ETV Bharat / sports

কেংগাৰুৰ বিৰুদ্ধে এদিনীয়া বিশ্বকাপৰ পোতক তুলিলে আফগানিস্তানে, ছ’চিয়েল মিডিয়াত 'প্ৰতিশোধ'ৰ ট্ৰেণ্ড - T20 World Cup 2024

author img

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 5:55 PM IST

Afghanistan Revenge to Australia : ২০২৪ চনৰ T-২০ বিশ্বকাপৰ ৪৬ সংখ্যক মেচত আফগানিস্তানে অষ্ট্ৰেলিয়াক ২১ ৰাণত পৰাস্ত কৰে। এই জয়েৰে ২০২৩ চনৰ এদিনীয়া বিশ্বকাপত পৰাজয়ৰ প্ৰতিশোধ লোৱাৰ পিচত ছ’চিয়েল মিডিয়াত আফগানিস্তানৰ বহু প্ৰশংসা হৈছে। পঢ়ক সম্পূৰ্ণ খবৰ..

Afghanistan Revenge to Australia
ছ’চিয়েল মিডিয়াত আফগানিস্তানৰ প্ৰশংসা (AP PHOTO)

স্পৰ্টছ ডেস্ক, 23 জুন : চলিত T-২০ বিশ্বকাপত আফগানিস্তানে অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ঐতিহাসিক বিজয় সাব্যস্ত কৰিছে ৷ দেওবাৰে খেলা এই মেচখনত আফগানিস্তানে বেটিং-বলিং-ফিল্ডিঙত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই অষ্ট্ৰেলিয়াক পৰাস্ত কৰি জয়লাভ কৰে ৷ 148 ৰাণৰ লক্ষ্য খেদা অষ্ট্ৰেলিয়াই আফগানিস্তানৰ বলিং আক্ৰমণত তিষ্ঠিব নোৱাৰি 127 ৰানতে আটাইকেইটা উইকেট হেৰুৱাই থমকি ৰয় ৷

T-২০ বিশ্বকাপ 2024ৰ 46 সংখ্যক মেচখনত আফগানিস্তানে অষ্ট্ৰেলিয়াক 21 ৰাণত পৰাস্ত কৰে ৷ ইয়াৰ পিচতে ক্ৰিকেট প্ৰেমী আৰু আফগানিস্তানৰ সমৰ্থকে ইয়াক 2023 বৰ্ষত ভাৰতত খেলা এদিনীয়া বিশ্বকাপৰ প্ৰতিশোধ বুলি আখ্যা দিছে আৰু সামাজিক মাধ্যমত ‘ৰিভেঞ্জ’ ট্ৰেণ্ডিং হ’বলৈ আৰম্ভ কৰে ৷ ইতিমধ্যে অনুৰাগীয়ে সামাজিক মাধ্যমত এই সন্দৰ্ভত বহুতো মিম শ্বেয়াৰ কৰি আছে ৷

2023 চনৰ এদিনীয়া বিশ্বকাপত কি হৈছিল:

আফগানিস্তান বনাম অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা এদিনীয়া বিশ্বকাপ 2023ৰ খেলখনত আফগানিস্তানে প্ৰথমে বেটিং কৰি 5টা উইকেট হেৰুৱাই 291 ৰাণ সংগ্ৰহ কৰে ৷ ইয়াৰ পাচতে অষ্ট্ৰেলিয়াই 292 ৰাণৰ লক্ষ্য খেদি দলীয় 91 ৰাণৰ স্ক’ৰত 7টা উইকেট হেৰুৱাই বিপদত পৰিছিল ৷

সেই সময়ত এনে লাগিছিল যে আফগানিস্তান এই মেচখনত সহজেই জয়ী হ’ব ৷ কিন্তু অষ্ট্ৰেলিয়া দলৰ ত্ৰাণকৰ্তাৰ ৰূপত আবিৰ্ভাৱ হোৱা গ্লেন মেক্সৱেলৰ 201 ৰাণৰ অপৰাজিত ইনিংছে সকলো সলনি কৰি পেলালে ৷ সমগ্ৰ ষ্টেডিয়াম আৰু বিশ্বই অষ্ট্ৰেলিয়াই মেচখনত জয়লাভ কৰা চাবলৈ উদগ্ৰীৱ হৈ থাকিল ৷ মেক্সৱেলে দলীয় 293 ৰাণৰ ভিতৰত অকলেই অপৰাজিত 201 ৰাণ সংগ্ৰহ কৰে ৷ ইয়াৰ পিচতে আফগানিস্তানৰ ছেমি ফাইনেলৰ আশাত চেঁচা পানী পৰে ৷

T-২০ বিশ্বকাপত এদিনীয়া বিশ্বকাপৰ প্ৰতিশোধ :

এই মেচখনতো আফগানিস্তানৰ জয়ৰ মাজতে আকৌ এবাৰ আহিছিল দুধৰ্ষ বেটছমেন গ্লেন মেক্সৱেলে ৷ তেওঁ 49 টা বলত 59 ৰাণত ক্ৰীজত অপৰাজিত আছিল ৷ কিন্তু 16 নং অভাৰত তেওঁক পেভিলিয়নলৈ পঠিয়াই গুলবাদিনে দলক জয়ৰ কাষ চপাত সহায় কৰে ৷ পৰৱৰ্তী অভাৰত পেট কামিন্সক আউট কৰি গুলবাদিনে মেচখন সম্পূৰ্ণৰূপে নিজৰ পক্ষত লৈ যায় ৷ আফগানিস্তানৰ দুজন বেটছমেনে অৰ্ধশতকীয় ইনিংছ খেলি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে T-২০ত সৰ্ববৃহৎ অংশীদাৰিত্ব গঢ়ি তুলিছিল ৷ ইয়াৰ পিচত বলাৰসকলে শক্তিশালী প্ৰদৰ্শন আগবঢ়ায় ৷

ছ’চিয়েল মিডিয়াত মিমছ :

আন্তঃৰাষ্ট্ৰীয় আম্পায়াৰ ৰিচাৰ্ড কেটেলবাৰ্গে এই জয়ৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি ইয়াক নিখুঁত প্ৰতিশোধ বুলি অভিহিত কৰিছে ৷ তেওঁ লিখিছে যে আপুনি অষ্ট্ৰেলিয়াৰ শক্তিশালী দলৰ বিৰুদ্ধে আফগানিস্তান দলৰ এক উজ্জ্বল কামবেক চাই আছে ৷ এদিনীয়া বিশ্বকাপ 2023ত আফগানিস্তান ওচৰ চাপি আহিছিল যদিও বহু দূৰত থাকিল আৰু 2024 চনৰ T-২০ বিশ্বকাপত আফগানিস্তান দলটোৱে কৰা এইটোৱেই হৈছে সৰ্বোত্তম প্ৰতিশোধ ৷

কিছুমান অনুৰূপ ছ’চিয়েল মিডিয়া পোষ্ট চাওক-

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.