুচিয়াত উপস্থিত হৈছে । কেংগাৰু বাহিনীক পৰাস্ত কৰি এদিনীয়া বিশ্বকাপ ২০২৩ৰ ফাইনেলত পৰাজয়ৰ প্ৰতিশোধ লোৱাৰ সুযোগ পাব ভাৰতে ।

T20 World Cup 2024
ছেইণ্ট লুচিয়াত উপস্থিত ভাৰতীয় দল (IANS PHOTO)

স্পৰ্টছ ডেস্ক,২৪ জুন : আজি টি-২০ বিশ্বকাপত ছুপাৰ-৮ৰ মেচত বিশ্বৰ দুটা শক্তিশালী দল ভাৰত আৰু অষ্ট্ৰেলিয়া মুখামুখি হ'ব । ৰোহিত শৰ্মা নেতৃত্বাধীন দলটো খেলখনৰ বাবে ছেইণ্ট লুচিয়াত উপস্থিত হৈছে । য'ত ডেৰেন ছেমি নেচনেল ক্ৰিকেট ষ্টেডিয়ামত মিচেল মাৰ্শৰ নেতৃত্বৰ অষ্ট্ৰেলিয়াৰ মুখামুখি হ'ব । ভাৰতীয় দলটো ছেইণ্ট লুচিয়াত উপস্থিত হোৱাৰ এটা ভিডিঅ' বিচিচিআইয়ে অফিচিয়েল এক্সৰ একাউণ্টত শ্বেয়াৰ কৰিছে ।

এই ভিডিঅ'টোৰ আৰম্ভণিতে ভাৰতীয় দলৰ লেগ স্পিনাৰ যুজবেন্দ্ৰ চাহালক বাছখনত দেখা গৈছে । ইয়াৰ পিচত ভিডিঅ'টোত ভাৰতীয় দলৰ অনুৰাগীসকলকো দেখা গৈছে । যিসকলে অতি উৎসাহেৰে দলটোৰ খেলুৱৈসকলৰ বাবে ৰৈ আছে । ভিডিঅ'টোত, ভাৰতীয় দলৰ খেলুৱৈসকলক বাছত বহি থকা দেখা গৈছে । সকলো খেলুৱৈ বিমানবন্দৰত উপস্থিত হয় আৰু বিমানত বহি থকাও দেখা গৈছে ভিডিঅ'টোত ।

অন্তিমবাৰৰ বাবে ভাৰত আৰু অষ্ট্ৰেলিয়া এদিনীয়া বিশ্বকাপ ২০২৩ৰ ফাইনেলত মুখামুখি হৈছিল । য'ত ভাৰত অষ্ট্ৰেলিয়াৰ দ্বাৰা পৰাজিত হৈছিল । আজি ভাৰতীয় দলটোৱে কেংগাৰু বাহিনীক পৰাস্ত কৰি প্ৰতিশোধ লোৱাৰ সুযোগ পাব ।

যদি এই খেলখনত পৰাস্ত হয় তেনেহ'লে ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ স্থান লাভৰ ওপৰতো প্ৰশ্ন উত্থাপন হ'ব । যদি অষ্ট্ৰেলিয়া ভাৰতৰ হাতত পৰাজিত হয় আৰু আফগানিস্তানে বাংলাদেশক পৰাস্ত কৰে, তেনেহ'লে তেওঁলোকে ছেমি ফাইনেলৰ সুযোগ হেৰুৱাব পাৰে । সেয়েহে ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াক পৰাস্ত কৰি তেওঁলোকক এই প্ৰতিযোগিতাৰ পৰা বাহিৰ কৰিবলৈ চেষ্টা চলাব । ইফালে অষ্ট্ৰেলিয়াইও শেহতীয়া পৰাজয়ৰ পৰা শিক্ষা লৈছে আৰু এইখন খেলত যিকোনো প্ৰকাৰে জয়ী হৈ ছেমি ফাইনেলৰ বাবে দুৱাৰ খোলা ৰাখিব বিচাৰিব ।

লগতে পঢ়ক :টি-২০ বিশ্বকাপ ২০২৪ ৰ মহাৰণ : ছুপাৰ-৮ ৰ অন্তিমখন খেলত আজি মুখামুখি হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়া - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.