ETV Bharat / sports

জল্পনা-কল্পনাৰ অন্তত বিনেশলৈ স্বৰ্ণপদক প্ৰদান: উৎসাহিত অনুৰাগী - VINESH PHOGAT GOLD MEDAL

author img

By ETV Bharat Sports Team

Published : Aug 26, 2024, 3:59 PM IST

Sarv Khap Panchayat Gold Medal: অৱশেষত ভাৰতীয় মহিলা মল্লযোদ্ধা বিনেশ ফোগাটে লাভ কৰিলে স্বৰ্ণপদক ৷ কিন্তু খেলুৱৈগৰাকীক কোনে, কেতিয়া স্বৰ্ণপদক প্ৰদান কৰিলে, সেয়া চাওক এই প্ৰতিবেদনত ৷

VINESH PHOGAT GOLD MEDAL
বিনেশ ফোগাট (X account of Vinesh Phogat)

স্প’ৰ্টছ ডেস্ক, 26 আগষ্ট: পেৰিছ অলিম্পিক 2024 বিনেশ ফোগাটৰ বাবে এটা দুঃস্বপ্নতকৈ কোনো কম নহয় । 2024 চনৰ অলিম্পিকৰ ফাইনেলৰ পূৰ্বে বিনেশ ফোগাটক শৰীৰৰ 100 গ্ৰাম অতিৰিক্ত ওজনৰ বাবে অযোগ্য ঘোষণা কৰা হৈছিল । যি সিদ্ধান্তই সমগ্ৰ ভাৰতীয় লোকসকলক এক বৃহৎ আঘাত দিয়ে ।

ফাইনেলত উপনীত হোৱাৰ পিছত বিনেশ ফোগাটৰ পৰা সোণৰ পদক আশা কৰিছিল দেশবাসীয়ে ৷ পিছে খেলুৱৈগৰাকীক অযোগ্য ঘোষণা কৰাৰ পিছত তেওঁ সোণটো বাদেই বঞ্চিত হ’ল ৰূপৰ পদক লাভৰ পৰাও ৷ বিনেশে পেৰিছ অলিম্পিকত সোণ আৰু ৰূপৰ পদক লাভ কৰা নাছিল যদিও কিন্তু ভাৰতলৈ অহাৰ পিছত মল্লযোদ্ধাগৰাকীক প্ৰদান কৰা হৈছিল সোণৰ পদক ৷

বিশুদ্ধ সোণৰে প্ৰস্তুত কৰা স্বৰ্ণপদক

বিনেশ ফোগাটে 25 আগষ্টত উদযাপন কৰিছিল 30 বছৰীয়া জন্মদিন ৷ জন্মদিন উপলক্ষে ফোগাটক সৰ্ব খাপ পঞ্চায়তে প্ৰদান কৰিছিল সোণৰ পদক । হাৰিয়ানাৰ ৰোহতক জিলাৰ বিনেশ ফোগাটৰ সন্মানাৰ্থে আয়োজন কৰা হৈছিল এখন সভা । এই সভাত বিনেশক সৰ্ব খাপ পঞ্চায়তে সোণৰ পদক আৰু পাগুৰীৰে সন্মানিত কৰে । এক প্ৰতিবেদন অনুসৰি, এই সোণৰ পদক পঞ্চায়তে বিশুদ্ধ সোণৰ দ্বাৰা বিশেষভাৱে প্ৰস্তুত কৰি উলিয়াইছে ৷

খাপ পঞ্চায়তে ক’লে - ষড়যন্ত্ৰ হৈছিল

বিনেশে স্বৰ্ণপদক লাভ কৰাতো নিশ্চিত হোৱাৰ পিছত খেলুৱৈগৰাকীৰ সৈতে ষড়যন্ত্ৰ কৰিয়েই পদকটো কাঢ়ি নিয়া হৈছে বুলি সৰ্ব খাপ পঞ্চায়তে অভিযোগ উত্থাপন কৰিছিল ৷ বিনেশে খাপ পঞ্চায়তৰ পদক্ষেপক প্ৰশংসা কৰি কয় যে, কন্যাৰ সন্মানৰ বাবে তেওঁলোকৰ যুঁজ এতিয়াই আৰম্ভ হৈছে ৷ ভৱিষ্যতে এই অন্যায়ৰ বিৰুদ্ধে প্ৰকৃত সত্য তেওঁলোকেই পোহৰলৈ আনিব ৷

মই মানসিকভাৱে ভাগি পৰিছিলো

ভাৰতীয় মল্লযোদ্ধা বিনেশ ফোগাটে পঞ্চায়তত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কৈছিল যে, "নিশ্চিতভাৱে এইটো বিবেচনাধীন । কিয়নো, যিকোনো খেলুৱৈৰ বাবে খেল এৰি যোৱাটো ইমান সহজ নহয়" । বাতৰিৰ মাজতে খেলুৱৈগৰাকীয়ে কয়, "মল্লযুদ্ধ ত্যাগ কৰাটো মোৰ বাবে সহজ কাম নহয় । মোৰ সৈতে যি ঘটিছিল, তাৰ ফলত সেয়া মোৰ আৱেগিক সিদ্ধান্তৰ বৰ্হিপ্ৰকাশ ঘটিছিল ।

মোৰ মানসিক স্থিতি স্থিৰে নাই: বিনেশ ফোগাট

বিনেশে লগতে কৈছিল, "মোৰ শৰীৰটো ঠিকেই আছে কিন্তু মোৰ মানসিক স্থিতিক পেৰিছ অলিম্পিকত ঘটা ঘটনাটোৱে সম্পূৰ্ণকৈ জোকাৰি গৈছে । যিদিনা মই শান্তভাৱে বহি থাকো, নিজৰ সৈতে বহো, যাতে মই মোৰ ভৱিষ্যত নিৰ্ণয় কৰিব পাৰো"।

তেওঁ আৰু কৈছিল, "এই মুহূৰ্তত সকলোৱে মোক ইমান মৰম আৰু সন্মান যাচিছে, তেওঁলোকে ইয়াক কেনেদৰে প্ৰাপ্ত কৰিব লাগে নাজানে" ৷

লগতে পঢ়ক: বিনেশ ফোগাটৰ ওপজা দিনত খেলুৱৈগৰাকীৰ জীৱন যাত্ৰাৰ এক চমু আভাস - VINESH PHOGAT 30TH BIRTHDAY

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.