ETV Bharat / sports

আন্তৰ্জাতিক তথা ঘৰুৱা ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা শিখৰ ধৱনৰ - Shikhar Dhawan Announces Retirement - SHIKHAR DHAWAN ANNOUNCES RETIREMENT

Shikhar Dhawan Retirement : ভাৰতীয় ক্ৰিকেট দলৰ বাঁওহতীয়া বেটছমেন শিখৰ ধৱনে ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে । তেওঁ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰি এটা ভিডিঅ' প্ৰকাশ কৰিছে ।

Shikhar Dhawan Retirement
অৱসৰ ঘোষণা শিখৰ ধৱনৰ (ANI Photo)
author img

By ETV Bharat Sports Team

Published : Aug 24, 2024, 2:19 PM IST

স্পৰ্টছ ডেস্ক, ২৪ আগষ্ট : প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ শিখৰ ধৱনে ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে । তেওঁ শনিবাৰে নিজৰ ছ'চিয়েল মিডিয়া একাউণ্ট এক্সত এক ভিডিঅ' প্ৰকাশ কৰি অৱসৰৰ কথা ঘোষণা কৰে । তাত গব্বৰে তেওঁৰ সমগ্ৰ কেৰিয়াৰত মৰম আৰু সমৰ্থন আগবঢ়োৱাৰ বাবে অনুৰাগীসকলক ধন্যবাদ জনায় ।

শিখৰ ধৱনে ভিডিঅ'টোত ঘোষণা কৰিছে, "মোৰ একমাত্ৰ সপোন আছিল ভাৰতৰ হৈ খেলা আৰু মই সেইটো লাভ কৰিছোঁ । মোৰ যাত্ৰাত অৱদান আগবঢ়াই অহা সকলো ব্যক্তিৰ প্ৰতি মই কৃতজ্ঞ । প্ৰথমতে মোৰ পৰিয়ালক কৃতজ্ঞতা জনাইছো । মোৰ শৈশৱৰ প্ৰশিক্ষক প্ৰয়াত তাৰক সিনহা আৰু মদন শৰ্মাৰ নিৰ্দেশনাত মই এই খেলৰ মৌলিক বিষয়বোৰ শিকিছিলো ।"

"মই মোৰ দলটোকো ধন্যবাদ জনাইছো । কাৰণ তেওঁলোকৰ সৈতে মই ইমান দিন ধৰি ক্ৰিকেট খেলিছো । দলটোৰ জৰিয়তে মই আন এটা পৰিয়াল পাইছিলো । মই যশস্যা, খ্যাতি আৰু সকলো অনুৰাগীৰ পৰা মৰম পাইছিলো । এটা প্ৰবাদ আছে যে আপুনি গোটেই কাহিনী এটা পঢ়িবলৈ হ'লে পৃষ্ঠাবোৰ লুটিয়াব লাগিব । মই সেইটোৱেই কৰিম । মই আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছোঁ ।" তেওঁ কয় ।

শিখৰ ধৱনে লগতে কয়, "যিহেতু মই মোৰ কেৰিয়াৰক বিদায় জনাবলৈ আগবাঢ়িছোঁ, সেয়ে মই শান্ত । কাৰণ মই দেশৰ হৈ যথেষ্ট খেলিছো । মোক এই সুযোগ দিয়াৰ বাবে মই বি চি চি আই আৰু ডি ডি চি এৰ ওচৰত কৃতজ্ঞ । মই অনুৰাগীসকলৰ প্ৰতিও কৃতজ্ঞ, যিসকলে মোক ইমান বছৰ ধৰি ইমান মৰম দিছে ।"

উল্লেখ্য যে, ধৱনে অন্তিমবাৰৰ বাবে ২০২২ চনৰ ডিচেম্বৰত বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত ভাৰতৰ হৈ অংশগ্ৰহণ কৰিছিল । পৰৱৰ্তী সময়ত দলত তেওঁৰ স্থান দখল কৰে শুভমন গিলে ৷

টেষ্ট অভিষেকত দ্ৰুততম শতকৰ অভিলেখ

২০১০ চনৰ অক্টোবৰত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰৱেশ কৰা সত্ত্বেও কিন্তু শিখৰ ধৱনে বিশ্বক নিজৰ বেটিং দক্ষতা প্ৰদৰ্শন কৰিবলৈ ২০১৩ চনলৈ অপেক্ষা কৰিবলগা হৈছিল । মাৰ্চ মাহত মোহালিত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তেওঁৰ উজ্জ্বল টেষ্ট অভিষেকত তেওঁ ১৭৪ টা বলত ১৮৭ ৰাণৰ এটা দৰ্শনীয় ইনিংছ উপহাৰ দিছিল ।

তেওঁ এই ইনিংছটোৰে এগৰাকী বেটছমেন হিচাপে টেষ্ট অভিষেকত দ্ৰুততম শতকৰ অভিলেখ গঢ়িছিল । ধৱনৰ এই অভিলেখত উপনীত হোৱাটো যিকোনো খেলুৱৈৰ বাবে প্ৰায় অসম্ভৱ ।

চেম্পিয়নছ ট্ৰফীত গ'ল্ডেন বেট বঁটা

আনহাতে, ৰোহিত শৰ্মাৰ সৈতে ধৱনৰ অবিস্মৰণীয় অপেনিং যুটি চেম্পিয়নছ ট্ৰফীৰ সময়ত আৰম্ভ হৈছিল । তেওঁ এই টুৰ্ণামেণ্টত শীৰ্ষ ৰাণ সংগ্ৰহকাৰী হিচাপে আত্মপ্ৰকাশ কৰে আৰু গ'ল্ডেন বেট সন্মান অৰ্জন কৰাৰ লগতে 'প্লেয়াৰ অব দ্য টুৰ্ণামেণ্ট' হিচাপে মনোনীত হয় ।

শিখৰ ধৱনৰ শীৰ্ষ ৰেকৰ্ড

  • অভিষেকত দ্ৰুততম টেষ্ট শতক, 174 টা বলত 187
  • আই চি চি বিশ্বকাপ, 2015-ত ভাৰতৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী
  • 2013 চনত সৰ্বাধিক এদিনীয়া শতক
  • উইজডেন ক্ৰিকেটাৰ অব দ্য ইয়েৰ, 2014
  • টেষ্ট মেচৰ প্ৰথমদিনা মধ্যাহ্নভোজনৰ পূৰ্বে শতক অৰ্জন কৰা প্ৰথম ভাৰতীয় বেটছমেন
  • 1000 (যুটীয়া দ্ৰুততম), 2000 আৰু 3000 এদিনীয়া ৰাণ সংখ্যাত উপনীত হোৱা দ্ৰুততম ভাৰতীয় বেটছমেন
  • আই চি চি চেম্পিয়নছ ট্ৰফী, 2013 আৰু 2017 চনত সৰ্বাধিক ৰাণ
  • আই চি চি টুৰ্ণামেণ্টত 1000 ৰাণ সংখ্যাত উপনীত হোৱা দ্ৰুততম বেটছমেন
  • এছিয়া কাপ, 2018-ৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী
  • আই পি এল ইতিহাসত একেৰাহে দুটা শতক অৰ্জন কৰা প্ৰথম খেলুৱৈ
  • শিখৰ ধৱনে আই চি চি চেম্পিয়নছ ট্ৰফীত একেৰাহে দুবাৰকৈ গ'ল্ডেন বেট বঁটা লাভ কৰে । তেওঁ 2013 আৰু 2017 চনৰ টুৰ্ণামেণ্টত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে স্বীকৃত হয় ।
  • 2021 চনত ধৱনক ভাৰত চৰকাৰে ক্ৰিকেটত তেওঁৰ ব্যতিক্ৰমী সাফল্য আৰু অৱদানৰ চিন স্বৰূপে অৰ্জুন বঁটাৰে সন্মানিত কৰে ।
লগতে পঢ়ক :ইনষ্টাগ্ৰামত অৱসৰৰ ইংগিত কে এল ৰাহুলৰ ! অনুৰাগীৰ মাজত আৰম্ভ তীব্ৰ উৎকণ্ঠা - KL RAHUL RETIREMENT VIRAL POST
লগতে পঢ়ক :দ্বি-শতক হেৰুৱাই বাবৰ আজমলৈ ল’লে চোঁচা ! সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’ - PAK vs BAN

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.