ETV Bharat / sports

2022 ৰ মধুৰ প্ৰতিশোধ পূৰ্ণ কৰি টি 20 বিশ্বকাপৰ ফাইনেলত মেন ইন ব্লু - T 20 WORLD CUP 2024

author img

By ANI

Published : Jun 28, 2024, 8:33 AM IST

India vs England: ভাৰতীয় ক্ৰিকেট দলে টি 20 বিশ্বকাপৰ ছেমি ফাইনেলৰ দ্বিতীয়খন মেচত ইংলেণ্ডক 68 ৰাণত পৰাস্ত কৰি প্ৰশস্ত কৰিছে ফাইনেলৰ পথ ৷ ভাৰতীয় কেপ্তেইন ৰোহিত শৰ্মাই প্ৰদৰ্শন অব্যাহত ৰাখি সংগ্ৰহ কৰে 57 ৰাণ ৷

T 20 WORLD CUP 2024
টি 20 বিশ্বকাপৰ ফাইনেলত মেন ইন ব্লু (AP PHOTOS)

স্প’ৰ্টছ ডেস্ক, 28 জুন: 2022 ৰ প্ৰতিশোধ পূৰ্ণ কৰি টি 20 বিশ্বকাপৰ ফাইনেলত উপনীত হৈছে ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলটো ৷ গুয়েনাৰ প্ৰভিডেন্স ষ্টেডিয়ামত অনুষ্ঠিত টি 20 বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে 68 ৰাণৰ বিজয় সাব্যস্ত কৰে ভাৰতে ৷

প্ৰায় 10 বছৰৰ মূৰত টি 20 বিশ্বকাপৰ ফাইনেলত উপনীত হৈছে টীম ইণ্ডিয়া ৷ 2014 চনত শেষবাৰৰ বাবে দলটোৱে শ্ৰীলংকাৰ বিৰুদ্ধে মুখামুখি হৈছিল ৷ শনিবাৰে অভেলত অনুষ্ঠিত হ’বলগীয়া ফাইনেলত দলটো মুখামুখি হ’ব দক্ষিণ আফ্ৰিকাৰ সৈতে ৷

লগতে পঢ়ক: ভাৰতৰ সৈতে গভীৰ সম্পৰ্ক নিহিত আছে গুয়েনাৰ ক্ৰিকেট ইতিহাসত - T20 WORLD CUP 2024

মেচখনত 2022 চনৰ বিশ্বকাপৰ ছেমি ফাইনেলৰ পুনৰাবৃত্তি ঘটা দেখা যায় । সেই সময়ত ভাৰতীয় ক্ৰিকেট দলটোৱে ইংলেণ্ডৰ বিৰুদ্ধে 10 উইকেটৰ বিনিময়ত পৰাজিত হৈ বিশ্বকাপৰ ট্ৰফী অৰ্জনৰ দৌৰৰ পৰা বাহিৰ হৈছিল ৷ পিছে চলিত বৰ্ষৰ বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেলৰ মেচত ভাৰতে জয় লাভ কৰি ইংলেণ্ডক শৃংখলাৰ পৰা বিদায় দিয়ে ৷

মেচখন বৰষুণৰ বাবে বহু পলমকৈ অনুষ্ঠিত হয় ৷ অৱশ্যে এই মেচখন বাতিল হ’লেও পইণ্ট তালিকাত শীৰ্ষস্থানত থকাৰ পৰিপ্ৰেক্ষিতত ভাৰতে পোনপটীয়াকৈ প্ৰৱেশ কৰিলেহেঁতেন ফাইনেলত ৷ ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডৰ বেটছমেনসকলে ভাৰতৰ বিৰুদ্ধে যুঁজ দিয়াৰ পিছতো ভাৰতীয় বলাৰসকলৰ সন্মুখত তিষ্ঠিব নোৱাৰিলে ৷

টছত জয়ী হৈ ইংলেণ্ডে ভাৰতীয় দলটোক বেটিং কৰাৰ বাবে আমন্ত্ৰণ জনায় ৷ ভাৰতৰ হৈ ইনিংছ মুকলি কৰে অধিনায়ক ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে ৷ পিছে চলিত ছিজনৰ বিশ্বকাপত হতাশাজনক প্ৰদৰ্শনৰ অন্ত নপৰিল কিং কোহলীৰ ৷ বেটছমেনগৰাকীয়ে মাত্ৰ 9 ৰাণ সংগ্ৰহ কৰিয়েই ইনিংছ সামৰে ৷

লগতে পঢ়ক: প্ৰতিশোধৰ ছেমিত ইংলেণ্ডৰ বিৰুদ্ধে সাজু অপৰাজেয় ভাৰত - T20 World Cup 2024

ইংলেণ্ডৰ অধিনায়ক জছ বাটলাৰ আৰু ফিলিপ চল্টে দলটোক এক সুন্দৰ আৰম্ভণি প্ৰদান কৰে ৷ ইংলেণ্ডৰ ৰাণৰেটত গড়ে 8 ৰাণতকৈ বৃদ্ধি হোৱাৰ লগে লগে মেচখনৰ প্ৰতি ভাৰতীয় অনুৰাগীসকলৰ উৎকণ্ঠা বাঢ়িবলৈ ধৰে ৷ অৱশ্যে 6 অভাৰৰ পিছত ইংলেণ্ডে 39 ৰাণৰ বিনিময়ত হেৰুৱায় 3 টাকৈ গুৰুত্বপূৰ্ণ উইকেট ৷ ভাৰতীয় বলাৰসকলৰ সন্মুখত তিষ্ঠিব নোৱাৰি দলটোৰ ক্ৰমান্বয়ে ছন্দপতন ঘটিবলৈ আৰম্ভ কৰে ৷ ইংলেণ্ডৰ হৈ অধিনায়ক বাটলাৰে সংগ্ৰহ কৰে 23 ৰাণ ৷ ভাৰতৰ হৈ অৰ্শদীপ সিং আৰু অক্ষৰ পেটেলে লাভ কৰে তিনিটাকৈ উইকেট ৷

বৰষুণৰ বাবে প্ৰায় আঢ়ৈ ঘণ্টাৰ পিছত আৰম্ভ হোৱা মেচখনত প্ৰথমে বেটিং কৰি ভাৰতীয় দলটোৱে হেৰুৱায় কিং কোহলীৰ উইকেট ৷ দলীয় স্ক’ৰ 19 ৰাণ হৈ থাকোতে পেভিলিয়নলৈ উভতে বিৰাট কোহলী ৷ কিন্তু প্ৰদৰ্শনৰ ধাৰা অব্যাহত ৰাখি অধিনায়ক ৰোহিত শৰ্মাই অৰ্জন কৰে আন এটা অৰ্ধশতক ৷

অধিনায়কে দেখুওৱা বাটেৰে গৈ সূৰ্যকুমাৰ যাদৱেও দলটোক উপহাৰ দিয়ে এটা অৰ্ধশতক ৷ যাৰ বাবে দলটোৱে নিৰ্ধাৰিত 20 অভাৰত 7 টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে 171 ৰাণ ৷ 172 ৰাণৰ লক্ষ্য আগত ৰাখি ইংলেণ্ডে 16.4 অভাৰত আটাইকেইটা উইকেট হেৰুৱায় সংগ্ৰহ কৰে মাত্ৰ 103 ৰাণ ৷ ইংলেণ্ডৰ হৈ জৰ্দানে সৰ্বাধিক তিনিটাকৈ উইকেট লাভ কৰে ৷

লগতে পঢ়ক: টি-২০ বিশ্বকাপৰ ছেমি ফাইনেললৈ ভাৰতৰ পথ পৰিক্ৰমা - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.