ETV Bharat / sports

চিকিৎসকৰ ধৰ্ষণ-হত্যাৰ বিৰুদ্ধে ন্যায় বিচাৰি ৰাজপথত বংগৰ দাদা - TRAINEE DOCTOR RAPE MURDER CASE

author img

By ETV Bharat Sports Team

Published : Aug 20, 2024, 10:56 PM IST

Sourav Ganguly to join Protest against RG Kar Incident : প্ৰাক্তন ভাৰতীয় অধিনায়ক সৌৰভ গাংগুলীয়ে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰশিক্ষাৰ্থী চিকিৎসকৰ ধৰ্ষণ-হত্যাৰ বিৰুদ্ধে ন্যায় বিচাৰি প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই যোৱাৰ সিদ্ধান্ত লৈছে ।

TRAINEE DOCTOR RAPE MURDER CASE
সৌৰভ গাংগুলী (ETV Bharat)

স্প’ৰ্টছ ডেস্ক, 20 আগষ্ট: ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা বি চি চি আইৰ প্ৰাক্তন অধ্যক্ষ সৌৰভ গাংগুলীয়ে কলকাতাৰ ধৰ্ষণ বলি হোৱা মহিলাগৰাকীৰ ন্যায় লাভৰ বাবে ৰাজপথলৈ ওলাই আহিব । বুধবাৰে পত্নী ড’নাৰ নৃত্য বিদ্যালয় দীক্ষা মঞ্জাৰীয়ে আয়োজন কৰা এক ৰেলীত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে জনপ্ৰিয়ভাৱে দাদা নামেৰে পৰিচিত ভাৰতীয় প্ৰাক্তন অধিনায়কগৰাকীয়ে ।

আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ এগৰাকী মহিলা চিকিৎসকক নৃশংস ধৰ্ষণ আৰু হত্যাৰ প্ৰতিবাদত ৯ আগষ্টত এই সমাৱেশৰ আয়োজন কৰা হৈছে । এই ৰেলীত ডোনা বিদ্যালয়ৰ সকলো প্ৰশিক্ষাৰ্থীয়ে বেহালাৰ মাজেৰে চৌৰাস্তাৰ দিশে যাত্ৰা কৰিব । সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব এই ৰেলী ।

ইয়াৰ পূৰ্বে ১৯ আগষ্টত সৌৰভ গাংগুলীয়ে নিজৰ ছ’চিয়েল মিডিয়া প্ৰফাইলত ক’লা ৰঙৰ বেনাৰ লগাইছিল । ইয়াৰ বাবে গাংগুলীয়ে তীব্ৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল । কাৰণ ব্যৱহাৰকাৰীসকলে তেওঁক মুকলিকৈ প্ৰতিবাদ কৰিবলৈ আহ্বান জনাইছিল । হয়তো সেইবাবেই এতিয়া গাংগুলীয়ে প্ৰতিবাদত অংশ লোৱাৰ সিদ্ধান্ত লৈছে ।

নেটিজেনে গাংগুলীক তেওঁৰ প্ৰফাইল পিকচাৰ ক’লা কৰাৰ বাবে সমালোচনা কৰাৰ লগতে তেওঁক বহুত ঠাট্টা-মস্কৰা কৰে । গাংগুলীৰ সংবেদনহীন মন্তব্যৰ পিছত বহুতে তেওঁক শ্ব’ অফ কৰা বুলিও সমালোচনা কৰে । একাংশ ব্যৱহাৰকাৰীয়ে তেওঁৰ বক্তব্যৰ বাবে ক্ষমা খুজিবলৈও কয় । এজন ইউজাৰে লিখিছে, "মোৰ বাবে কলকাতা মানে তুমি, মই তোমাক কলকাতাৰ ৰাজকুমাৰ বুলি গণ্য কৰোঁ, সেই বাক্যৰ বাবে তুমি ক্ষমা বিচৰা উচিত ।"

উল্লেখ্য যে, বিচিচিআইৰ প্ৰাক্তন অধ্যক্ষগৰাকীয়ে মমতা বেনাৰ্জী চৰকাৰক চৰকাৰক ৰক্ষণাবেক্ষণ দিবলৈ গৈ এই ভয়ংকৰ ধৰ্ষণ আৰু হত্যাকাণ্ডটো ওপৰত মন্তব্য কৰি ইয়াক ‘হঠাৎ কাণ্ড’ বুলি অভিহিত কৰিছিল ।

তেওঁ কৈছিল, "এটা ঘটনাৰ আধাৰত সকলো বিচাৰ কৰা উচিত বুলি মই নাভাবো । এই ঘটনাৰ বাবে সকলো বা সকলোৱে নিৰাপদ নহয় বুলি ভবাৰ কোনো পৰিসৰ নাই । সমগ্ৰ বিশ্বতে এনে দুৰ্ঘটনা সংঘটিত হয় । মহিলা নিৰাপদ নহয় বুলি ভবাটো ভুল । কেৱল পশ্চিমবংগতে নহয়, সমগ্ৰ ভাৰততে মহিলা সুৰক্ষিত । আমি য'ত থাকোঁ সেইয়াই আটাইতকৈ ভাল ঠাই । কাৰোবাক এটা ঘটনাৰ দ্বাৰা বিচাৰ কৰা উচিত নহয় ।

এই বক্তব্যৰ বাবে বহু সমালোচনাৰ সন্মুখীন হোৱাৰ পিছত গাংগুলীয়ে তেওঁৰ মন্তব্য ভুল বুজাবুজি হোৱা বুলি স্পষ্ট কৰি দিছিল ৷ তেওঁ কয়, "যোৱা দেওবাৰে মই কি কৈছিলো, কি বুজাব বিচাৰিছিল বা কেনেকৈ ব্যাখ্যা কৰা হৈছিল নাজানো । মই আগতেও কৈছো যে (অপৰাধ) এটা ভয়ংকৰ কথা । এতিয়া চিবিআই আৰু আৰক্ষীয়ে এই গোচৰৰ তদন্ত কৰি আছে । যি হৈছে সেয়া বৰ লজ্জাজনক ।"

লগতে পঢ়ক: পশ্চিমবংগৰ ধৰ্ষণ-হত্যাৰ ঘটনাৰ ন্যায়ৰ দাবীত শিক্ষাৰ্থীৰ প্ৰতিবাদ - Students protest in lakhimpur

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.