ETV Bharat / sports

আপোনাৰ প্ৰিয় ক্ৰিকেটাৰগৰাকী আছেনে বিশ্বৰ সৰ্বাধিক ধনী ক্ৰিকেটাৰৰ তালিকাত... - RICHEST CRICKETER IN THE WORLD - RICHEST CRICKETER IN THE WORLD

Richest Cricketer: বি চি চি আই হৈছে বিশ্বৰ আটাইতকৈ ধনী ক্ৰিকেট ব’ৰ্ড। যাৰ পৰা কোটি কোটি টকা উপাৰ্জন কৰে ভাৰতীয় ক্ৰিকেটাৰসকলে । জানিবলৈ মন নাযায় নে পৃথিৱীৰ আটাইতকৈ ধনী ক্ৰিকেটাৰৰ তালিকাত আছে কোন কোন খেলুৱৈৰ নাম । পঢ়ক আমাৰ এই প্ৰতিবেদন ৷

Etv Bharat
Etv Bharat (Etv Bharat)
author img

By ETV Bharat Sports Team

Published : Sep 6, 2024, 7:48 PM IST

স্প’ৰ্টছ ডেস্ক, 6 ছেপ্টেম্বৰ: দিনক দিনে বাঢ়ি আহিছে ক্ৰিকেটৰ উন্মাদনা । ক্ৰিকেটাৰসকলৰ অনুৰাগী যিমান দ্ৰুতগতিত বৃদ্ধি পাইছে, তেওঁলোকৰ ব্ৰেণ্ড ভেল্যু আৰু উপাৰ্জনো সিমানে বৃদ্ধি পাইছে । আগতে যদিও ক্ৰিকেট খেলুৱৈসকলৰ উপাৰ্জন বিশেষ নাছিল, কিন্তু এতিয়া প্ৰায় সকলো ক্ৰিকেটাৰে কোটি কোটি টকা উপাৰ্জন কৰে ।

আনকি ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পাছতো ক্ৰিকেটাৰসকলৰ উপাৰ্জন হ্ৰাস নহয় । বিশেষকৈ ভাৰতীয় ক্ৰিকেটাৰসকলে বিদেশী ক্ৰিকেটাৰতকৈ অধিক উপাৰ্জন কৰে । শচীন তেণ্ডুলকাৰৰ পৰা বিৰাট কোহলীলৈকে এনে বহুতো ক্ৰিকেটাৰৰ ব্ৰেণ্ড ভেল্যু হাজাৰ হাজাৰ কোটি । আপুনি জানেনে কোনজন ভাৰতীয় ক্ৰিকেটাৰ আটাইতকৈ ধনী ?

ভাৰতৰ কোনগৰাকী ক্ৰিকেটাৰ সৰ্বাধিক ধনী ?

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডক বিশ্বৰ আটাইতকৈ ধনী ক্ৰিকেট ব’ৰ্ড হিচাপে গণ্য কৰা হয় । ভাৰতীয় ক্ৰিকেটাৰসকলক বি চি চি আইয়ে প্ৰতিখন খেলত বৃহৎ পৰিমাণৰ ধন পৰিশোধ কৰে, যি আন যিকোনো বিদেশী ক্ৰিকেট ব’ৰ্ডতকৈ অধিক ।

যেতিয়া প্ৰশ্নটো সোধা হয় যে, ভাৰতৰ কোনজন ক্ৰিকেটাৰ আটাইতকৈ ধনী, তেতিয়া শচীন তেণ্ডুলকাৰ, এম এছ ধোনী, ৰোহিত শৰ্মা বা বিৰাট কোহলীৰ নাম হয়তো আপোনাৰ মনলৈ প্ৰথমে আহে । কিন্তু তেওঁলোকৰ কোনেও ভাৰতৰ আটাইতকৈ ধনী ক্ৰিকেটাৰ নহয় ।

প্ৰকৃততে, আটাইতকৈ ধনী ভাৰতীয় ক্ৰিকেটাৰ হৈছে আৰ্যমান বিৰলা । তেওঁক কেৱল ভাৰতেই নহয় বিশ্বৰ আটাইতকৈ ধনী ক্ৰিকেটাৰ বুলি কোৱাটোও সম্ভৱতঃ ভুল নহ'ব । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, আৰ্যমান প্ৰায় 70 হাজাৰ কোটি টকাৰ গৰাকী ।

RICHEST CRICKETER IN THE WORLD
আৰ্যমান বিৰলা (IANS PHOTOS)

22 বছৰ বয়সত লৈছিল ক্ৰিকেটৰ পৰা বিৰতি

কুমাৰ মংগলম বিৰলা হৈছে ভাৰতৰ অন্যতম ধনী ব্যৱসায়ী । তেওঁৰ পুত্ৰ আৰ্যমানৰ জন্ম ইমান ডাঙৰ ব্যৱসায়িক পৰিয়ালত হ'ব পাৰে, কিন্তু সৰুৰে পৰা ক্ৰিকেটৰ প্ৰতি তেওঁৰ আছিল গভীৰ আকৰ্ষণ । মধ্য প্ৰদেশৰ হৈ ঘৰুৱা ক্ৰিকেট খেলা আৰ্যমান বিৰলাই 2019 চনৰ পিছত হঠাতে ক্ৰিকেটৰ পৰা বিৰতি লয় । আৰ্যমানে 22 বছৰ বয়সত এই বিৰতি গ্ৰহণ কৰে ।

আৰ্যমান বিৰলাৰ কেৰিয়াৰ

আৰ্যমান বিৰলাই 2017 চনৰ 25 নৱেম্বৰত মধ্যপ্ৰদেশৰ হৈ ৰঞ্জী ট্ৰফীত প্ৰথম শ্ৰেণীৰ খেলৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল । 2018 চনৰ নৱেম্বৰত তেওঁ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অৰ্জন কৰে প্ৰথমটো শতক ।

আই পি এল 2018-ৰ আগৰ নিলামত ৰাজস্থান ৰয়েলছে আৰ্যমানক তেওঁলোকৰ দলত অন্তৰ্ভুক্ত কৰিছিল । তেওঁ আই পি এলত খেলিবলৈ সুযোগ পোৱা নাছিল, যাৰ পিছত তেওঁ মানসিক স্বাস্থ্যৰ সমস্যাৰ কথা উল্লেখ কৰি 2019 চনত ক্ৰিকেটৰ পৰা বিৰতি লৈছিল । ইয়াৰ পিছত 2020 চনৰ আই পি এল নিলামৰ পূৰ্বে ৰাজস্থান ৰয়েলছৰ পৰা বাদ পৰিছিল খেলুৱৈগৰাকী ৷

লগতে পঢ়ক: সুদীৰ্ঘ 9 বছৰৰ পিছত প্ৰত্যাৱৰ্তন ৰাহুল দ্ৰাবিড়ৰ: পালন কৰিব গুৰু দায়িত্ব - IPL 2025

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.