স্পৰ্টছ ডেস্ক, 21 এপ্ৰিল : চণ্ডীগড়ৰ মুলনপুৰৰ মহাৰাজা যাদবেন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত দেওবাৰে পঞ্জাৱ কিংছ আৰু গুজৰাট টাইটানছৰ মাজত অনুষ্ঠিত হৈছে আই পি এল 2024ৰ 37 সংখ্যক মেচ ৷ চলিত সংস্কৰণত এতিয়ালৈকে খেলা 7 খন মেচত 3 খন জয়ৰে গুজৰাট টাইটানছ বৰ্তমান পইণ্ট তালিকাৰ অষ্টম স্থানত আছে ৷ একে সময়তে পঞ্জাব কিংছে 7 খন মেচত মাত্ৰ 2 খনত জয়ৰে পইন্ট তালিকাৰ নৱম স্থানত আছে ৷ পঞ্জাৱ কিংছ আৰু গুজৰাট টাইটানছৰ মাজত থকা অভিলেখৰ কথা ক’বলৈ গ’লে এই পৰ্যন্ত দুয়োটা দলৰ মাজত মুঠ 4 খন খেল অনুষ্ঠিত হৈছে ৷ এই সময়ছোৱাত দুয়োটা দলে দুবাৰকৈ জয়লাভ কৰিছে ৷ আজিৰ খেলখনত উজ্জ্বল প্ৰদৰ্শন কৰি পইণ্ট তালিকাত নিজৰ স্থান উন্নত কৰাৰ বাবে দুয়োটা দলে চকু ৰাখিব ৷ আজি দুয়োটা দলৰ মাজত কঠিন মেচ হোৱাৰ সম্ভাৱনা আছে ৷
- " class="align-text-top noRightClick twitterSection" data="">
ইতিমধ্যে টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লোৱা পঞ্জাৱ কিংছে জয়ৰ বাবে গুজৰাট টাইটানছক 143 ৰাণৰ লক্ষ্য বান্ধি দিছে ৷ প্ৰথমে বেটিং কৰি পঞ্জাৱ কিংছে নিৰ্ধাৰিত 20 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 142 ৰাণ ৷ গুজৰাটৰ নিয়ন্ত্ৰিত বলিঙত কিছু সময়ৰ বাবে বেটিং বিপৰ্যয়ৰ সন্মুখীন হয় যদিও দলটোৱে ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ দলটোৰ কেইবাজনো বেটছমেন দহকৰ ঘৰ স্পৰ্শ নকৰাকৈ পেভিলিয়নমুখী হয় ৷ দলৰ হৈ প্ৰভসিমৰন সিঙে সাৰ্বাধিক 35 ৰাণৰ বৰঙণি আগবঢ়ায় ৷ অধিনায়ক ছেম কাৰেণে 20 ৰাণৰ বৰঙণি আগবঢ়ায় ৰছিদ খানৰ বলত পেভিলিয়নমুখী হয় ৷ শেষৰ ফালে হৰপ্ৰীত ব্ৰাৰে গুজৰাটৰ বলাৰক প্ৰহাৰ কৰি 12 টা বলত 29 ৰাণ সংগ্ৰহ কৰি দলৰ স্থিতি কিছু মজবুট কৰে ৷ গুজৰাটৰ হৈ ৰবিশ্ৰীনিবাসন সাই কিশোৰে সাৰ্বাধিক 4 টা উইকেট দখল কৰে ৷ নূৰ আহমেদ আৰু মোহিত শৰ্মাই 2 টাকৈ উইকেট দখল কৰে ৷ ৰছিদ খানে দখল কৰে 1টা উইকেট ৷
পঞ্জাৱ কিংছৰ মূল একাদশ-
ছেম কাৰেণ (অধিনায়ক), প্ৰভসিমৰন সিং, ৰিলী ৰছৌ, লিয়াম লিভিংষ্টন, শশাংক সিং, জিতেশ শৰ্মা (উইকেট কীপাৰ), আশুতোষ শৰ্মা, হৰপ্ৰীত ব্ৰাৰ, হৰ্ষাল পেটেল, কাগিছ’ ৰাবাদা, অৰ্শদীপ সিং ৷
গুজৰাট টাইটানছৰ মূল একাদশ-
ঋদ্ধিমান সাহা (উইকেট কীপাৰ), শুভমন গীল (অধিনায়ক), ডেভিদ মিলাৰ, আজমতুল্লাহ ওমৰাজা, শ্বাহৰুখ খান, ৰাহুল তেৱাটিয়া, ৰছিদ খান, ৰবিশ্ৰীনিবাসন সাই কিশোৰ, নূৰ আহমেদ, সন্দীপ ৱাৰিয়ৰ, মোহিত শৰ্মা ৷
লগতে পঢ়ক : আৰচিবি বনাম কেকেআৰ: ১ ৰাণত পৰাস্ত বেংগালুৰু - IPL 2024