ETV Bharat / sports

টি-২০ শৃংখলাৰ বাবে হাৰাৰেত উপস্থিত শুভমন গিল নেতৃত্বাধীন ভাৰতীয় দল - Zimbabwe Tour Of Indian Team

author img

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 4:58 PM IST

Indian Team Touch Down Zimbabwe: জিম্বাব'ৱেৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টি-২০ শৃংখলাৰ বাবে বুধবাৰে হাৰাৰেত উপস্থিত হয় ভাৰতীয় ক্ৰিকেট দলটো । ভাৰতীয় দলটোত স্থান লাভ কৰিছে অসম সন্তান ৰিয়ান পৰাগে ৷ বি চি চি আইৰ X পোষ্টত ৰিয়ানে ব্যক্ত কৰিলে মনৰ ভাব ৷

Indian Team Touch Down Zimbabwe
টি-২০ শৃংখলাৰ বাবে হাৰাৰেত উপস্থিত শুভমন গিল নেতৃত্বাধীন ভাৰতীয় দল (ETV BHARAT ASSAM)

স্প’ৰ্টছ ডেস্ক, ৩ জুলাই: জিম্বাব’ৱেৰ বিৰুদ্ধে ৬ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া পাঁচখন খেলৰ টি-২০ শৃংখলাৰ বাবে শুভমন গিলে আৰু নেচনেল ক্ৰিকেট একাডেমী চমুকৈ এন চি এৰ মুৰব্বী ভি ভি এছ লক্ষ্মণৰ নেতৃত্বত ভাৰতীয় যুৱ দলটোৱে ৰবাৰ্ট গেব্ৰিয়েল মুগাবে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় ।

জিম্বাব’ৱে ক্ৰিকেট (ZC) এ টুইটাৰত প্ৰকাশ কৰা এটা ভিডিঅ’ত ভাৰতীয় দলটো হাৰাৰে বিমানবন্দৰত উপস্থিত হোৱা দেখা গৈছে । মঙলবাৰে ভাৰতীয় দলটোৱে মুম্বাইৰ পৰা হাৰাৰেলৈ ৰাওনা হোৱাৰ বিপৰীতে শুভমন গিলে নিউয়ৰ্কৰ পৰা হাৰাৰেত উপস্থিত হয় ৷ আমেৰিকাত টি-২০ বিশ্বকাপৰ দলটোৰ সৈতে ট্ৰেভেলিং ৰিজাৰ্ভ হিচাপে কৰ্মৰত গিল নিউয়ৰ্কৰ পৰা বিৰতিৰ পিচত হাৰাৰেলৈ আহিছিল ।

বুধবাৰৰ মাজনিশা জিম্বাব’ৱে ক্ৰিকেটে ‘X’ত দিয়া পোষ্টত উল্লেখ কৰে, ‘আমি টি-২০ বিশ্বকাপ চেম্পিয়ন ভাৰতক আদৰণি জনাইছো । বি চি চি আয়ে ছ’চিয়েল মিডিয়া হেণ্ডেলত পোষ্ট কৰা এটা ভিডিঅ’ত প্ৰথমবাৰৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰা বিগ হিটিং বাওঁহাতৰ অ’পেনিং বেটছমেন অভিষেক শৰ্মাই ভাৰতীয় দলৰ সৈতে প্ৰথমবাৰৰ বাবে ভ্ৰমণ কৰাৰ অনুভৱৰ বিষয়ে কয় ।

লগতে পঢ়ক: জাতীয় দলৰ জাৰ্ছী পিন্ধাৰ সপোন পূৰাবলৈ ভাৰতীয় ক্ৰিকেট দলৰ সৈতে জিম্বাব’ৱেলৈ উৰা মাৰিলে ৰিয়ান পৰাগে - ZIMBABWE TOUR OF INDIAN TEAM

‘যিদিনা মই ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছিলো, সেইদিনাৰ পৰাই মোৰ এটাই সপোন আছিল, সেয়া আছিল দেশৰ হৈ খেলা । মই জানো যে যদি মই কঠোৰ পৰিশ্ৰম কৰি যাওঁ তেন্তে দলত স্থান লাভ কৰাৰ সুযোগ পাম । কিন্তু মই নাজানিছিলো যে ভাৰতৰ বাহিৰত জিম্বাব’ৱেত এই সুযোগ পাম ।

শৰ্মাই লগতে কয়, "দলত মোৰ নাম ঘোষণা হোৱাৰ পিচত (অধিনায়ক) শুভমনৰ পৰা ফোন আহিছিল । সকলোৱে মোক ইমান মৰম দি আহিছে । মোৰ বাবে সেয়া আছিল অতি ডাঙৰ কথা ।"

তেওঁ আৰু কয়, ‘দলৰ ঘোষণাৰ পিচত যেতিয়া ঘৰ পালো, তেতিয়া মোৰ পৰিয়ালৰ সদস্যসকলে সাক্ষাৎকাৰ দি থকা দেখিলো আৰু সেইটো এটা মুহূৰ্ত আছিল যিটো মোৰ সদায় মনত থাকিব ।

যুৱ বেটিং অলৰাউণ্ডাৰ ৰিয়ান পৰাগে কয় যে তেওঁ এই ভ্ৰমণৰ বাবে আগ্ৰহেৰে বাট চাই আছিল ৷ তেওঁ উত্তেজনাত দুটা মোবাইল ফোন আৰু পাছপ’ৰ্ট হেৰুৱালে । 'ইণ্ডিয়াৰ জাৰ্চি পিন্ধি দলৰ সৈতে ভ্ৰমণ কৰাৰ অভিজ্ঞতা বেলেগ আৰু মই সেইটো অনুভৱ কৰিব বিচাৰিছিলো, যিটো মই এতিয়া পাইছো ।'

লগতে পঢ়ক: আই পি এলৰ পৰা ভাৰতীয় মূল দললৈ...সমালোচনাৰ পৰা উত্তৰণলৈ...ৰিয়ান পৰাগৰ বিস্ফোৰক মন্তব্য - Riyan Parag Interview

'অসমৰ পৰা আহি মোৰ সপোন আছিল ভাৰতৰ হৈ খেলা ।' মই সঁচাকৈয়ে সুখী যে যেতিয়া মই মোৰ প্ৰথমখন মেচ খেলো তেতিয়া জিম্বাব’ৱেৰ সৈতে মোৰ বিশেষ সম্পৰ্ক থাকিব । সেই মাটিৰ বাবে আৰু মোৰ বাবে এয়া এক বিশেষ মুহূৰ্ত হ’ব, যিটো অতি পবিত্ৰ হ’ব । এইটো প্ৰায় নতুন ভাৰতীয় দল, কিন্তু ইয়াত বহু পুৰণি মুখ আছে কাৰণ মই তেওঁলোকৰ সৈতে বহুদিনৰ পৰা খেলি আহিছো ।

৬-১৪ জুলাইলৈ হাৰাৰে স্প’ৰ্টছ ক্লাবত অনুষ্ঠিত হ’ব ভাৰতৰ জিম্বাব’ৱেৰ পাঁচখন খেলৰ টি-২০ মেচ । টি-২০ বিশ্বকাপ দলৰ সৈতে ট্ৰেভেলিং ৰিজাৰ্ভ হিচাপে কৰ্মৰত সঞ্জু ছেমছন, যশস্বী জয়ছৱাল আৰু অলৰাউণ্ডাৰ শিৱম ডুবেই জিম্বাব’ৱে অভিমুখী দলত যোগদান কৰাৰ কথা আছিল যদিও বেৰিল সাগৰীয় ধুমুহাৰ বাবে দলটো বাৰ্বাডোছত আবদ্ধ হৈ আছে । বি চি চি আইয়ে এই তিনিগৰাকী খেলুৱৈৰ স্থানত প্ৰথম দুখন টি 20 মেচৰ বাবে সোমবাৰে বি ছাই সুদৰ্শন, জিতেশ শৰ্মা আৰু হৰ্ষিত ৰাণাক অন্তৰ্ভুক্ত কৰিছে ৷

ইয়াৰ উপৰিও কেৰিবিয়ান ভ্ৰমণলৈ যোৱা দুজন ৰিজাৰ্ভ খেলুৱৈ ৰিংকু সিং আৰু খলিল আহমেদে হাৰাৰেত দলটোত যোগদান কৰাৰ সম্ভাৱনা আছে যদিও তেওঁলোকৰ ভ্ৰমণ পৰিকল্পনা এতিয়াও স্পষ্ট হোৱা নাই ।

লগতে পঢ়ক: জিম্বাব’ৱেৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টি 20 শৃংখলাত অন্তৰ্ভূক্ত সুদৰ্শন, জিতেশ, ৰাণা - Zimbabwe Tour Of Indian Team

জিম্বাব’ৱেৰ বিৰুদ্ধে প্ৰথম দুখন টি-২০ত ভাৰতৰ দল :

শুভমন গিল (অধিনায়ক), ৰুতুৰাজ গাইকোৱাদ, অভিষেক শৰ্মা, ৰিংকু সিং, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), ৰিয়ান পৰাগ, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণয়, আৱেশ খান, খলিল আহমেদ, মুকেশ কুমাৰ , তুষাৰ দেশপাণ্ডে, সাই সুদৰ্শন, জিতেশ শৰ্মা (উইকেটকীপাৰ) আৰু হৰ্ষিত ৰাণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.