ETV Bharat / sports

শুভমন গিললৈ 25 সংখ্যক জন্মদিনৰ শুভেচ্ছা: খেলুৱৈগৰাকীৰ অভিষেক, অভিলেখ আৰু প্ৰেম জীৱন - SHUBMAN GILL 25TH BIRTHDAY

author img

By ETV Bharat Sports Team

Published : Sep 8, 2024, 1:54 PM IST

Shubman Gill: জীৱনৰ ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছে ভাৰতীয় ক্ৰিকেট দলৰ সহ অধিনায়ক শুভমন গিলে ৷ যুুৱ ক্ৰিকেটাৰগৰাকীৰ জীৱনৰ সৈতে জড়িত কিছু কথাৰে সজোৱা হৈছে এই প্ৰতিবেদন ৷

SHUBMAN GILL 25TH BIRTHDAY
শুভমন গিল আৰু ছাৰা তেণ্ডুলকাৰ (IANS PHOTOS)

স্প’ৰ্টছ ডেস্ক, 8 ছেপ্টেম্বৰ: ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা অপেনাৰ শুভমন গিলে দেওবাৰৰ দিনটোত উদযাপন কৰিছে 25 তম জন্মদিন । গিলক ভাৰতৰ হৈ তিনিওটা ফৰ্মেটৰ ক্ৰিকেটতে অংশগ্ৰহণ কৰা দেখা গৈছে ৷

1999 চনৰ 8 ছেপ্টেম্বৰত পঞ্জাৱৰ ফাজিলকাত জন্মগ্ৰহণ কৰা এই তাৰকা বেটছমেনগৰাকীক পৰৱৰ্তী সময়ৰ বিৰাট কোহলী আৰু শচীন তেণ্ডুলকাৰ বুলিও গণ্য কৰা হয় । গিলক টীম ইণ্ডিয়াৰ ৰাজকুমাৰ বুলিও জনা যায় ।

SHUBMAN GILL 25TH BIRTHDAY
শুভমন গিল (ANI Photo)

খেলুৱৈগৰাকীয়ে শেহতীয়াকৈ ভাৰতৰ হৈ এদিনীয়া বিশ্বকাপ 2023 ত অংশগ্ৰহণ কৰিছিল । গিলৰ জন্মদিন উপলক্ষে তেওঁৰ সৈতে সম্পৰ্কিত কিছুমান গুৰুত্বপূৰ্ণ আৰু আকৰ্ষণীয় তথ্যৰে সজোৱা হৈছে এই প্ৰতিবেদন ।

এইসকল সুন্দৰীৰ সৈতে সাঙোৰ খাইছে গিলৰ নাম

ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ জীয়ৰী ছাৰা তেণ্ডুলকাৰৰ সৈতে ইতিমধ্যে সাঙোৰ খাই পৰিছে শুভমন গিলৰ নাম । এই দুয়োজনৰ মাজৰ সম্পৰ্কৰ খবৰ বতাহৰ দৰে ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত ৷ কিন্তু গিল অথবা ছাৰা কোনেও এই সন্দৰ্ভত প্ৰকাশ কৰা নাই প্ৰতিক্ৰিয়া ৷

SHUBMAN GILL 25TH BIRTHDAY
শুভমন গিল (ANI Photo)

আনহাতে, গিলৰ নাম বলীউডৰ অভিনেতা চেইফ আলী খানৰ জীয়ৰী ছাৰা আলী খানৰ সৈতেও জড়িত হৈ আছে । ইয়াৰ লগতে শুভমন গিলৰ নাম সৰু পৰ্দাৰ অভিনেত্ৰী ৰিধিমা পডিথৰ সৈতেও সাঙোৰ খোৱা পৰিলক্ষিত হৈছে ৷ গিলৰ সৈতে অভিনেত্ৰীগৰাকীৰ বাগদান আৰু বিবাহৰো চৰ্চা সামাজিক মাধ্যমত আলোচনাৰ বিষয় হৈ পৰিছিল ।

শুভমন গিলৰ জীৱনৰ সৈতে সম্পৰ্কিত কিছুমান গুৰুত্বপূৰ্ণ আৰু আকৰ্ষণীয় তথ্য

  • পিতৃ-মাতৃৰ উপৰিও শুভমন গিলৰ আছে শ্বাহনীল গিল নামৰ এগৰাকী ভগ্নী ।
  • গিলৰ পিতৃ লাখৱিন্দৰ সিং পেছাত এজন কৃষক । ক্ৰিকেটাৰগৰাকীৰ পৰিয়ালটো বাস কৰে পঞ্জাৱত ।
  • গিলৰ পিতৃয়ে তেওঁক 3 বছৰ বয়সতে ক্ৰিকেট প্ৰশিক্ষণত নাম লগাই দিছিল ৷
  • শুভমন গিলে ভাৰতৰ হৈ অনুৰ্ধ-19 বিশ্বকাপ 2018 ত অংশগ্ৰহণ কৰি চৰ্চালৈ আহিছিল ৷
  • ইয়াৰ পিছত ক্ৰিকেটাৰগৰাকীৰ অভিষেক ঘটে আই পি এলত, তেওঁ কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ আই পি এলত অংশগ্ৰহণ কৰিছিল ৷
  • গিল বৰ্তমান ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ(আই পি এল) ৰ ফ্ৰেঞ্চাইজি গুজৰাট টাইটানছৰ অধিনায়ক । তেওঁ আই পি এল 2022 ৰ চেম্পিয়ন দল গুজৰাট টাইটানছৰ অংশ আছিল ।
  • শুভমন গিলক এদিনীয়া আৰু টি-20 ত ভাৰতীয় ক্ৰিকেট দলৰ সহ-অধিনায়কৰ দায়িত্ব প্ৰদান কৰা হৈছে । ইয়াৰ লগতে তেওঁ জিম্বাব’ৱেৰ বিৰুদ্ধে টি-20 শৃংখলাতো ভাৰতক নেতৃত্ব দিছিল ৷
  • শুভমন গিলে 2020 চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় টেষ্ট অভিষেক কৰিছিল । গিলে 4 টা শতক আৰু 6 টা অৰ্ধ-শতকৰ সৈতে 24 খন টেষ্টৰ 46 টা ইনিংছত সংগ্ৰহ কৰিছে 1,492 ৰাণ ।
    SHUBMAN GILL 25TH BIRTHDAY
    শুভমন গিল (ANI Photo)
  • গিলে 2019 চনৰ জানুৱাৰীত নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া খেলত আত্মপ্ৰকাশ কৰিছিল । গিলে 47 খন এদিনীয়াৰ 47 টা ইনিংছত 6 টা শতক আৰু 13 টা অৰ্ধ-শতকৰ সৈতে 2,328 ৰাণ সংগ্ৰহ কৰিছে ।
  • গিলে 2023 চনৰ জানুৱাৰীত শ্ৰীলংকাৰ বিৰুদ্ধে আন্তৰ্জাতিক টি-20 ত আত্মপ্ৰকাশ কৰিছিল । গিলে বৰ্তমানলৈকে 21 খন এদিনীয়া খেলিছে । এই সময়ত ক্ৰিকেটাৰগৰাকীয়ে এটা শতক আৰু 3 টা অৰ্ধ-শতকৰ সৈতে সংগ্ৰহ কৰিছে 578 ৰাণ ।
  • শুভমন গিলে এদিনীয়া ক্ৰিকেটতো অৰ্জন কৰিছে দ্বি-শতক ৷ তেওঁ ভাৰতৰ হৈ দ্বি-শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া বেটছমেন ৷
  • গিলে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত 103 খন খেলৰ 100 টা ইনিংছত 4 টা শতক আৰু 20 টা অৰ্ধ-শতকৰ সৈতে সংগ্ৰহ কৰিছে 3,216 ৰাণ ।
  • গিল সকলো ফৰ্মেটত শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া বেটছমেন ।
  • তেওঁ ভাৰতৰ হৈ সকলোতকৈ কম বয়সতে অৰ্জন কৰিছে টি-20 শতক ৷
  • গিলে এটা আই পি এল ছিজনত সকলোতকৈ কম বয়সতে 700 ৰাণ সংগ্ৰহকাৰী হিচাপেও স্থাপন কৰিছে অভিলেখ ।
  • তেওঁ 1,500 এদিনীয়া ৰাণ সংগ্ৰহ কৰা দ্ৰুততম বেটছমেন ।

লগতে পঢ়ক: নিষিদ্ধ ক্ৰিকেট: অন্যথা ভৰিব লাগিব 10 হাজাৰ টকাৰ জৰিমনা - BAN ON CRICKET

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.