ETV Bharat / sports

টকিঅ’ৰ পৰা পেৰিছলৈ অব্যাহত সুমিতৰ জয়যাত্ৰা : অভিলেখৰ সৈতে অৰ্জন কৰিলে সোণৰ পদক - PARIS PARALYMPICS 2024

author img

By ETV Bharat Assamese Team

Published : Sep 3, 2024, 12:04 PM IST

Javelin F64 Final : নিজৰে অভিলেখ ভংগ কৰি পুনৰ অভিলেখ অৰ্জন ভাৰতৰ জেভলিন থ্ৰ'য়াৰ সুমিত এণ্টিলৰ ৷ এণ্টিলে চলিত পেৰিছ পেৰালিম্পিকত অৰ্জন কৰিছে দেশৰ হৈ তৃতীয়টো স্বৰ্ণ পদক ৷

PARIS PARALYMPICS 2024
ভাৰতৰ জেভলিন থ্ৰ'য়াৰ সুমিত এণ্টিল (ANI)

স্প’ৰ্টছ ডেস্ক, 3 ছেপ্টেম্বৰ: পেৰিছত দপদপনি অব্যাহত ভাৰতৰ জেভলিন থ্ৰ'য়াৰ সুমিত এণ্টিলৰ ৷ সোমবাৰে অভিলেখ সংখ্যক থ্ৰ’ৰে পেৰিছ পেৰালিম্পিকত খেলুৱৈগৰাকীয়ে অৰ্জন কৰে সোণৰ পদক ৷ পুৰুষৰ জেভলিন থ্ৰ’ এফ 64 ইভেণ্টৰ ফাইনেলত ডিফেণ্ডিং চেম্পিয়নগৰাকীয়ে পেৰালিম্পিকত দুবাৰকৈ নিজৰে অভিলেখ ভংগ কৰি দেশৰ হৈ অৰ্জন কৰে তৃতীয়টো স্বৰ্ণ পদক ৷

এণ্টিলে 69.11 মিটাৰ থ্ৰ’ৰে প্ৰদৰ্শন আৰম্ভ কৰি টকিঅ’ত স্থাপন কৰা নিজৰে 68.55 মিটাৰ পেৰালিম্পিক ৰেকৰ্ড ভংগ কৰে । দ্বিতীয় থ্ৰ’ত 70.59 মিটাৰৰ অভিলেখ সংখ্যক থ্ৰ’ কৰে খেলুৱৈগৰাকীয়ে ৷

সুমিতৰ পূৰ্বে আই আই টি-মাণ্ডিত বেডমিণ্টনত শ্বাটলাৰ নীতেশে পুৰুষৰ একক এছ এল 3 ইভেণ্টত ভাৰতৰ পদক তালিকাত দ্বিতীয়টো স্বৰ্ণ যোগ কৰে । নীতেশৰ পূৰ্বে শ্বুটাৰ অৱনী লেখাৰাই মহিলাৰ 10 মিটাৰ এয়াৰ ৰাইফলৰ ফাইনেলত দুৰ্দান্ত প্ৰদৰ্শনেৰে চলিত পেৰিছ পেৰালিম্পিকত দেশৰ হৈ প্ৰথমটো স্বৰ্ণ লাভ কৰিছিল ৷

প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা আন এজন ভাৰতীয় খেলুৱৈ সন্দীপ সঞ্জয় সাগৰে পদক লাভৰ পৰা বঞ্চিত হয় । অনুষ্ঠানটোত তেওঁৰ সৰ্বশ্ৰেষ্ঠ থ্ৰ’ আছিল 58.03 মিটাৰ । শ্ৰীলংকাৰ দুলান কোডিথুৱাক্কুৱে 67.03 মিটাৰ থ্ৰ’ৰে দ্বিতীয় স্থান লাভ কৰি দখল কৰে ৰূপৰ পদক ৷

আনহাতে, অষ্ট্ৰেলিয়াৰ মিখল বুৰিয়ানে তেওঁৰ ছিজনৰ সৰ্বশ্ৰেষ্ঠ থ্ৰ’ 64.89 মিটাৰৰ সৈতে দখল কৰে ব্ৰঞ্জৰ পদক ৷ অনুষ্ঠানটোত তেওঁৰ সৰ্বশ্ৰেষ্ঠ থ্ৰ’ দ্বিতীয় প্ৰচেষ্টাত আহিছিল । তাৰ পিছত তেওঁ ধাৰাবাহিকভাৱে 60 মিটাৰ থ্ৰ’ কৰে কিন্তু প্ৰতিযোগিতাৰ তৃতীয় স্থানতে ক্ষান্ত থাকিবলগীয়া হয় ৷

সুমিতৰ স্বৰ্ণ পদকৰ লগে লগে ভাৰতে পেৰিছ পেৰালিম্পিকত 3 টা সোণ, 5 টা ৰূপ আৰু 7 টা ব্ৰঞ্জৰ পদকৰ সৈতে মুঠ 15 টা পদক বৰ্তমানলৈকে লাভ কৰিছে ৷

লগতে পঢ়ক: গ্ৰেট বৃটেইনৰ খেলুৱৈক পৰাস্ত কৰি নীতেশ কুমাৰৰ স্বৰ্ণপদক অৰ্জন - PARIS PARALYMPICS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.