ETV Bharat / sports

প্ৰ’ কাবাডী লীগৰ একাদশ সংস্কৰণ: 8 গৰাকী খেলুৱৈক এক কোটিৰো অধিক মূল্যত নিলামত ক্ৰয় - PKL 2024

PKL Season 11 Auction: প্ৰ’ কাবাডীৰ 11 সংখ্যক সংস্কৰণৰ বাবে আৰম্ভ হৈছে খেলুৱৈসকলৰ নিলাম প্ৰক্ৰিয়া ৷ এই প্ৰক্ৰিয়াৰ প্ৰথম দিনটোত খেলুৱৈ ক্ৰয়ৰ ক্ষেত্ৰত শচীন(2.15 কোটি টকা) আৰু মহম্মদৰেজা শাদলোই চিয়ানেহে(2.07 কোটি টকা) 2 কোটিৰ সীমা অতিক্ৰম কৰে । ইয়াৰ সৈতে নিলামৰ প্ৰথম দিনটোত মুঠ 20 জন খেলুৱৈক 12 টা ফ্ৰেঞ্চাইজি দলে ক্ৰয় কৰে ৷

author img

By ETV Bharat Assamese Team

Published : Aug 16, 2024, 1:45 PM IST

PKL 2024
15 আগষ্টত অনুষ্ঠিত নিলাম প্ৰক্ৰিয়া (ETV Bharat)

স্প’ৰ্টছ ডেস্ক, 16 আগষ্ট: 15 আগষ্টৰ পৰা মুম্বাইত আৰম্ভ হৈছে মাশাল স্প’ৰ্টছৰ দ্বাৰা আয়োজিত প্ৰ’ কাবাডী লীগ(পি কে এল) ৰ 11 সংখ্যক সংস্কৰণৰ বাবে খেলুৱৈ নিলামৰ প্ৰক্ৰিয়া ৷ এই নিলামৰ প্ৰথম দিনা শচীন আটাইতকৈ ব্যয়বহুল খেলুৱৈ বিক্ৰেতা হিচাপে পৰিচিত হয় ৷ 2024 চনত তেওঁক তামিল থালাইভাছে 2.15 কোটি টকাত ক্ৰয় কৰে ।

PKL 2024
এফ বি এম কাৰ্ড ব্যৱহাৰ (ETV Bharat)

ইফালে হাৰিয়ানা ষ্টীলাৰ্ছে ২.০৭ কোটি টকাত নিলামত ক্ৰয় কৰা মহম্মদৰেজা শাদলোই চিয়ানেহ আটাইতকৈ ব্যয়বহুল বিদেশী খেলুৱৈত পৰিগণিত হয় ৷ চিয়ানেহ এই নিলামত 2 কোটিতকৈ অধিক টকাত ক্ৰয় কৰা প্ৰথম বিদেশী খেলুৱৈ হৈ পৰিছে ।

মুঠ 20 জন খেলুৱৈক ক্ৰয় কৰে 12 টা ফ্ৰেঞ্চাইজি দলে ৷ এই প্ৰক্ৰিয়াৰ প্ৰথম দিনটোত 3 টা চূড়ান্ত নিবিদা মেচ(এফ বি এম) কাৰ্ড ব্যৱহাৰ কৰা হৈছিল । বেংগল ৱাৰিয়ৰ্ছ, তেলুগু টাইটানছ আৰু গুজৰাট জায়েণ্টছে ক্ৰমে মনিন্দৰ সিং, পৱন চেহৰাৱত আৰু সোমবীৰৰ বাবে এফ বি এম কাৰ্ড ব্যৱহাৰ কৰিছিল ।

প্ৰ’ কাবাডী লীগৰ তাৰকাসকলে ভংগ কৰে অভিলেখ

প্ৰ’ কাবাডী লীগৰ খেলুৱৈৰ নিলামৰ ইতিহাসত 10 মিলিয়ন ক্লাবত অভিলেখসংখ্যক খেলুৱৈ উপস্থিত থকা পৰিলক্ষিত হৈছিল ৷ শচীন, মহম্মদৰেজা শাদলোই চিয়ানেহ, গুমান সিং, পৱন চেহৰাৱত, ভাৰত, মনিন্দৰ সিং, আজিংক্য পাৱাৰ আৰু সুনীল কুমাৰ বৃহস্পতিবাৰৰ খেলুৱৈ নিলামত এক কোটি টকাৰ ক্লাবৰ অংশ আছিল ।

সুনীল কুমাৰক ইউ মুম্বাইয়ে 1.015 কোটি টকাত ক্ৰয় কৰিছিল আৰু তেওঁ বৰ্তমানলৈকে আটাইতকৈ ব্যয়বহুল ভাৰতীয় ডিফেণ্ডাৰ হৈ পৰিছিল । প্ৰ’ কাবাডী লীগৰ ইতিহাসত আটাইতকৈ বেছি ৰাইড পইণ্ট লাভ কৰা খেলুৱৈ পৰদীপ নাৰৱালক বেংগালুৰু বুলছে 70 লাখ টকাত ক্ৰয় কৰে ৷ আনহাতে, অভিজ্ঞ ডিফেণ্ডাৰ সুৰজিৎ সিঙক জয়পুৰ পিংক পেন্থাৰছে 60 লাখ টকাত ক্ৰয় কৰে বুলি জানিব পৰা গৈছে ।

মশাল স্প’ৰ্টছৰ হৈ বক্তব্য ৰাখি প্ৰ’ কাবাডী লীগৰ লীগ আয়ুক্ত অনুপম গোস্বামীয়ে কয়, "পি কে এলৰ 11 সংখ্যক সংস্কৰণৰ বাবে খেলুৱৈৰ নিলামত বহুতো অভিলেখ ভংগ হোৱা দেখি সঁচাকৈয়ে ৰোমাঞ্চিত হৈছো ৷ এইটো দেখি গৌৰৱান্বিত যে, আজি 8 জন খেলুৱৈয়ে 1 কোটিৰ সীমা অতিক্ৰম কৰিছে আৰু সুনীল এতিয়ালৈকে আটাইতকৈ ব্যয়বহুল ভাৰতীয় ডিফেণ্ডাৰ হৈ পৰিছে । দ্বিতীয় দিনাও আকৰ্ষণীয় ক্ৰয় অব্যাহত থাকিব আৰু আমি আগ্ৰহেৰে এই কাৰ্যৰ বাবে অপেক্ষা কৰি আছোঁ" ৷

বেংগালুৰু বুলছত যোগদান কৰাৰ বিষয়ে সোধাত পি কে এলৰ আটাইতকৈ সফল ৰাইডাৰ পৰদীপ নাৰৱালে কয়, "প্ৰ’ কাবাডী লীগত মোৰ যাত্ৰাত মই আৰম্ভ কৰা দলটোলৈ উভতি আহি সঁচাকৈয়ে ভাল লাগিছে । মই বুলছ দলৰ যুৱ খেলুৱৈসকলৰ সৈতে খেলিবলৈ বাট চাই আছোঁ । মই মোৰ কেৰিয়াৰত 1800 ৰেইড পইণ্ট অতিক্ৰম কৰিব পাৰিম বুলি আশা কৰোঁ" ৷

আনহাতে, 1.15 কোটি টকাত বেংগল ৱাৰিয়ৰ্ছলৈ উভতি অহা মনিন্দৰ সিঙে কয়, "মই উভতি আহি অত্যন্ত সুখী । মই যোৱা ছিজনতকৈও ভাল কৰিব বিচাৰো আৰু বেংগল ৱাৰিয়ৰ্ছ সদায় মোৰ বাবে ঘৰৰ দৰে আছিল । দলটো এটা পৰিয়ালৰ দৰে আৰু মই তেওঁলোকৰ সৈতে 6 বছৰ ধৰি খেলিছো, সেয়েহে মই ঘূৰি আহি বৰ সুখী" ।

লগতে পঢ়ক: কলকাতাৰ চিকিৎসকৰ ধৰ্ষণ-হত্যাৰ বিৰুদ্ধে সৰৱ ভাৰতীয় ক্ৰিকেটাৰ বুমৰাহ-আয়াৰ - TRAINEE DOCTOR RAPE MURDER CASE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.