নিউজ ডেস্ক, 26 মে’: সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি থকা দিনটো অৱশেষত আহি পালে । এম এ চিদাম্বৰম ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)ৰ মাজত অনুষ্ঠিত হৈছে আই পি এল 2024 ৰ ফাইনেল মেচ । এই খেল চাবলৈ কেকেআৰৰ গৰাকী তথা বলীউডৰ কিং শ্বাহৰুখ খান উপস্থিত হৈছে ষ্টেডিয়ামত ৷ তেওঁৰ দল কেকেআৰক সমৰ্থন কৰিবলৈ আহিছে কিং খান ।
ষ্টেডিয়ামত তেওঁক নিজৰ দলটোক সমৰ্থন কৰা দেখা গৈছে, তেওঁৰ লগতে কেকেআৰৰ সহঃ স্বত্বাধিকাৰী জুহি চাওলাকো ষ্টেণ্ডত দলটোক সমৰ্থন কৰা দেখা গৈছে ৷
পৰিয়ালসহ ষ্টেডিয়ামত কিং খান
কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)ৰ মাজত অনুষ্ঠিত হোৱা আই পি এল 2024 ৰ চূড়ান্ত খেলখন চাবলৈ পৰিয়ালৰ সৈতে চেন্নাইলৈ আহিছে বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান । তেওঁলোকৰ উপৰিও সুহানা খানৰ প্ৰিয় বান্ধৱী অভিনেত্ৰী অনন্যা পাণ্ডে আৰু শনয়া কাপুৰেও মেচ চাবলৈ এম এ চিদাম্বৰম ষ্টেডিয়ামত উপস্থিত হৈছে ৷ তাতেই অভিনেত্ৰী তথা কে কে আৰৰ কেকেআৰৰ সহঃ স্বত্বাধিকাৰী জুহি চাওলাকো নিজৰ দলৰ বাবে উল্লাস কৰা দেখা গৈছে ৷
মাস্ক পিন্ধি ষ্টেডিয়ামত বাদশ্বাহ
উল্লেখযোগ্য যে, যোৱা 21 মে’ত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হায়দৰাবাদ আৰু কলকাতাৰ মাজত অনুষ্ঠিত হোৱা খেলখনৰ পাচত শ্বাহৰুখ খানৰ স্বাস্থ্যৰ অৱনতি ঘটে, তাৰ পাচত তেওঁক আহমেদাবাদৰ কে ডি হাস্পতালত ভৰ্তি কৰোৱা হয় । চিকিৎসালয়ৰ পৰা সুস্থ হৈ মুম্বাইলৈ উভতি আহে কিং খান । শ্বাহৰুখৰ হিট ষ্ট্ৰ’কৰ বাবে ডিহাইড্ৰেচন হৈছিল । সেইবাবেই আজি তেওঁক মাস্ক ব্যৱহাৰ কৰা দেখা গ’ল । পত্নী গৌৰী খানো তেওঁৰ সৈতে উপস্থিত আছে ।