ETV Bharat / sports

সুদীৰ্ঘ 9 বছৰৰ পিছত প্ৰত্যাৱৰ্তন ৰাহুল দ্ৰাবিড়ৰ: পালন কৰিব গুৰু দায়িত্ব - IPL 2025

author img

By ETV Bharat Sports Team

Published : Sep 6, 2024, 7:22 PM IST

Rahul Dravid returns to IPL: প্ৰায় 9 বছৰৰ বিৰতিৰ পিছত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগলৈ উভতি আহিবলৈ সাজু হৈছে ভাৰতৰ প্ৰাক্তন প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় । আই পি এল 2025 ৰ পূৰ্বে এটা ফ্ৰেঞ্চাইজিয়ে দলৰ মুখ্য প্ৰশিক্ষক হিচাপে দ্ৰাবিড়ক দেখা যাব বুলি শুকুৰবাৰে ঘোষণা কৰে । কোনটো দলৰ সৈতে প্ৰাক্তন ভাৰতীয় প্ৰশিক্ষকগৰাকী চুক্তিবদ্ধ হৈছে, জানিবলৈ চাওক এই প্ৰতিবেদন ৷

IPL 2025
ৰাহুল দ্ৰাবিড় (AFP Photo)

স্প’ৰ্টছ ডেস্ক, 6 ছেপ্টেম্বৰ: সুদীৰ্ঘ 9 বছৰৰ বিৰতিৰ মূৰত আই পি এললৈ প্ৰত্যাৱৰ্তন কৰিব ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় ৷ আই পি এল 2025 ৰ পূৰ্বে ৰাজস্থান ৰয়েলছে দলৰ মুখ্য প্ৰশিক্ষক হিচাপে দ্ৰাবিড়ক দেখা যাব বুলি শুকুৰবাৰে ঘোষণা কৰে ৷

ৰাহুল দ্ৰাবিড় ৰাজস্থান ৰয়েলছৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্ত

ভাৰতক প্ৰতিনিধিত্ব কৰা অন্যতম শ্ৰেষ্ঠ বেটছমেন হিচাপে পৰিগণিত 51 বছৰীয়া দ্ৰাবিড়ে 2014 চনত ৰাজস্থান ৰয়েলছৰ সৈতে তেওঁৰ প্ৰশিক্ষণ কেৰিয়াৰ আৰম্ভণি কৰিছিল ৷ তেওঁ অধিনায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত দলটোৰ পৰামৰ্শদাতা হিচাপে ভূমিকা গ্ৰহণ কৰিছিল ।

তেতিয়াৰ পৰা দ্ৰাবিড় ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমী, ভাৰতীয় পুৰুষৰ অনুৰ্ধ-19 আৰু ৰাষ্ট্ৰীয় দলটোৰ সৈতে জড়িত হৈ আছে ৷ দ্ৰাবিড়ৰ কাৰ্যকালত তেওঁ ভাৰতক টেষ্ট, এদিনীয়া আৰু টি-20 ৰেংকিঙৰ শীৰ্ষ স্থানলৈ লৈ গৈছিল ৷ শেহতীয়াকৈ আই চি চি পুৰুষৰ টি-20 বিশ্বকাপৰ খিতাপ অৰ্জনকাৰী ভাৰতীয় দলৰ প্ৰশিক্ষকৰ ভূমিকাতো আছিল ৰাহুল দ্ৰাবিড় ।

ৰাজস্থান ৰয়েলছৰ প্ৰাক্তন অধিনায়ক তথা প্ৰশিক্ষকগৰাকীয়ে 2011 চনৰ পৰা 2015 চনলৈ ফ্ৰেঞ্চাইজিটোৰ সৈতে ক্ৰমাগতভাৱে 5 টা ছিজন অতিবাহিত কৰিছিল ৷ পুনৰ এবাৰ ৰাজস্থান ৰয়েলছৰ ক্ৰিকেট সঞ্চালক কুমাৰ ছাংগাকাৰাৰ সৈতে কাম কৰি ফ্ৰেঞ্চাইজিক দ্বিতীয়বাৰৰ বাবে ট্ৰফী জয়ত সহায় কৰিব দ্ৰাবিড়ে ।

9 বছৰৰ পিছত আই পি এললৈ প্ৰত্যাৱৰ্তন দ্ৰাবিড়ৰ

ৰাজস্থান ৰয়েলছৰ পৰিয়াললৈ দ্ৰাবিড়ক আদৰণি জনাই ৰয়েলছ স্প’ৰ্টছ গ্ৰুপৰ মুখ্য কাৰ্যবাহী বিষয়া জেক লুছ মেকক্ৰুমে কয়, "ৰাহুলক ফ্ৰেঞ্চাইজিত ঘূৰাই পাই আমি অত্যন্ত সুখী । তেওঁ ভাৰতীয় ক্ৰিকেটত অনা পৰিৱৰ্তনবোৰ তেওঁৰ প্ৰশিক্ষণ ক্ষমতাৰ প্ৰমাণ । ফ্ৰেঞ্চাইজিৰ সৈতে তেওঁৰ গভীৰ সম্পৰ্ক আছে । তেওঁৰ যুৱ আৰু অভিজ্ঞ প্ৰতিভা আৰু তেওঁ কৰা কামবোৰৰ পৰা সৰ্বশ্ৰেষ্ঠ আহৰণ কৰাৰ দক্ষতা আছে" ।

"ৰাহুলে কুমাৰ(ছাংগাকাৰা) আৰু দলৰ বাকীসকলৰ সৈতে কাম কৰা আৰম্ভ কৰিছে ৷ যিহেতু আমি এই ৰোমাঞ্চকৰ নতুন পৰ্যায়ৰ বাবে প্ৰস্তুতি চলাই আছো, য’ত আই পি এলৰ নিলাম একেবাৰে কাষ চাপিছে" মেকক্ৰুমে লগতে কয় ।

এই দলটো মোৰ ঘৰ: ৰাহুল দ্ৰাবিড়

ৰাজস্থান ৰয়েলছলৈ উভতি অহাৰ সন্দৰ্ভত মতামত ব্যক্ত কৰি ৰাহুল দ্ৰাবিড়ে কয়, "মই অতীতত বহু বছৰ ধৰি 'ঘৰ' বুলি কোৱা ফ্ৰেঞ্চাইজিলৈ উভতি আহি সুখী । বিশ্বকাপৰ পিছত মই অনুভৱ কৰোঁ যে এইটো মোৰ বাবে আন এটা প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ সঠিক সময় ৷ ৰাজস্থান ৰয়েলছ ইয়াৰ বাবে আটাইতকৈ উপযুক্ত স্থান" ।

"যোৱা কেইবছৰমানত ফ্ৰেঞ্চাইজিয়ে কৰা অগ্ৰগতিত মনোজ, জেক, কুমাৰ আৰু দলটোৰ যথেষ্ট পৰিশ্ৰম আৰু আলোচনা জড়িত হৈ আছে । আমাৰ ওচৰত থকা প্ৰতিভা আৰু সম্পদৰ সৈতে এই দলটোক পৰৱৰ্তী পৰ্যায়লৈ লৈ যোৱাটো আমাৰ বাবে এক সুবৰ্ণ সুযোগ আৰু মই ইয়াৰ বাবে অপেক্ষা কৰি আছো" ৷

লগতে পঢ়ক: ক্ৰিকেট এৰি ৰাজনীতিৰ পিটছত ভাগ্য পৰীক্ষা কৰা ৰথী-মহাৰথীসকল - CRICKETERS WHO TURNED POLITICIANS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.