ETV Bharat / sports

বিশ্বমুখী যাত্ৰা অসমকন্যাৰ: পাঞ্জা প্ৰতিযোগিতাত সোণৰ পদক লাভ

Parismita gogoi wins gold: অষ্টম এছিয়ান আৰ্ম-ৰেষ্টলিং চেম্পিয়নশ্বিপ সম্পন্ন ৷ আমগুৰিৰ যুৱতীৰ সোণৰ পদক লাভ ৷

PANJA COMPETITION HELD IN MUMBAI
অষ্টম এছিয়ান আৰ্ম-ৰেষ্টলিং চেম্পিয়নশ্বিপ শীৰ্ষক পাঞ্জা প্ৰতিযোগিতা (ETV Bharat Assam)
author img

By ETV Bharat Sports Team

Published : 2 hours ago

Updated : 45 minutes ago

স্প’ৰ্টছ ডেস্ক: পাঞ্জা খেলেৰে বিশ্বজয়ৰ বাবে আগবাঢ়িছে আমগুৰিৰ এগৰাকী কিশোৰী । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মুম্বাইত অনুষ্ঠিত অষ্টম এছিয়ান আৰ্ম-ৰেষ্টলিং চেম্পিয়নশ্বিপ শীৰ্ষক পাঞ্জা প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াইছে কিশোৰীগৰাকীয়ে ।

24 অক্টোবৰত শিৱসাগৰ জিলাৰ আমগুৰিৰ অভয়পুৰীয়া গাঁ‌ৱৰ দিগন্ত গগৈৰ কন্যা পৰিস্মিতা গগৈয়ে মুম্বাইত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা পাঞ্জা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ৷ সৰুৰে পৰা খেলৰ প্ৰতি অত্যন্ত ৰাপ থকা পৰিস্মিতাই শিক্ষা গ্ৰহণৰ সমান্তৰালকৈ পাঞ্জা খেলত মনোনিৱেশ কৰিছিল ৷

পৰিস্মিতাৰ সাফল্য (ETV Bharat Assam)

কিশোৰীগৰাকীয়ে যোৰহাটত পাঞ্জাৰ অনুশীলন কৰাৰ লগতে শেহতীয়াকৈ আমগুৰিৰ এটা জিমত কৰিছিল শাৰীৰিক অনুশীলন ৷ এই অভ্যাসৰ বাবেই পাঞ্জা প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ পৰিস্মিতাৰ এই সাফল্যত আমগুৰিবাসী উৎফুল্লিত হৈ পৰিছে ৷

যাৰ বাবে স্থানীয় লোকসকলে কিশোৰীগৰাকীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এক অনুষ্ঠানৰ আয়োজন কৰে ৷ অনুৰাগ ৰাজোৱাৰে আঁত ধৰা এক অনুষ্ঠানত পৰিস্মিতাক এখনি ফুলাম গামোচা, জাপি আৰু সম্বৰ্ধনা পত্ৰৰে অভিনন্দন জনোৱা হয় ।

চলিত বৰ্ষৰ মহাৰাষ্ট্ৰৰ নাগপুৰ আৰু গুৱাহাটীত অনুষ্ঠিত হোৱা পাঞ্জা প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰিছিল পৰিস্মিতা গগৈয়ে । আমগুৰিৰ অভয়পুৰীয়া জাপিসজীয়াৰ ৰাইজে পৰিস্মিতাৰ সফলতাত উৎসাহ যোগোৱাৰ উদ্দেশ্যে ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ৷

সম্বৰ্ধনা লাভৰ অন্তত পৰিস্মিতাই কয়,"মই প্ৰথমে আৰ্ম-ৰেষ্টলিং প্ৰতিযোগিতাৰ বাবে গুৱাহাটীত অংশগ্ৰহণ কৰিছিলো ৷ তাত মই ৰূপৰ পদক লাভ কৰি মুম্বাইলৈ নিৰ্বাচিত হওঁ ৷ মুম্বাইত মই সোণৰ পদক লাভ কৰিবলৈ সক্ষম হওঁ ৷ ভৱিষ্যতে মই আৰু বহু কষ্ট কৰিব লাগিব ৷ মই মোৰ প্ৰশিক্ষকসকলক ধন্যবাদ জ্ঞাপন কৰিছো" ৷

লগতে পঢ়ক: 13 বছৰ‌ৰ অনুৰ্ধ চাব জুনিয়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিণ্টন প্ৰতিযোগিতাৰ সফল সামৰণি

Last Updated : 45 minutes ago
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.