ETV Bharat / sports

শচীন তেণ্ডুলকাৰৰ বৃহৎ অভিলেখ ভংগ কৰিলে ৰোহিত শৰ্মাই, বিশ্ব ক্ৰিকেটত ঐতিহাসিক কৃতিত্ব অৰ্জন - ROHIT SHARMA RECORD

author img

By ETV Bharat Sports Team

Published : 2 hours ago

Rohit Sharma Record: বাংলাদেশৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টৰ চতুৰ্থ দিনত বাংলাদেশক 280 ৰাণত পৰাস্ত কৰি শৃংখলাত 1-0 ৰ অগ্ৰগতি লাভ কৰিছে ভাৰতে । সমান্তৰালকৈ ৰোহিত শৰ্মাৰ নামত স্থাপন হৈছে এক বৃহৎ অভিলেখ ৷

ROHIT SHARMA RECORD
ৰোহিত শৰ্মা (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 22 ছেপ্টেম্বৰ: বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট মেচৰ চতুৰ্থ দিনটোতে ভাৰতে 280 ৰাণত জয়লাভ কৰে । ভাৰতৰ জয়ত আৰ অশ্বিন, ৰবীন্দ্ৰ জাদেজা, শুভমন গিল আৰু ঋষভ পন্তে পালন কৰিছিল গুৰুত্বপূৰ্ণ ভূমিকা । অৱশ্যে চেন্নাই টেষ্টত অধিনায়ক ৰোহিত শৰ্মাই বেটিং বিক্ৰম প্ৰদৰ্শন কৰিব নোৱাৰিলেও যদিও ক্ৰিকেটাৰগৰাকীৰ নামত স্থাপন হৈছে এক বৃহৎ অভিলেখ ৷

শচীন তেণ্ডুলকাৰক অতিক্ৰম

টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মা বৰ্তমান আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক মেচত জয়ী হোৱা বিশ্বৰ চতুৰ্থজন খেলুৱৈ ৷ ৰোহিতে আনকি "ক্ৰিকেটৰ ভগৱান" শচীন তেণ্ডুলকাৰকো এইক্ষেত্ৰত অতিক্ৰম কৰে ৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক মেচত জয়ী হোৱা খেলুৱৈসকলৰ তালিকাৰ শীৰ্ষস্থানত আছে ৰিকী পণ্টিং । 377 খন আন্তঃৰাষ্ট্ৰীয় মেচত জয়লাভ কৰি পণ্টিঙে দখল কৰিছে তালিকাৰ শীৰ্ষস্থান ৷

আনহাতে, শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰ মাহেলা জয়ৱৰ্ধনে 336 খন আন্তঃৰাষ্ট্ৰীয় মেচত জয়ৰ সোৱাদ লৈ তালিকাৰ দ্বিতীয় স্থান অধিকাৰ কৰিছে ৷ ভাৰতৰ বিৰাট কোহলীয়ে 322 খন আৰু ৰোহিত শৰ্মাই 308 খন আন্তঃৰাষ্ট্ৰীয় মেচত জয়লাভ কৰিছে । আনহাতে, শচীন তেণ্ডুলকাৰে 307 খন আন্তঃৰাষ্ট্ৰীয় মেচত জয়লাভ কৰি এই অভিলেখ স্থাপন কৰিছিল ।

যিসকল খেলুৱৈ সৰ্বাধিক জয়ী হোৱা মেচৰ অংশ আছিল

377 : ৰিকী পণ্টিং

336 : মাহেলা জয়ৱৰ্ধনে

322 : বিৰাট কোহলী*

308 : ৰোহিত শৰ্মা*

307: শচীন তেণ্ডুলকাৰ

অশ্বিন মেন অৱ দ্য মেচ নিৰ্বাচিত

চেন্নাই টেষ্টৰ চতুৰ্থ দিনা ভাৰতে বাংলাদেশক 280 ৰাণত পৰাস্ত কৰি শৃংখলাত 1-0 ৰ অগ্ৰগতি লাভ কৰিছে । জয়ৰ বাবে 515 ৰাণৰ লক্ষ্য আগত লৈ বেটিং কৰা বাংলাদেশে দ্বিতীয় ইনিংছত আটাইকেইটা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে 234 ৰাণ ৷

বাংলাদেশৰ হৈ অধিনায়ক নাজমুল হাছান শান্তোৱে আগবঢ়াইছিল 82 ৰাণৰ অৱদান । ভাৰতৰ হৈ ৰবিচন্দ্ৰন অশ্বিনে 6 টা উইকেট দখল কৰাৰ বিপৰীতে ৰবীন্দ্ৰ জাদেজাই 3 টা উইকেট দখল কৰে । শৃংখলাটোৰ দ্বিতীয়খন মেচ 27 ছেপ্টেম্বৰৰ পৰা কানপুৰত অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক: চেন্নাই টেষ্টত ৰবিচন্দ্ৰন অশ্বিনে ভংগ কৰিলে শ্ৱেন ৱাৰ্ণৰ এই অভিলেখ... - R ASHWIN RECORD

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.