ETV Bharat / sports

বিৰাট কোহলীৰ সমৰ্থনত স্থিতি স্পষ্ট মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ - T20 World Cup 2024

author img

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 10:33 AM IST

India VS South Africa T20 WC 2024 Final: ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে বিৰাট কোহলীৰ শেহতীয়া দুৰ্বল ফৰ্মৰ ওপৰত মন্তব্য প্ৰকাশ কৰে ৷ বিৰাটৰ দুৰ্বল ফৰ্মৰ কথা স্বীকাৰ কৰি দ্ৰাবিড়ে দলটোৰ সামগ্ৰিক শক্তিৰ ওপৰত বিশ্বাস বজাই ৰখা বুলি স্পষ্ট কৰে । বিষয় সন্দৰ্ভত মীনাক্ষী ৰাওৰ এক প্ৰতিবেদন-

T20 WORLD CUP 2024
বিৰাহ কোহলীক সমৰ্থন দ্ৰাবিড়ৰ (Etv Bharat)

স্প’ৰ্টছ ডেস্ক, 29 জুন: বাৰ্বাডোছৰ কেনিংটন অভেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি 20 বিশ্বকাপৰ চূড়ান্ত মেচত অৱতীৰ্ণ হ’বলৈ সম্পূৰ্ণৰূপে সাজু হৈছে ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলটো ৷ বহুচৰ্চিত ফাইনেলখনৰ পূৰ্বে দলটোৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে বিৰাট কোহলীৰ দুৰ্বল ফৰ্মৰ বিষয়ত মতপ্ৰকাশ কৰিছে ৷ দ্ৰাবিড়ে কোহলীক সমৰ্থন কৰি দলৰ সামগ্ৰিক শক্তিৰ ওপৰত বিশ্বাস ৰখা বুলি প্ৰকাশ কৰে ৷

বাৰ্বাডোছলৈ ৰাওনা হোৱাৰ পূৰ্বে গুয়ানাত এক সংবাদমেল সম্বোধন কৰি ৰাহুল দ্ৰাবিড়ে এই কথা স্পষ্ট কৰে ৷ ৰাহুলে কয় যে, দলৰ বাবে বিৰাট এগৰাকী গুৰুত্বপূৰ্ণ খেলুৱৈ ৷ বিৰাটে এক কঠিন পৰিস্থিতিৰ মাজেৰে আহি আজিৰ এই পৰ্যায় পাইছে ৷ তেওঁ দুৰ্বল ফৰ্মত ভূগি আছে যদিও অচিৰে আগৰ ফৰ্মলৈ উভতি আহি সন্তোষজনক প্ৰদৰ্শন দাঙি ধৰিব বুলি সংবাদমেলত ব্যক্ত কৰে ভাৰতৰ প্ৰশিক্ষকগৰাকীয়ে ৷

লগতে পঢ়ক: টি 20 বিশ্বকাপৰ ফাইনেলত আজি ভাৰত বনাম দক্ষিণ আফ্ৰিকা: গুৰুত্বপূৰ্ণ কিছু তথ্য - T20 World Cup 2024

বছৰ বছৰ ধৰি দৰ্শনীয় বেটিংক্ৰমৰে ভাৰতীয় দলত গুৰুত্বপূৰ্ণ স্থান দখল কৰি অহা বিৰাট কোহলীয়ে চলিত বিশ্বকাপত দুবাৰকৈ শূন্যত আউট হয় ৷ যাৰ বাবে খেলুৱৈগৰাকীক লৈ দৰ্শক তথা সমৰ্থকসকলৰ মাজত উদ্বেগ বৃদ্ধি পাইছে ৷ কিন্তু এই সকলো আওকাণ কৰি দ্ৰাবিড়ে ব্যক্তিগত প্ৰদৰ্শনৰ বিপৰীতে দলৰ সামগ্ৰিক প্ৰদৰ্শনৰ ওপৰত ফলাফল নিৰ্ভৰ কৰে বুলি সদৰী কৰে ৷

ক্ৰিকেট এক সামূহিক ক্ৰীড়া ৷ যদিও বিৰাটে শ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰিব পৰা নাই, কিন্তু বিৰাটক বাদ দি বাকী বহুকেইগৰাকী খেলুৱৈয়ে এই শৃংখলাত শ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰিছে ৷ এই দলটোৰ সৌন্দৰ্য হৈছে চাপত প্ৰদৰ্শন কৰাৰ সামৰ্থ - দ্ৰাবিড়ে লগতে কয় ।

ফাইনেলত অৱতীৰ্ণ হোৱাৰ পূৰ্বে দক্ষিণ আফ্ৰিকাৰ দলটোৰ প্ৰদৰ্শন সন্দৰ্ভতো দ্ৰাবিড়ে মতপ্ৰকাশ কৰে ৷ দ্ৰাবিড়ে কয় যে, দক্ষিণ আফ্ৰিকাৰ দ্বাৰা তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব ভাৰতীয় দলটো ৷ কিন্তু ভাৰতীয় দলটোৰ ওপৰত প্ৰশিক্ষকগৰাকীৰ সম্পূৰ্ণ আস্থা আৰু সমৰ্থন আছে ৷

লগতে পঢ়ক: টি-২০ বিশ্বকাপৰ ফাইনেলত বৰষুণৰ সম্ভাৱনা: খেল বাতিল হ’লে কোন হ’ব বিজয়ী ? - T20 World Cup 2024 final

ইফালে প্ৰতিকূল বতৰৰ সন্দৰ্ভত দ্ৰাবিড়ে কয় যে, বতৰৰ পৰিস্থিতি সকলোৰে নিয়ন্ত্ৰণৰ বাহিৰত ৷ বতৰৰ বাবে মেচ অনুষ্ঠিত নহ’লে যি ফলাফল ঘোষণা কৰা হ’ব, তাক মানি চলিবলৈ ভাৰতীয় ক্ৰিকেট দলটো মানসিকভাৱে সাজু ৷

এইবেলি ভাৰতে প্ৰথমবাৰৰ বাবে টি 20 বিশ্বকাপ জয় কৰাৰ লক্ষ্য বান্ধি ৰাখিছে ৷ কোহলীৰ প্ৰতি দ্ৰাবিড়ৰ সমৰ্থন আৰু অভিজ্ঞ তথা যুৱ খেলুৱৈৰে গঠিত ভাৰতীয় ক্ৰিকেট দলটোৱে বিশ্বকাপৰ চূড়ান্ত মেচখনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে ।

ফাইনেলখন সকলোৰে কঠোৰ পৰিশ্ৰমৰ এক ফলাফল । এই সৰ্বশ্ৰেষ্ঠ মুহূৰ্তটো উপভোগ কৰিব বিচৰা বুলি কৈ দ্ৰাবিড়ে সংবাদমেলৰ সামৰণি মাৰে ৷ লগতে অনুৰাগীসকলক দলটোক লৈ গৌৰৱান্বিত কৰাৰ সুযোগ দিবলৈ চেষ্টা কৰিব বুলিও দ্ৰাবিড়ে প্ৰকাশ কৰে ৷

ফাইনেললৈ মাত্ৰ কেইটামান ঘণ্টা বাকী থকা অৱস্থাত কোহলীয়ে ফৰ্ম পুনৰ উদ্ধাৰ কৰিব পাৰিবনে নাই, তাৰ ওপৰত অনুৰাগীয়ে চকু ৰাখিছে ৷ এটা কথা স্পষ্ট যে দ্ৰাবিড়ৰ নেতৃত্বত টীম ইণ্ডিয়াই চূড়ান্ত প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ সৰ্বতোপ্ৰকাৰে সাজু হৈছে ।

লগতে পঢ়ক: লক্ষ্য ফাইনেল : বাৰ্বাডোছত উপস্থিত ভাৰতীয় দল - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.