ETV Bharat / sports

বিনেশ ফোগাটৰ অযোগ্যতা বিষয়ত চিকিৎসা দলক সমৰ্থন পি টি ঊষাৰ - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Aug 12, 2024, 4:51 PM IST

Vinesh Phogat disqualification issue : ভাৰতীয় মহিলা মল্লযোদ্ধা বিনেশ ফোগাটৰ অযোগ্যতাৰ বিষয়ত এক ডাঙৰ বিবৃতি দিছে আই অ' এৰ সভাপতি পি টি ঊষাই । তেওঁ আই অ' এ চিকিৎসা দলৰ সমৰ্থনত এই বিবৃতি দিয়ে ।

Vinesh Phogat Disqualification Issue
বিনেশ ফোগাটক সান্ত্বনা পি টি ঊষাৰ (IANS Photo)

স্পৰ্টছ ডেস্ক, ১২ আগষ্ট : ভাৰতীয় অলিম্পিক সংস্থাৰ (আই অ' এ) সভাপতি পি টি ঊষাই বিনেশ ফোগাটৰ ঘটনা সন্দৰ্ভত চিকিৎসা দলৰ সমৰ্থনত থিয় দিছে । তেওঁ কয় যে আই অ' এৰ দ্বাৰা নিযুক্ত মুখ্য চিকিৎসা বিষয়া ডঃ দিনশ্ব পাৰ্দিৱালাক পেৰিছ অলিম্পিকত মহিলাৰ ৫০ কিলোগ্ৰাম চূড়ান্ত প্ৰতিযোগিতাৰ পৰা ভাৰতীয় মল্লযোদ্ধা বিনেশ ফোগাটক অযোগ্য ঘোষণা কৰাৰ বাবে দায়বদ্ধ কৰা উচিত নহয় । ইয়াৰ বিপৰীতে মল্লযোদ্ধাগৰাকীৰ প্ৰশিক্ষক আৰু সহায়ক কৰ্মচাৰীসকলে ইয়াৰ দায়িত্ব ল'ব লাগে বুলি তেওঁ উল্লেখ কৰে ।

দেওবাৰে জাৰি কৰা এক বিবৃতিত আই অ' এয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে কুস্তি, ভাৰোত্তোলন, বক্সিং আৰু জুডোৰ দৰে ক্ৰীড়াত ওজন ব্যৱস্থাপনা কেৱল প্ৰতিগৰাকী খেলুৱৈ আৰু তেওঁলোকৰ ব্যক্তিগত প্ৰশিক্ষণ দলৰ দায়িত্ব ।

ভাৰতীয় অলিম্পিক সংস্থাৰ সভাপতি পি টি ঊষাই স্পষ্ট কৰি দিয়ে, "কুস্তি, ভাৰোত্তোলন, বক্সিং আৰু জুডোৰ দৰে ক্ৰীড়াত খেলুৱৈসকলৰ ওজন ব্যৱস্থাপনাৰ দায়িত্ব প্ৰতিগৰাকী খেলুৱৈ আৰু তেওঁলোকৰ প্ৰশিক্ষকৰ; আই অ' এৰ দ্বাৰা নিযুক্ত মুখ্য চিকিৎসা বিষয়া ডঃ দিনশ্ব পাৰ্দিৱালা তথা তেওঁৰ দলৰ নহয় ।"

পি টি ঊষাই লগতে স্পষ্ট কৰি দিয়ে যে আই অ' এৰ দ্বাৰা নিযুক্ত মুখ্য চিকিৎসা বিষয়া ডাঃ দিনশ্ব পাৰ্দিৱালা আৰু তেওঁৰ দলক খেলৰ কেইমাহমান পূৰ্বে দলত অন্তৰ্ভুক্ত কৰা হৈছিল । তেওঁৰ প্ৰাথমিক ভূমিকা আছিল প্ৰতিযোগিতাৰ সময়ত আৰু পিচত খেলুৱৈসকলক তেওঁলোকৰ আৰোগ্য আৰু আঘাত ব্যৱস্থাপনাত সহায় কৰা । ইয়াৰ উপৰি আই অ' এৰ চিকিৎসা দলটো সেইসকল খেলুৱৈক সহায় কৰিবলৈহে নিয়োগ কৰা হৈছিল, যিসকলৰ নিজা পুষ্টিবিদ আৰু ফিজিঅ'থেৰাপিষ্টৰ দল নাছিল ।

"আই অ' এই কেইমাহমান পূৰ্বে এটা চিকিৎসা দল নিযুক্ত কৰিছিল । মুখ্যত এটা দল হিচাপে খেলুৱৈসকলক প্ৰতিযোগিতাৰ সময়ত আৰু পিচত তেওঁলোকৰ আৰোগ্য আৰু আঘাত ব্যৱস্থাপনাত সহায় কৰিবলৈ তেওঁলোকক নিযুক্ত কৰা হৈছিল । এই দলটো যিসকল খেলুৱৈৰ নিজা পুষ্টিবিদ আৰু ফিজিঅ'থেৰাপিষ্টৰ দল নাছিল, তেওঁলোকক সহায় কৰিবলৈও সৃষ্টি কৰা হৈছিল । আই অ' এ চিকিৎসা দল, বিশেষকৈ ডাঃ পাৰ্দিৱালাক যি ঘৃণাৰ দৃষ্টিৰে চোৱা হৈছে, সেয়া গ্ৰহণযোগ্য নহয় । এই ঘটনা গৰিহণাযোগ্য ।" পি টি ঊষাই কয় । তেওঁ লগতে আশা ব্যক্ত কৰে যে আই অ' এ চিকিৎসা দলৰ ওপৰত ৰায় প্ৰদান কৰাৰ যিকোনো সিদ্ধান্তত উপনীত হোৱাৰ পূৰ্বে সকলোৱে যেন সকলো তথ্য বিবেচনা কৰে ।

উল্লেখ্য যে ৫০ কিলোগ্ৰাম ওজনৰ কুস্তি শ্ৰেণীৰ সীমা অতিক্ৰম কৰাৰ পিচত চূড়ান্ত ৰাউণ্ডৰ পূৰ্বে অযোগ্য হোৱাৰ বাবে বিনেশে সোণৰ পদকৰ বাবে যুঁজ দিয়াৰ সুযোগ হেৰুৱায় । তেওঁ পিচত চি এ এছৰ ওচৰত অলিম্পিকত অযোগ্যতাৰ বিৰুদ্ধে আপীল কৰে আৰু ৫০ কিলোগ্ৰাম শাখাত যুটীয়াভাৱে ৰূপৰ পদক দাবী কৰে ।

লগতে পঢ়ক :১৩ আগষ্টতহে ঘোষণা হ'ব বিনেশৰ আবেদনৰ বহু প্ৰত্যাশিত সিদ্ধান্ত - Paris Olympics 2024
লগতে পঢ়ক :প্ৰেমৰ ডোলেৰ বান্ধ খাইছে নেকি মনু ভাকৰ আৰু নীৰজ চোপ্ৰা ? ছ'চিয়েল মিডিয়াত তীব্ৰ চৰ্চা - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.