ETV Bharat / sports

আজিৰে পৰা উত্তৰ প্ৰদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে অসমৰ ৰঞ্জী দল, দলত নাই ৰিয়ান পৰাগ - ranji tournament update

Assam vs UP Ranji Trophy: কানপুৰৰ গ্ৰীণ পাৰ্ক ষ্টেডিয়ামত আজিৰ পৰা অসম আৰু উত্তৰ প্ৰদেশৰ খেল । বতৰে বাধা দিয়াৰ সম্ভাৱনা । আঘাতৰ বাবে অসম দলৰ পৰা বাহিৰ ৰিয়ান পৰাগ । টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত ইউপি দলৰ ।

Assam vs UP Ranji Trophy
আজি উত্তৰ প্ৰদেশৰ বিৰুদ্ধে অসমৰ ৰঞ্জী দল
author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 12:44 PM IST

স্পৰ্টছ ডেস্ক,২ ফেব্ৰুৱাৰী : উত্তৰ প্ৰদেশৰ কানপুৰৰ ঐতিহাসিক গ্ৰীণ পাৰ্ক ষ্টেডিয়ামত আজিৰে পৰা অসম আৰু উত্তৰ প্ৰদেশৰ মাজত ৰঞ্জী ট্ৰফীৰ গুৰুত্বপূৰ্ণ খেল আৰম্ভ হ'ব । টছত ইউপি দলে জয়ী হৈ বেটিঙৰ সিদ্ধান্ত লৈছে । বৃহস্পতিবাৰে নিশাৰ পৰা কানপুৰৰ বতৰ সলনি হোৱাৰ বাবে প্ৰতিকূল বতৰে খেলখন ব্যাহত কৰিব পাৰে বুলি সন্দেহ কৰা হৈছে । শীত প্ৰৱাহ আৰম্ভ হৈছে আৰু বতৰ বিজ্ঞানীসকলে বৰষুণৰ আগজাননী দিছে ।

অৱশ্যে, বৃহস্পতিবাৰে পুৱাৰ পৰা উত্তৰ প্ৰদেশ আৰু অসমৰ খেলুৱৈসকলে খেলপথাৰত অনুশীলন কৰি থকা দেখা গৈছে । একে সময়তে খেলখনক লৈ ইউপিচিএয়ে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে । খেলখন ৫ ফেব্ৰুৱাৰীলৈ চলিব । খেলখনত সমীৰ ৰিজৱী, নীতিশ ৰাণা, প্ৰিয়ম গাৰ্গ, উত্তৰ প্ৰদেশৰ আৰ্যন জুয়েলকে ধৰি আন খেলুৱৈসকলৰ বেটিং আৰু বলিং দেখিবলৈ পোৱা যাব ।

ইউপিচিএ বিষয়াসকলে কয় যে মুম্বাইৰ বিৰুদ্ধে জয়লাভ কৰাৰ পিচত উত্তৰ প্ৰদেশৰ খেলুৱৈসকলৰ মনোবল বৃদ্ধি পাইছে । এনে পৰিস্থিতিত, উত্তৰ প্ৰদেশৰ খেলুৱৈসকলে তেওঁলোকৰ শক্তিশালী প্ৰদৰ্শন আগবঢ়াব । বিষয়াসকলে লগতে কয় যে ৰঞ্জী ট্ৰফীৰ জৰিয়তে উত্তৰ প্ৰদেশৰ খেলুৱৈসকলে এখন উন্নত মঞ্চ লাভ কৰিছে ।

ইফালে অসমৰ দলটোৰ বাবেও যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ হ'ব এইখন খেল । কিয়নো দুৰ্দান্ত ফৰ্মত থকা অসম দলৰ অধিনায়ক ৰিয়ান পৰাগ এইখন খেলত নাথাকিব । কান্ধৰ আঘাতৰ বাবে তেওঁ দলৰ পৰা বাহিৰ হৈছে । ইফালে ছত্তীশগড়, অন্ধ্ৰপ্ৰদেশ, বেংগলৰ বিৰুদ্ধে অসমৰ দলটোৱে পৰাজিত হৈছে । তেনেস্থলত দলটোৱে এইখন খেলত যিকোনো প্ৰকাৰে জয়ী হোৱাৰ বাবে যুঁজ দিব ।

উত্তৰ প্ৰদেশ দল : নীতিশ ৰাণা, আৰ্যন জুয়েল, প্ৰিয়ম গাৰ্গ, সমীৰ ৰিজৱী, আকাশদীপ নাথ, সমৰ্থ সিং, অংকিত ৰাজপুত, কৰণ শৰ্মা, ৰাজকুমাৰ যাদৱ, শিৱম শৰ্মা, শিৱ সিং, ছোৱেব চিদ্দিকী, অভিষেক গোস্বামী, আকুইব খান, অটল বিহাৰী ৰায়, ববি যাদৱ, জছমেৰ ধনকাৰ, বিনীত পানৱাৰ ।

অসম দল : ডেনিছ দাস, ঋষভ দাস, ৰাহুল হাজৰিকা, চাহিল জৈন, স্বৰূপম পূৰকায়স্থ, আকাশ সেন গুপ্তা, মুখতাৰ হুছেইন, সুমিত ঘাড়িগাওকাৰ, মৃন্ময় দত্ত, ৰাহুল সিং, পাৰভেজ মুছাৰফ, কুনাল শৰ্মা, শুভম মণ্ডক, অভিষেক ঠাকুৰ, ৰঞ্জিত মালী ।

লগতে পঢ়ক :ভাৰত বনাম ইংলেণ্ড; ২ উইকেট হেৰুৱাই ভাৰতৰ ১০৩ ৰাণ সংগ্ৰহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.