নিউজ ডেস্ক, ৯ এপ্ৰিল: চণ্ডীগড়ৰ মুলনপুৰৰ মহাৰাজা যাদবেন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত পঞ্জাব কিংছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত আই পি এল ২০২৪ ৰ ২৩ সংখ্যক খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদে পঞ্জাব কিংছক ২ ৰানত পৰাস্ত কৰে । খেলখনে শেষ অভাৰতো অতি ৰোমাঞ্চকৰ আছিল । পঞ্জাৱক জয়ী হ’বলৈ শেষৰ ছটা বলৰ পৰা ২৯ ৰানৰ প্ৰয়োজন আছিল যদিও দলটোৱে মাত্ৰ ২৭ ৰানহে কৰিবলৈ সক্ষম হয় ৷
এই জয়ৰ পাছত হায়দৰাবাদ দলে ৫খন মেচত তিনিখন জয় আৰু দুখন পৰাজয়ৰ পাছত ৬ পইণ্টেৰে পঞ্চম স্থানত থকাৰ বিপৰীতে পাঁচখন মেচত পঞ্জাৱ কিংছৰ এয়া তৃতীয়টো পৰাজয় আৰু টেবুলৰ ষষ্ঠ স্থানত আছে ৷
এই পৰ্যন্ত দুয়োটা দলৰ মাজত মুঠ ২১খন আই পি এল মেচ অনুষ্ঠিত হৈছে । ইয়াৰ ভিতৰত হায়দৰাবাদে ১৪খন খেলত জয়লাভ কৰাৰ বিপৰীতে পঞ্জাবে মাত্ৰ ৭খন খেলত জয়লাভ কৰিছে । যদি আমি এই দুটা দলৰ মাজত খেলা যোৱা ৫ খন মেচৰ কথা কওঁ, তেন্তে ইয়াতো হায়দৰাবাদৰ আধিপত্য আছে ।
মঙলবাৰৰ খেলখনত টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে পঞ্জাব কিংছে । পঞ্জাবৰ আমন্ত্ৰণ ক্ৰমে বেটিং কৰিবলৈ অহা ছান ৰাইজাৰ্ছ হায়দৰাবাদে নিৰ্ধাৰিত ২০ অভাৰত ৯ টা উইকেট হেৰুৱাই মুঠ ১৮২ ৰাণ সংগ্ৰহ কৰে আৰু পঞ্জাবক জয়ৰ বাবে ১৮৩ ৰাণৰ লক্ষ্য বান্ধি দিয়ে ।
হায়দৰাবাদৰ অপেনাৰ ট্ৰেভিছ হেডে ২১ ৰাণ আৰু অভিষেক শৰ্মাই ১৬ ৰাণ কৰি পেভিলিয়নমুখী হয় । কোনো ৰাণ নকৰাকৈয়ে আউট হয় মাৰ্ক্ৰাম । নিতীশ ৰেড্ডীয়ে ৬৪ ৰাণ এক অনবদ্য ইনিংছ খেলে । তেওঁৰ ইনিংছটোত আছিল ৫ টা ছিক্সাৰ আৰু ৪ টা বাউণ্ডেৰী ।
- " class="align-text-top noRightClick twitterSection" data="">
একেদৰে ত্ৰিপাথীয়ে ১১, ক্লাছেনে ৯ ৰাণ কৰি আউট হয় । আব্দুল ছামাদে ২৫ ৰাণৰ বৰঙণি যোগায় । শ্বাহবাজ আহমেদেও ১৪ ৰাণ কৰি আউট হয় । পঞ্জাবৰ অৰ্শদ্বীপ সিঙে ২৯ ৰাণ দি ৪ টা উইকেট দখল কৰাৰ বিপৰীতে ছেম কুৰাণ আৰু হৰ্শল পেটেলে দুটাকৈ উইকেট দখল কৰে । ৰাবাডাই এটা উইকেট লাভ কৰে ।
১৮৩ ৰাণৰ লক্ষ্য আগত লৈ বেটিং আৰম্ভ কৰা পঞ্জাব কিংছ আৰম্ভণিতেই বেটিং বিপৰ্যয়ৰ সন্মুখীন হয় । মাত্ৰ ২০ ৰাণতে তিনিটাকৈ মূল্যবান উইকেট হেৰুৱাই দলটোৱে । শিখৰ ধাৱনে ১৪, বেয়াৰ্ষ্টই ০ আৰু প্ৰভসিমৰণ সিঙে ৪ ৰাণ কৰি পেভিলিয়নলৈ ওভতে । ছেম কুৰাণে ২৯ ৰাণৰ বৰঙণি যোগায় ।ছিকন্দৰ ৰাজা ২৮ ৰাণ আৰু জিতেশ শৰ্মাই ১৯ ৰাণ কৰি আউট হোৱাৰ পিচত শশাংক সিঙে ২৩ কৰি খেলি আছে । ১৬.৩ অভাৰত পঞ্জাবে ১২৫ ৰাণ সংগ্ৰহ কৰিছে ।
লগতে পঢ়ক: কলকাতাক ৭ উইকেটত পৰাস্ত চেন্নাই ছুপাৰ কিংছৰ - IPL 2024