ETV Bharat / sports

27 জুনত বহু প্ৰত্যাশিত টি 20 বিশ্বকাপৰ ছেমি ফাইনেল : আম্পায়াৰৰ নাম ঘোষণা - T20 World Cup 2024

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 10:13 AM IST

Umpires For Semi Final : টি 20 বিশ্বকাপৰ ছেমি ফাইনেলৰ মেচৰ বাবে আম্পায়াৰৰ নাম ঘোষণা কৰিছে আইচিচিয়ে । 27 জুনত অনুষ্ঠিত হ'ব ছেমি ফাইনেলৰ দুয়োখন মেচ ৷ মেচ দুখনত মুখামুখি প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আফগানিস্তান-দক্ষিণ আফ্ৰিকাৰ লগতে ভাৰত-ইংলেণ্ডে ৷ আম্পায়াৰৰ দায়িত্বত কোন আছে, জানিবলৈ চাওক এই প্ৰতিবেদন -

T20 WORLD CUP 2024
বিশ্বকাপৰ ছেমি ফাইনেলৰ আম্পায়াৰৰ নাম ঘোষণা (IANS Photo)

স্প’ৰ্টছ ডেস্ক, 26 জুন: ইতিমধ্য়ে টি 20 বিশ্বকাপৰ ছেমি ফাইনেলত উপনীত হৈছে ভাৰত, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তানকে ধৰি চাৰিটাকৈ দল ৷ ভাৰতীয় সময় অনুসৰি দুয়োখন মেচ 27 জুনত অনুষ্ঠিত হ’ব ৷ 27 জুনৰ পুৱা 6 বজাত প্ৰথমখন আৰু সন্ধিয়া 8 বজাত দ্বিতীয়খন মেচ অনুষ্ঠিত হ’ব ৷ এই মেচ দুখনৰ পূৰ্বে আই চি চি-য়ে ঘোষণা কৰিছে আম্পায়াৰৰ নাম ৷

লগতে পঢ়ক: শৃংখলাৰ পৰা বাহিৰ অষ্ট্ৰেলিয়া, টি 20 বিশ্বকাপৰ ছেমি ফাইনেলত আফগানিস্তান - T20 World Cup 2024

অন্তিম চাৰিৰ এই যুঁজত দুয়োখন মেচে আকৰ্ষণীয় হোৱাৰ আশা প্ৰকাশ কৰিছে অনুৰাগীসকলে ৷ ইয়াৰে আফগানিস্তান আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ত্ৰিনিদাদত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন ছেমি ফাইনেলৰ বাবে ৰিচাৰ্ড ইলিংৱৰ্থ আৰু নীতিন মেননক ফিল্ড আম্পায়াৰ হিচাপে নিযুক্তি দিয়া হৈছে । লগতে ৰিচাৰ্ড কেটেলবৰোক টিভি আম্পায়াৰৰ আৰু আহচান ৰাজাক ফৰ্থ আম্পায়াৰৰ দায়িত্ব দিয়া হৈছে ৷ সাম্ভাব্য বৰষুণৰ বাবে মেচ অনুষ্ঠিত কৰিব পৰা নহ’লে বিকল্প হিচাপে আন এটা দিন ৰখা হৈছে ৷

আনহাতে, গুয়ানাত অনুষ্ঠিত হ’বলগীয়া ভাৰত-ইংলেণ্ডৰ মাজৰ দ্বিতীয়খন ছেমি ফাইনেলৰ মেচৰ বাবে ক্ৰিছ গাফানি আৰু ৰডনি টকাৰক ফিল্ড আম্পায়াৰৰ দায়িত্ব দিয়াৰ বিপৰীতে জোৱেল উইলছনক টিভি আম্পায়াৰ আৰু পল ৰিফেলক ফৰ্থ আম্পায়াৰৰ দায়িত্ব দিয়া হৈছে ৷

মঙলবাৰে বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত ছুপাৰ 8 ৰ অন্তিমখন মেচত জয় লাভ কৰি প্ৰথমবাৰৰ বাবে আফগানিস্তানে টি 20 বিশ্বকাপৰ ছেমিত প্ৰৱেশ কৰিছে ৷ আন এখন মেচত ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডে সহ-আয়োজক আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে 10 উইকেটৰ জয়েৰে অন্তিম চাৰিখনত নিজৰ স্থান নিশ্চিত কৰে ৷

লগতে পঢ়ক: অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ ভাৰতৰ : অধিনায়কোচিত ইনিংছ উপহাৰ ৰোহিতৰ - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.