স্প’ৰ্টছ ডেস্ক: আৰ্থিক বিসংগতিৰ অভিযোগ উত্থাপনৰে নিৰ্বাচনৰ পূৰ্বে কঠোৰ প্ৰত্যাহ্বানৰ সৃষ্টি এগৰাকী সাংসদৰ ৷ পিছে এই ভুৱা অভিযোগে তেওঁক নিৰ্বাচনী বৈতৰণী পাৰ কৰাত কোনোধৰণৰ সহায় কৰা দেখা নগ’ল ৷ যাৰ বাবে অথলে গ’ল সাংসদগৰাকীৰ সকলো প্ৰচেষ্টা ৷
দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত অনুষ্ঠিত হৈছে দিল্লী ক্ৰিকেট সন্থাৰ সভাপতি পদৰ নিৰ্বাচন ৷ এই নিৰ্বাচনত জয়লাভ কৰিছে প্ৰাক্তন ৰাজনীতিক অৰুণ জেটলীৰ পুত্ৰ ৰোহন জেটলীয়ে ৷
মঙলবাৰে ঘোষণা কৰা দিল্লী আৰু জিলা ক্ৰিকেট সন্থাৰ সভাপতি হিচাপে পুনৰবাৰ নিৰ্বাচিত হোৱা ৰোহন জেটলীয়ে নিকটতম প্ৰতিদ্বন্দ্বীগৰাকীক প্ৰায় 800 ভোটৰ ব্যৱধানত পৰাস্ত কৰে । আনহাতে, ৰোহনৰ বিৰুদ্ধে বৃহৎ ব্যৱধানত পৰাজয়বৰণ কৰে আৰ্থিক বিসংগতিৰ অভিযোগ উত্থাপন কৰা তৃণমূল কংগ্ৰেছৰ সাংসদ কীৰ্তি আজাদে ৷
ৰোহন জেটলীৰ বিৰুদ্ধে পৰাজিত কীৰ্তি আজাদ
প্ৰাক্তন(প্ৰয়াত) কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলীৰ পুত্ৰ ৰোহনে 1577 টা ভোট লাভ কৰাৰ বিপৰীতে নিকটতম প্ৰতিদ্বন্দ্বী তথা সাংসদ কীৰ্তি আজাদে লাভ কৰে 777 টা ভোট ৷ জেটলী-চি কে খান্না গোটৰ সদস্যসকলে নিৰ্বাচনৰ আন সকলো গুৰুত্বপূৰ্ণ পদতে জয়লাভ কৰে ৷
Heartiest congratulations to my friend @rohanjaitley on his re-election as @delhi_cricket President! During his 1st tenure he introduced significant reforms & launched numerous innovative cricket programs.I’m confident his 2nd term will be even more impactful and transformative. pic.twitter.com/UVUHYMOMz6
— Ranjeet Kalra (@RanjeetKalra) December 16, 2024
উপাধ্যক্ষ পদৰ বাবে শিখা কুমাৰে 1246 টা ভোট লাভ কৰি ৰাকেশ কুমাৰ বনচাল(536) আৰু সুধীৰ কুমাৰ আগৰৱালা(498) ক পৰাস্ত কৰে ।
নিৰ্বাচনৰ ফলাফল এনেধৰণৰ
আৰম্ভণিতে সচিব পদৰ বাবে জেটলী গোটৰ অশোক শৰ্মা আৰু বিনোদ তিহাৰাৰ মাজত এক তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱা দেখা গৈছিল ৷ অৱশ্যে সময় আগবঢ়াৰ লগে লগে শৰ্মাই অগ্ৰগতি লাভৰে 893 টা ভোট লাভ কৰি বিজয়ী ঘোষিত হয় । আনহাতে, তিহাৰাই 744 টা ভোট লাভ কৰে ।
কোষাধ্যক্ষ পদৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা হৰিশ চিংলাই 1,328 টা ভোট লাভ কৰাৰ বিপৰীতে অমিত গ্ৰোভাৰে 1,189 টা ভোট লাভ কৰি যুটীয়া সচিব পদত নিৰ্বাচিত হয় ।
Rohan Jaitley re-elected as DDCA president pic.twitter.com/1bhcW40VuS
— IANS (@ians_india) December 17, 2024
ইয়াৰোপৰি পৰিচালক পদৰ বাবে আনন্দ বাৰ্মাই (985), মনজিৎ সিং (1050), নৱদীপ এম (1034), শ্যাম শৰ্মা (1165), তুষাৰ চেহগল (926), বিকাশ কাটিয়াল (1054) আৰু বিক্ৰম কোহলীয়ে (939) টা ভোট লাভ কৰি বিজয়ী ঘোষিত হয় ।
পুনৰ দিল্লী ক্ৰিকেট সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত ৰোহন জেটলী
পূৰ্বে 2020 চনৰ অক্টোবৰত ৰোহনৰ বিৰুদ্ধে মনোনয়ন দাখিল কৰা একমাত্ৰ প্ৰাৰ্থী সুনীল কুমাৰ গোৱেলে নিৰ্বাচনৰ পূৰ্বে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছিল ৷ যাৰ বাবে ৰোহন জেটলী সন্থাৰ সভাপতি হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছিল ।
লগতে পঢ়ক: 423 ৰাণৰ বৃহৎ ব্যৱধানৰে নিউজিলেণ্ডৰ বিৰুদ্ধে পৰাস্ত ইংলেণ্ড