ETV Bharat / sports

টি-২০ বিশ্বকাপ ২০২৪ ত বিজয়ীৰ লগতে বাকী দলসমূহে কিমান ধন লাভ কৰিব ? চাওক সবিশেষ - T20 World Cup 2024

T20 world cup prize money: আই চি চিয়ে চলিত টি-২০ বিশ্বকাপ ২০২৪ৰ বাবে পুৰস্কাৰৰ ধন ঘোষণা কৰিছে আৰু প্ৰতিযোগিতাখনৰ বিজয়ী দলে কমেও ২.৪৫ মিলিয়ন ডলাৰ (২০.৩৭ কোটি) লাভ কৰিব, যিটো প্ৰতিযোগিতাখনৰ ইতিহাসৰ সৰ্বাধিক ধনৰাশি ।

author img

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 9:41 PM IST

T20 World Cup 2024
T20 world cup prize money (AP photos)

নিউজ ডেস্ক, ৩ জুন: আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আই চি চিয়ে সোমবাৰে টি-২০ বিশ্বকাপ ২০২৪ ৰ প্ৰাইজমানি ঘোষণা কৰিছে ৷ বিজয়ী দলক ন্যূনতম ২.৪৫ মিলিয়ন ডলাৰ (২০.৩৭ কোটি টকা) প্ৰদান কৰাৰ কথা ঘোষণা কৰে আই চি চিয়ে, যিটো প্ৰতিযোগিতাখনৰ ইতিহাসত সৰ্বাধিক ধনৰাশি ৷ ২০২৪ চনৰ টি-২০ বিশ্বকাপ পুৰস্কাৰৰ মুঠ ধনৰাশি ১১.২৫ মিলিয়ন মাৰ্কিন ডলাৰ (৯৩.৪৭ কোটি) বুলি প্ৰকাশ পাইছিল ।

প্ৰথমবাৰৰ বাবে মুঠ ২০টা দলে কেৰিবিয়ান দ্বীপপুঞ্জ আৰু আমেৰিকাৰ ৯টা স্থানত ২৮ দিনীয়া এই টুৰ্ণামেন্টত অংশগ্ৰহণ কৰিব, যাৰ ফলত ই আটাইতকৈ ডাঙৰ অনুষ্ঠানত পৰিণত হ’ব ।

ৰানাৰ্ছ আপ দলে কমেও ১.২৮ মিলিয়ন ডলাৰ (১০.৬৪ কোটি টকা) লাভ কৰাৰ বিপৰীতে পৰাজয় হোৱা ছেমি ফাইনেলিষ্ট দলে লাভ কৰিব ৭৮৭,৫০০ ডলাৰ (৬.৭৪ কোটি )। প্ৰতিযোগিতাখনৰ ছুপাৰ এইট ৰাউণ্ডত অংশগ্ৰহণ কৰিবলগীয়া দলসমূহে ৩৮২,৫০০ ডলাৰ (৩.০৭ কোটি)কৈ টকা লাভ কৰিব, আৰু নৱম আৰু দ্বাদশ স্থানৰ ভিতৰত স্থান লাভ কৰা দলসমূহে ২৪৭,৫০০ ডলাৰ (২.০৫ কোটি)কৈ লাভ কৰিব ।

লগতে পঢ়ক: বিশ্বকাপত অষ্ট্ৰেলিয়ান দলৰ অথন্তৰ : বেগ হেৰাল কামিন্সৰ, বিমান বিলম্ব মেক্সৱেল-ষ্টাৰ্কৰ - T20 World Cup 2024

১৩ৰ পৰা ২০ নম্বৰলৈকে স্থান পোৱা দলসমূহে প্ৰত্যেকেই ২২৫,০০০ ডলাৰ (১.৮৭ কোটি ) উপাৰ্জন কৰিব । ইয়াৰ উপৰিও ছেমি ফাইনেল আৰু ফাইনেল বাদ দি প্ৰতিটো দলে জয়ী হোৱা প্ৰতিখন মেচৰ বাবে অতিৰিক্ত ৩১,১৫৪ ডলাৰ (২৫.৮৯ লাখ) লাভ কৰিব ।

"এই অনুষ্ঠানটো কেবাটাও দিশৰ পৰা ঐতিহাসিক, গতিকে খেলুৱৈসকলৰ বাবে পুৰস্কাৰৰ ধনে সেই কথা প্ৰতিফলিত কৰিছে । বিশ্বৰ লাখ লাখ অনুৰাগীক খেলুৱৈসকলে মনোৰঞ্জন দিব বুলি আশা কৰিছো ।” আইচিচিৰ মুখ্য কাৰ্যবাহী জিঅফ এলাৰ্ডিছে সংবাদ মাধ্যমক এইদৰে কয় ।

প্ৰতিযোগিতা ইতিমধ্যেই আৰম্ভ হৈছে আৰু প্ৰথম ৰাউণ্ডত ৪০খন মেচ অনুষ্ঠিত হ’ব, ইয়াৰ পিচত ছুপাৰ এইটছলৈ আগবাঢ়িব, তাৰ পিচত ট্ৰিনিদাদ এণ্ড ট’বাগো আৰু গুয়েনাত ছেমি ফাইনেলকে ধৰি নকআউট খেল অনুষ্ঠিত হ’ব । বাৰ্বাডোছৰ কেনচিংটন অ’ভেলত অনুষ্ঠিত হ’ব চূড়ান্ত মেচখন, য’ত ২০২৪ চনৰ পুৰুষৰ চেম্পিয়নক ট্ৰফী প্ৰদান কৰা হ’ব ।

লগতে পঢ়ক: টি-২০ বিশ্বকাপ : কি শক্তিৰে অভিযানত নামিছে বিশ্বৰ ২০ টা দল ? - T20 WORLD CUP 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.