ETV Bharat / sports

বি চি চি আয়ে ঘোষণা কৰা ২.৫ কোটি টকাৰ অতিৰিক্ত বোনাচ অগ্ৰাহ্য ৰাহুল দ্ৰাবিড়ৰ - RAHUL DRAVID PRIZE MONEY

Indian Cricket team Prize Money: ২০২৪ চনৰ টি-২০ বিশ্বকাপত চেম্পিয়ন হোৱাৰ পিচত বি চি চি আয়ে ভাৰতীয় দলটোৰ বাবে পুৰস্কাৰৰ ধন ঘোষণা কৰিছিল । এই পুৰস্কাৰৰ ধন বিতৰণৰ ক্ষেত্ৰত প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে গ্ৰহণ কৰা এই সিদ্ধান্তই অনুৰাগীৰ হৃদয় জয় কৰিলে । সম্পূৰ্ণ খবৰ পঢ়ক...

author img

By ETV Bharat Assamese Team

Published : Jul 10, 2024, 10:12 PM IST

Indian Cricket team Prize Money
২.৫ কোটি টকাৰ অতিৰিক্ত বোনাছ অগ্ৰাহ্য ৰাহুল দ্ৰাবিড় (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, ১০ জুলাই: ভাৰতীয় দলৰ প্ৰাক্তন প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় ভাৰতীয় অনুৰাগীৰ হৃদয়ত থাকে । তেওঁৰ উদাৰতা আৰু ব্যক্তিত্ব আন মানুহৰ তুলনাত একেবাৰে পৃথক । ৰাহুলে শেহতীয়াকৈ গ্ৰহণ কৰা এটা সিদ্ধান্তই পুনৰ তেওঁৰ অনুৰাগীৰ মাজত চৰ্চিত হৈছে, অনুৰাগীৰ হৃদয়ত তেওঁৰ সন্মান আৰু বৃদ্ধি কৰিছে ।

টি-২০ বিশ্বকাপ ২০২৪ৰ চেম্পিয়ন হোৱাৰ পাচত বি চি চি আয়ে ভাৰতীয় দলটোৰ বাবে পুৰস্কাৰৰ ধন ঘোষণা কৰিছিল । ১২৫ কোটি টকাৰ ধনৰাশি সকলো ভাৰতীয় খেলুৱৈৰ লগতে সকলো কৰ্মচাৰী, প্ৰশিক্ষক আৰু সহযোগী লোকৰ মাজত বিতৰণ কৰা হ’ব । এক প্ৰতিবেদন অনুসৰি সকলো ভাৰতীয় খেলুৱৈৰ লগতে মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়কো ৫ কোটি আৰু অন্যান্য প্ৰশিক্ষকক ২.৫ কোটি টকা লাভ কৰিব । কিন্তু, ভাৰতীয় প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে ২.৫ কোটি টকাৰ অতিৰিক্ত পুৰস্কাৰ ধন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে ।

লগতে পঢ়ক: বি চি চি আইৰ পুৰস্কাৰৰ ধনৰ পৰা প্ৰতিজন খেলুৱৈয়ে কিমান কোটিকৈ পাব ? কি পাব ৰিজাৰ্ভ খেলুৱৈয়ে ? - Indian Cricket team Prize Money

সকলো প্ৰশিক্ষক-কৰ্মচাৰীৰ দৰে তেওঁ ২.৫ কোটি টকাৰ বোনাচ লয় আৰু ক্ৰিকেট অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত তেওঁৰ এই কাৰ্যত প্ৰশংসা কৰে । বেটিং প্ৰশিক্ষক বিক্ৰম ৰাথোৰ, ফিল্ডিং প্ৰশিক্ষক টি দিলীপ আৰু বলিং প্ৰশিক্ষক পাৰস মহামব্ৰেকে ধৰি অন্যান্য সহায়ক-কৰ্মচাৰীয়ে ২.৫ কোটিকৈ নগদ ধন লাভ কৰিব লাগিছিল । ইফালে খেলুৱৈসকলৰ সমহাৰত মুখ্য প্ৰশিক্ষকক ৫ কোটি টকা দিয়াৰ পৰিকল্পনা আছিল, যিটো ৰাহুল দ্ৰাবিড়ে নাকচ কৰিছিল ।

বি চি চি আয়ে দিয়া ১২৫ কোটি টকাৰ ধন বাচনি সমিতিৰ পাঁচজন সদস্য - অধ্যক্ষ অজিত আগৰকাৰ, সলিল অংকোলা, সুব্ৰটো বেনাৰ্জী, শিৱ সুন্দৰ দাস আৰু এছ শৰথে ১ কোটি টকাকৈ লাভ কৰে । বঁটা ন্যায্য বিতৰণৰ বাবে দ্ৰাবিড়ে এই স্থিতি লোৱাটো প্ৰথম নহয় ।

লগতে পঢ়ক: টীম ইণ্ডিয়া বিজয় পেৰেড লাইভ আপডেট: ভাৰতীয় ক্ৰিকেট দলক ১২৫ কোটি টকাৰ পুৰস্কাৰ - Team India Victory Parade

২০১৮ চনত ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ বিজয়ী দলটোৰ জয়ৰ পিচত দ্ৰাবিড়েও একেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । মুখ্য প্ৰশিক্ষক হিচাপে থকা সময়ছোৱাত তেওঁ অতিৰিক্ত ধন ল’বলৈ অস্বীকাৰ কৰিছিল । প্ৰথম অৱস্থাত পৰিকল্পনা কৰা হৈছিল যে দ্ৰাবিড়ে ৫০ লাখ টকা পাব ৷ আনহাতে সহায়ক-কৰ্মচাৰীকে ধৰি আন সদস্যসকলে ২০ লাখ টকাকৈ পাব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.