ETV Bharat / sports

অতিকৈ কঠিন সময়ত ধৰিছিল গুৰি; চীনৰ সৈতে সীমা বিবাদৰ পিছতে চম্ভালিছিল আই পি এলৰ দায়িত্ব

Ratan Tata: দেশৰ অন্যতম বিশিষ্ট উদ্যোগপতি তথা পদ্মবিভূষণ ৰতন টাটাই 86 বছৰ বয়সত মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰে ।

author img

By ETV Bharat Sports Team

Published : 2 hours ago

RATAN TATA PASSES AWAY
পদ্মবিভূষণ ৰতন টাটাৰ দেহাৱসান (ETV Bharat Assam)

স্প’ৰ্টছ ডেস্ক, 10 অক্টোবৰ: বুধবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে দেশৰ সৰ্ববৃহৎ দানবীৰ ৰতন নৱল টাটাই । নিশা প্ৰায় 11 বজাত মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে দেশৰ বিশিষ্ট উদ্যোগপতিগৰাকীয়ে ।

এই খবৰ শুনা মাত্ৰকে দেশবাসী মৰ্মাহত হৈ পৰে । ইতিমধ্যে দেশৰ ভিন্নক্ষেত্ৰৰ নামী-দামী তাৰকাৰ লগতে সাধাৰণ জনতাৰো অধিকাংশই সামাজিক মাধ্যমৰ জৰিয়তে নিজৰ দুখ প্ৰকাশ কৰিছে ।

এইগৰাকী বিশিষ্ট উদ্যোগপতিৰ নাম মনলৈ আহিলেই আৰু এটা নামে আমাৰ মনত দোলা দিয়ে ৷ সেয়া হৈছে ৰতন টাটাৰ পৃষ্ঠপোষকতাত জন্ম লাভ কৰা "টাটা গ্ৰুপ" ৷ টাটা গ্ৰুপৰ বিষয়ে আমি এই প্ৰতিবেদনত কিছু কথা প্ৰকাশ কৰিব বিচাৰিছো, যিটো কেৱল এজন প্ৰকৃত জাতীয়তাবাদীয়েহে কৰিব পাৰে ।

ৰতন নৱল টাটাই ভাৰতৰ বাবে বহুখিনি কামেই কৰিছে । ক্ৰীড়া ক্ষেত্ৰখনতো তেওঁৰ আছে বহু প্ৰশংসনীয় অৱদান ৷ আচলতে ক্ৰিকেট জগতৰ আটাইতকৈ ব্যয়বহুল লীগ আই পি এলত পূৰ্বতে চীনা কোম্পানী ভিভ’ই পৃষ্ঠপোষকতা কৰিছিল ৷ কিন্তু ভাৰত-চীনৰ সীমা সংঘৰ্ষৰ পিছত আই পি এলৰ পৃষ্ঠপোষকতা সন্দৰ্ভত ভাৰতীয় ক্ৰিকেট ব’ৰ্ড সন্মুখীন হ’বলগীয়া হৈছিল বহু সমালোচনাৰ ।

এই কঠিন সময়ত ৰতন টাটাৰ কোম্পানী "টাটা গ্ৰুপ" আগবাঢ়ি আহি আই পি এলৰ পৃষ্ঠপোষকতা কৰিবলৈ ল’লে ৷ তেতিয়াৰে পৰা 2028 চনলৈকে আই পি এলৰ পৃষ্ঠপোষকতাৰ দায়িত্বত ন্যস্ত আছে প্ৰয়াত ৰতন টাটা মালিকানাধীন টাটা গ্ৰুপ ৷ ইয়াৰোপৰি টাটা গ্ৰুপ হৈছে বিশ্বৰ সৰ্ববৃহৎ মহিলা প্ৰিমিয়াৰ লীগৰ টাইটেল স্প’নছৰ ।

বি চি চি আইৰ তথ্য অনুসৰি, 2024 চনৰ পৰা 2028 চনলৈ আই পি এলৰ টাইটেল স্প’নছৰৰ দায়িত্বত থাকিব টাটা গ্ৰুপ । ইয়াৰ পূৰ্বে টাটা গ্ৰুপে 2022 আৰু 2023 চনত আই পি এলৰ বাবে টাইটেল স্প’নছৰশ্বিপৰ অধিকাৰ লাভ কৰিছিল ।

বি চি চি আইয়ে টাটা গ্ৰুপক 2500 কোটি টকাৰ অভিলেখসংখ্যক মূল্যত টাইটেল স্প’নছৰশ্বিপৰ অধিকাৰ প্ৰদান কৰিছে । আই পি এল 2025 ৰ 18 সংখ্যক সংস্কৰণো থাকিব টাটা গ্ৰুপৰ অধীনত, যাৰ বাবে পৰৱৰ্তী আই পি এল চিজনক জনা যাব টাটা আই পি এল 2025 হিচাপে ৷

উল্লেখ্য যে, 1991 চনত টাটা গ্ৰুপৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হৈছিল সদ্যপ্ৰয়াত ৰতন টাটা । মহান ব্যক্তিগৰাকীৰ অধীনত টাটা গ্ৰুপে লাভ কৰে এক বেলেগ পৰ্যায় ৷ 2012 চনলৈকে তেওঁ টাটা গ্ৰুপৰ অধ্যক্ষৰ পদত ন্যস্ত আছিল ।

লগতে পঢ়ক: অসমহৈতিষী 'অসম বৈভৱ’ ৰতন টাটাক কেনেদৰে পাহৰিব অসমবাসীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.