ETV Bharat / sports

গ্ৰেট বৃটেইনৰ খেলুৱৈক পৰাস্ত কৰি নীতেশ কুমাৰৰ স্বৰ্ণপদক অৰ্জন - PARIS PARALYMPICS 2024

author img

By ETV Bharat Sports Team

Published : Sep 2, 2024, 5:34 PM IST

Updated : Sep 2, 2024, 7:34 PM IST

Nitesh Kumar: ভাৰতীয় পেৰা-শ্বাটলাৰ নীতেশ কুমাৰে সোমবাৰে চলিত পেৰিছ পেৰালিম্পিক গেমছ 2024 ত পুৰুষৰ একক এছ এল ৩ ইভেণ্টত সোণৰ পদক জয় কৰে ।

PARIS PARALYMPICS 2024
নীতেশ কুমাৰ (ANI PHOTOS)

স্প’ৰ্টছ ডেস্ক, 2 ছেপ্টেম্বৰ: সোমবাৰৰ দিনটোত পেৰিছ পেৰালিম্পিকৰ পৰা ভাৰতলৈ আহিছে ক্ৰমাগত তৃতীয়টো পদক ৷ এই পদক অৰ্জন কৰিছে শ্বাটলাৰ নীতেশ কুমাৰে ৷ গ্ৰেট বৃটেইনৰ প্ৰতিদ্বন্দ্বীক হৰুৱাই নিতেশে অৰ্জন কৰে সোণৰ পদক ৷ পেৰিছ পেৰালিম্পিক গেমছৰ পুৰুষৰ একক শাখাৰ এছ এল 3 ইভেণ্টত খেলুৱৈগৰাকীয়ে আগবঢ়াইছিল প্ৰতিদ্বন্দ্বিতা ৷

নীতেশে গ্ৰেট ব্ৰিটেইনৰ ডেনিয়েল বেথেলক 2-1 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে । ইয়াৰ সৈতে ভাৰতে পেৰিছ পেৰালিম্পিকত অৰ্জন কৰে দ্বিতীয়টো সোণৰ পদক ৷ কিছুদিন পূৰ্বে দেশৰ হৈ শ্বুটিঙত প্ৰথমটো সোণৰ পদক অৰ্জন কৰিছিল অৱনী লেখাৰাই ৷

গ্ৰেট বৃটেইনৰ ডেনিয়েল বেথেলক পৰাস্ত কৰি স্বৰ্ণ জয় নীতেশৰ

ভাৰতৰ নীতেশ কুমাৰে গ্ৰেট বৃটেইনৰ ডেনিয়েল বেথেলক 2-1 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে । 29 বছৰীয়া নীতেশে প্ৰথম ছেটটো 21-14 ত জিকিছিল যদিও দ্বিতীয় ছেটটো 18-21 ত হেৰুৱায় । অৱশ্যে নীতেশে তৃতীয় ছেটটোত দৰ্শনীয় প্ৰত্যাৱৰ্তন ঘটাই 23-21 জয় কৰি অৰ্জন কৰে সোণৰ পদক ৷ এছ এল 3 ইভেণ্টত খেলুৱৈসকলে শৰীৰৰ নিম্নাংশৰ অক্ষমতাৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হয় ৷

পেৰালিম্পিকত স্বৰ্ণ জয় কৰা দ্বিতীয়গৰাকী শ্বাটলাৰ

নীতেশ কুমাৰ বিশ্বৰ এক নম্বৰ স্থানৰ খেলুৱৈ ৷ সোমবাৰে জয় কৰা স্বৰ্ণপদকৰ সৈতে তেওঁ পেৰালিম্পিকত স্বৰ্ণ জয় কৰা দ্বিতীয়গৰাকী বেডমিণ্টন খেলুৱৈত পৰিণত হয় । ইয়াৰ পূৰ্বে, প্ৰমোদ ভগতে ভাৰতৰ হৈ টকিঅ' পেৰালিম্পিকত বেডমিণ্টনত স্বৰ্ণ জয় কৰিছিল ।

পেৰিছত ভাৰতৰ পদক বিজয়ীৰ তালিকা

  • অৱনী লেখাৰা - সোণ
  • মোনা আগৰৱালা - ব্ৰঞ্জ
  • প্ৰীতি পাল - ব্ৰঞ্জ
  • মনীষ নাৰৱাল - ৰূপ
  • ৰুবানি ফ্ৰান্সিছ - ব্ৰঞ্জ
  • নিশাদ কুমাৰ - ৰূপ
  • প্ৰীতি পাল - ব্ৰঞ্জ
  • যোগেশ কাথুনিয়া - ৰূপ
  • নীতেশ কুমাৰ- সোণ

লগতে পঢ়ক: সোমবাৰৰ দিনটোত আৰু এটা পদক: যোগেশ কাথুনিয়াই ডিচকাছ থ্ৰ’ত জিকিলে ৰূপ - PARIS PARALYMPICS 2024

Last Updated : Sep 2, 2024, 7:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.