ETV Bharat / sports

ট্ৰেভিছ হেডৰ দুৰ্দান্ত শতক, বাংগালুৰৰ সন্মুকত 288 ৰাণৰ বিশাল লক্ষ্য - IPL 2024 - IPL 2024

এম চিন্নস্বামী ষ্টেডিয়ামত ছান ৰাইজাৰ্ছ হায়দৰাবাদ দলে বাংগালুৰু দলক জয়ৰ বাবে বান্ধি দিছে 288 ৰাণৰ বিশাল লক্ষ্য ৷ ট্ৰেভিছ হেডে দুৰ্দান্ত বেটিঙেৰে মাত্ৰ 41 টা বলত 102 ৰাণ সংগ্ৰহ কৰে ৷

RCB VS SRH IPL 2024 LIVE
ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মুখামুখি ছান ৰাইজাৰ্ছ হায়দৰাবাদ
author img

By ETV Bharat Assamese Team

Published : Apr 15, 2024, 9:40 PM IST

স্পৰ্টছ ডেস্ক, 15 এপ্ৰিল : বাংগালুৰুত ছান ৰাইজাৰ্ছ হায়দৰাবাদৰ বেটিং ধুমুহা ৷ হায়দৰাবাদৰ বেটিং বিক্ৰমত অসহায় ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰু ৷ বাগালুৰুৰ বলাৰক নিৰ্দয় প্ৰহাৰ কৰি বিশাল লক্ষ্য বান্ধিলে হায়দৰাবাদে ৷

বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত আই পি এল 2024ৰ 30 সংখ্যক খেলখনত সোমবাৰে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মুখামুখি হৈছে ছান ৰাইজাৰ্ছ হায়দৰাবাদ ৷ প্ৰথমে বেটিং কৰি ছান ৰাইজাৰ্ছ হায়দৰাবাদ দলে বিস্ফোৰক বেটিঙেৰে বাগালুৰু দলক জয়ৰ বাবে বান্ধি দিছে 288 ৰাণৰ বিশাল লক্ষ্য ৷

  • " class="align-text-top noRightClick twitterSection" data="">

টছত জিকি বেংগালুৰু দলে বলিং কৰাৰ সিদ্ধান্ত লয় ৷ প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি ট্ৰেভিচ হেডৰ দুৰ্দান্ত শতকৰ সহায়ত হায়দৰবাদ দলে নিৰ্ধাৰিত 20 অভাৰত 3 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 287 ৰাণ ৷ ট্ৰেভিছ হেডে দুৰ্দান্ত বেটিঙেৰে মাত্ৰ 41 টা বলত 102 ৰাণ সংগ্ৰহ কৰে ৷ তেওঁৰ এই শতকত 8 টা 6 আৰু 9 টা চাৰি আছিল ৷ হেনৰিক ক্লাছেনে 31 টা বলত বিস্ফোৰক 67 ৰাণ সংগ্ৰহ কৰে ৷ অপেনাৰ অভিষেক শৰ্মাই 22 টা বলত সংগ্ৰহ কৰে 34 ৰাণ ৷ আব্দুল ছামাদে মাত্ৰ 10 টা বলতে 4 টা চাৰি আৰু 3 টা ছয়ৰে 37 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷ এইডেন মাৰক্ৰামে 17 টা বলত 2 টা চাৰি আৰু 2 টা ছয়ৰে 32 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷ বেংগালুৰুৰ হৈ ৰিচ টপলিয়ে 2 টা উইকেট দখল কৰাৰ বিপৰীতে লকী ফাৰ্গুছনে দখল কৰে 1 টা উইকেট ৷

উল্লেখ্য যে, আই পি এলৰ চলিত সংস্কৰণত এতিয়ালৈকে খেলা 6 খন মেচৰ 5 খনতে পৰাজয়ৰ সন্মুখীন হৈছে ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰু ৷ মাত্ৰ এখন মেচত জয়লাভেৰে 2 পইন্টেৰে তালিকাৰ শেষত অৱস্থান কৰিছে দলটোৱে ৷ আনহাতে এতিয়ালৈকে খেলা 5 খন মেচৰ 3 খনত জয়লাভেৰে ছান ৰাইজাৰ্ছ হায়দৰাবাদে 6 পইন্টেৰে তালিকাৰ চতুৰ্থ স্থানত অৱস্থান কৰিছে ৷

দুয়োটা দলে আই পি এলৰ 23 খন মেচত মুখামুখি হৈছে ৷ এই সময়ছোৱাত হায়দৰাবাদে 12 খন খেলত জয়লাভ কৰিছে ৷ আনহাতে আৰ চি বিয়ে 10 খন মেচত জয়লাভ কৰিছে ৷ অৱশ্যে যোৱা 5 খন মেচত আৰ চি বিয়ে আধিপত্য বিস্তাৰ কৰি 3 বাৰ হায়দৰাবাদক পৰাস্ত কৰিছে ৷

লগতে পঢ়ক : ৰোহিত শৰ্মাৰ শতক স্বত্বেও চেন্নাইৰ হাতত 20 ৰাণত পৰাস্ত মুম্বাই ইণ্ডিয়ানছ - IPL 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.