ETV Bharat / sports

পেৰিছ পেৰালিম্পিকত হাই জাম্পত নিশাদৰ ৰূপ: 7 টালৈ বৃদ্ধি ভাৰতৰ পদকৰ সংখ্যা - PARIS PARALYMPICS 2024

author img

By ETV Bharat Sports Team

Published : Sep 2, 2024, 12:50 PM IST

Nishad Kumar clinches silver: পেৰিছ পেৰালিম্পিকত পুৰুষৰ হাই জাম্প টি-47 ইভেণ্টত ভাৰতৰ নিশাদ কুমাৰে জয় কৰিছে ৰূপৰ পদক । নিশাদৰ ৰূপৰ লগে লগে ভাৰতৰ পদকৰ সংখ্যা 7 টালৈ বৃদ্ধি হৈছে । পঢ়ক সম্পূৰ্ণ খবৰ...

PARIS PARALYMPICS 2024
নিশাদ কুমাৰ (ANI file photo)

স্প’ৰ্টছ ডেস্ক, 2 ছেপ্টেম্বৰ: অব্যাহত আছে পেৰিছ গ্ৰীষ্মকালীন পেৰালিম্পিক গেমছত ভাৰতৰ জয়যাত্ৰা ৷ পেৰিছত ভাৰতৰ পদক লাভৰ সংখ্যা বৃদ্ধি হৈছে 7 টালৈ ৷ পুৰুষৰ হাই জাম্প টি-47 ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰিছে নিশাদ কুমাৰে ।

এই ইভেণ্টত নিশাদৰ সৰ্বাধিক জাম্প আছিল 2.04 মিটাৰ, যিটো তেওঁৰ ছিজনৰ সৰ্বশ্ৰেষ্ঠ জাম্প বুলি গণ্য কৰা হৈছে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোডেৰিক টাউনচেণ্ডে সৰ্বাধিক 2.12 মিটাৰ জাম্পৰ সৈতে জয় কৰিছে সোণৰ পদক ৷ আনহাতে, নিৰপেক্ষ পেৰালিম্পিক খেলুৱৈসকলক প্ৰতিনিধিত্ব কৰা জৰ্জি মাৰ্জিয়েভে 2.00 মিটাৰ জাম্পৰে জয় কৰে ব্ৰঞ্জৰ পদক ৷

নিশাদে তিনি বছৰ পূৰ্বে টকিঅ’ পেৰালিম্পিকত জিকিছিল ৰূপৰ পদক ৷ টকিঅ’ত খেলুৱৈগৰাকীয়ে 2.06 মিটাৰ জঁপিয়াইছিল । কিলাকুটি বা তলৰ মণিবন্ধত আঘাতপ্ৰাপ্ত নাইবা কোনো শাৰিৰীক অক্ষমতা থকা খেলুৱৈসকলৰ বাবেহে টি- ৪৭ ইভেণ্ট অনুষ্ঠিত কৰা হয় ।

দিনটোৰ আৰম্ভণিতে প্ৰীতি পালে ইতিহাস সৃষ্টি কৰাৰ পিছত নিশাদ কুমাৰেও এই প্ৰতিযোগিতাত পদক অৰ্জন কৰিবলৈ সক্ষম হয় ৷ দেওবাৰৰ দিনটোত পেৰালিম্পিকত দুটাকৈ পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা ট্ৰেক এণ্ড ফিল্ড এথলীটত পৰিণত হৈছিল প্ৰীতি ।

200 মিটাৰ টি 35 শ্ৰেণীত প্ৰীতিয়ে 30.01 ছেকেণ্ডত ব্যক্তিগত শ্ৰেষ্ঠ সময়ৰ সৈতে জয় কৰিছিল ব্ৰঞ্জৰ পদক ৷ 23 বছৰীয়া যুৱতীগৰাকীয়ে একেটা পেৰালিম্পিকত দুটা ব্ৰঞ্জৰ পদক অৰ্জন কৰা দ্বিতীয়গৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয় । তিনি বছৰ পূৰ্বে শ্বুটাৰ অৱনী লেখাৰাই টকিঅ’ পেৰালিম্পিকত স্বৰ্ণ আৰু ব্ৰঞ্জৰ পদক জিকি অভিলেখ স্থাপন কৰিছিল ৷

লগতে পঢ়ক: পেৰিছ পেৰালিম্পিক 2024: শ্বুটিঙত ভাৰতৰ হৈ মনীষ নৰৱালৰ ৰূপৰ পদক অৰ্জন - PARIS PARALYMPICS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.