ETV Bharat / sports

পেৰালিম্পিকত ভাৰত: ইতিহাস, আত্মপ্ৰকাশ, ট্ৰেক-ৰেকৰ্ড আৰু পদক বিজয়ীৰ তালিকা - PARIS PARALYMPICS 2024

author img

By ETV Bharat Sports Team

Published : Aug 22, 2024, 2:21 PM IST

সদ্যসমাপ্ত পেৰিছ অলিম্পিকত ভাৰতীয় খেলুৱৈসকলৰ হতাশাজনক প্ৰদৰ্শনৰ পিছত ক্ৰীড়াপ্ৰেমীৰ দৃষ্টি আৱদ্ধ থাকিব পেৰিছত অনুষ্ঠিত হ’বলগীয়া পেৰালিম্পিকত ৷ ইতিমধ্যে ভাৰতৰ পেৰা-এথলীটসকলে 28 আগষ্টৰ পৰা অনুষ্ঠিত হ’বলগীয়া পেৰিছ পেৰালিম্পিক 2024 ত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে । এই ক্ৰীড়া প্ৰতিযোগিতাৰ পৰা ভাৰতে কমেও 25 টা পদক অৰ্জনৰ লক্ষ্য আগত ৰাখিছে ।

PARIS PARALYMPICS 2024
পেৰিছ পেৰালিম্পিক 2024 ৰ বাবে ভাৰতীয় দল (ANI)

স্প’ৰ্টছ ডেস্ক, 22 আগষ্ট: বহু উত্থান-পতনৰ লগতে গুৰুত্বপূৰ্ণ অভিলেখৰ সাক্ষী হৈ ৰোৱা পেৰিছ অলিম্পিক 2024 ৰ পিছত 28 আগষ্টৰ পৰা আৰম্ভ হ’ব পেৰিছ পেৰালিম্পিক 2024 ৷ এই ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সাজু হৈ উঠিছে তাৰকা এথলীটৰে পূৰ্ণ ভাৰতীয় দলটো ৷ দলটোৱে বিশেষভাৱে সক্ষম খেলুৱৈসকলৰ বাবে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে । প্ৰেমৰ চহৰ পেৰিছৰো আকাশে-বতাহে গুঞ্জৰিত হৈছে পেৰালিম্পিকৰ ধ্বনি ৷

পেৰিছ অলিম্পিক ভাৰতীয় খেলুৱৈসকলৰ বাবে বিশেষ চমকপ্ৰদ নাছিল ৷ কিয়নো ভাৰতৰ এগৰাকী খেলুৱৈও লাভ কৰিবলৈ সক্ষম হোৱা নাছিল স্বৰ্ণপদক ৷ তদুপৰি প্ৰায় ছয়গৰাকী খেলুৱৈয়ে অতি কম ব্যৱধানত পদক লাভৰ পৰা বঞ্চিত হৈছিল আৰু এগৰাকী খেলুৱৈ ফাইনেলত অংশগ্ৰহণৰ বাবে অযোগ্য বিবেচিত হৈছিল ৷ ভাৰতৰ পদকৰ সংখ্যা দুটা অংকত অতিক্ৰম কৰাৰ লক্ষ্য সপোন হিচাপে ৰৈ গৈছিল ৷ কিয়নো দলটোৱে পাঁচটা ব্ৰঞ্জ আৰু এটা ৰূপসহ মাত্ৰ ছয়টা পদক লাভ কৰি ঘৰলৈ উভতি আহিছিল ৷

ইতিমধ্যে পেৰিছ পেৰালিম্পিকৰ বাবে ভাৰতে 32 গৰাকী মহিলাসহ মুঠ 84 জনীয়া দলটোৰ নাম ঘোষণা কৰিছে ৷ দলটোৱে 12 টা ক্ৰীড়া ইভেণ্টত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৷ তদুপৰি এইবেলি ইয়াত যোগ দিয়া হৈছে পেৰা-চাইক্লিং, পেৰা-ৰোয়িং আৰু অন্ধ জুডোৰ দৰে খেলসমূহো ৷

পেৰালিম্পিকত ভাৰতৰ আত্মপ্ৰকাশ:

পেৰালিম্পিকত ভাৰতৰ যাত্ৰা 1968 চনৰ গেমছত আৰম্ভ হৈছিল । অৱশ্যে 1976 আৰু 1980 সংস্কৰণত অংশগ্ৰহণৰ পৰা বিৰত আছিল ভাৰত ৷ ভাৰতে 1968 চনত ইজৰাইলৰ তেল আভিভত পেৰালিম্পিকত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন আগবঢ়াইছিল । ভাৰতীয় দলৰ অংশ হিচাপে মুঠ 10 জন খেলুৱৈক এই ক্ৰীড়া প্ৰতিযোগিতালৈ প্ৰেৰণ কৰা হৈছিল, যাৰ ভিতৰত আছিল আঠজন পুৰুষ আৰু দুগৰাকী মহিলা । অৱশ্যে ভাৰতে পদক অবিহনে স্বদেশলৈ উভতি আহিছিল ৷ কিন্তু বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়ামঞ্চত ভাৰতৰ পেৰা-এথলীটসকলৰ বাবে আছিল এয়া প্ৰথম বাস্তৱ অভিজ্ঞতা ।

ভাৰতৰ ট্ৰেক ৰেকৰ্ড:

পেৰালিম্পিকৰ দৰে প্ৰতিযোগিতাত অংশগ্ৰহণৰ চাৰি বছৰ পিছত জাৰ্মানীত অনুষ্ঠিত হাইডেলবাৰ্গ গেমছত ভাৰতে পেৰালিম্পিকত প্ৰথম পদক লাভ কৰে । পেৰা-সাঁতোৰবিদ মুৰলীকান্ত পেটকাৰে 50 মিটাৰ ফ্ৰী-ষ্টাইল সাঁতোৰ প্ৰতিযোগিতাত 37.331 ছেকেণ্ডত লক্ষ্যত উপনীত হৈ সোণৰ পদক অৰ্জন কৰাৰ লগতে স্থাপন কৰে বিশ্ব অভিলেখ ৷ শেহতীয়াকৈ, কাৰ্তিক আৰিয়ান অভিনীত বলীউডৰ ছবি "চন্দু চেম্পিয়ন" পেটকাৰৰ পেৰালিম্পিক চেম্পিয়ন হোৱাৰ যি যাত্ৰা, তাৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে ।

এইটোৱেই আছিল একমাত্ৰ পদক, যিয়ে তেওঁলোকক 42 খন অংশগ্ৰহণকাৰী দেশৰ পৰা সামগ্ৰিক পদক তালিকাত 24 তম স্থানত উপনীত হোৱাত সহায় কৰিছিল । 1972 চনত ভাৰতে প্ৰথম স্বৰ্ণ জয় কৰাৰ পিছত, 1976 আৰু 1980 গেমছত অংশগ্ৰহণ কৰা নাছিল ৷ পৰৱৰ্তী সময়ত ভাৰতে 1984 চনৰ পেৰালিম্পিক গেমছত অংশগ্ৰহণ কৰে ৷ 1984 চনত যোগিন্দৰ সিং বেদীয়ে তিনিটা পৃথক ইভেণ্টত তিনিটা পদক অৰ্জন কৰি ইতিহাস সৃষ্টি কৰিছিল ।

অৱশ্যে, বেদীৰ বীৰত্বৰ পিছত ভাৰতীয় খেলুৱৈসকলে 2004 চনত এথেন্স পেৰালিম্পিকলৈকে জয় কৰিবলৈ সক্ষম হোৱা নাছিল কোনো পদক ৷ এথেন্স পেৰালিম্পিকত পুৰুষৰ জেভলিন এফ 44/46 ত দেৱেন্দ্ৰ ঝাঝাৰিয়াই স্বৰ্ণ জয় কৰে আৰু ৰজিন্দৰ সিং ৰাহেলুৱে 2004 চনৰ এথেন্স গেমছত ভাৰোত্তোলনৰ 56 কিল’গ্ৰাম শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে ।

2016 চনৰ ৰিঅ’ পেৰালিম্পিকত ভাৰতে লাভ কৰে চাৰিটাকৈ পদক ৷ যাৰ ভিতৰত আছিল প্ৰথম মহিলা পেৰালিম্পিক পদক বিজয়ী দীপা মালিক, যি এফ 53 শ্বটপুট ইভেণ্টত অৰ্জন কৰিছিল ৰূপৰ পদক ।

2020 চনত টকিঅ’ পেৰালিম্পিকত ভাৰতে আগবঢ়াইছিল সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন ৷ য’ত ভাৰতীয় খেলুৱৈসকলে লাভ কৰিছিল পাঁচটাকৈ সোণৰ পদক, আঠটা ৰূপৰ পদক আৰু ছয়টা ব্ৰঞ্জৰ পদকৰ সৈতে মুঠ 19 টা পদক ৷

লক্ষণীয়ভাৱে টকিঅ’ পেৰালিম্পিকত ভাৰতে সৰ্ববৃহৎ দল প্ৰেৰণ কৰাও দেখা গৈছিল, য’ত আছিল 54 গৰাকী খেলুৱৈ ৷

বিভিন্ন সংস্কৰণত ভাৰতৰ পদক লাভৰ সংখ্যা হৈছে এনেধৰণৰ:

ক্ৰমিক নংসংস্কৰণস্বৰ্ণৰূপব্ৰঞ্জমুঠ
11972 হাইডেলবাৰ্গ1--1
21984 গ্ৰেট বৃটেইন/আমেৰিকা যুক্তৰাজ্য-224
32004 এথেন্স1-12
42012 লণ্ডন-1-1
52016 ৰিঅ’ ডি জেনেৰিঅ’2114
62020 টকিঅ’58619

পেৰালিম্পিকত পদক বিজয়ী ভাৰতীয়সকলৰ সম্পূৰ্ণ তালিকা:

ক্ৰমিক নংনামপদকসংস্কৰণখেলইভেণ্ট
1মুৰলীকান্ত পেটকাৰস্বৰ্ণ1972 হাইডেলবাৰ্গসাঁতোৰপুৰুষৰ 50 মিটাৰ ফ্ৰী-ষ্টাইল 3
2ভীমৰাও কেশৰকাৰৰূপ1984 গ্ৰেট বৃটেইন/আমেৰিকা যুক্তৰাজ্যএথলেটিকছপুৰুষৰ জেভলিন থ্ৰ’
3যোগিন্দৰ সিং বেদীৰূপ1984 গ্ৰেট বৃটেইন/আমেৰিকা যুক্তৰাজ্যএথলেটিকছপুৰুষৰ শ্বট পুট
4যোগিন্দৰ সিং বেদীব্ৰঞ্জ1984 গ্ৰেট বৃটেইন/আমেৰিকা যুক্তৰাজ্যএথলেটিকছপুৰুষৰ জেভলিন থ্ৰ’
5যোগিন্দৰ সিং বেদীব্ৰঞ্জ1984 গ্ৰেট বৃটেইন/আমেৰিকা যুক্তৰাজ্যএথলেটিকছপুৰুষৰ ডিচকাচ থ্ৰ’
6দেৱেন্দ্ৰ ঝাঝাৰিয়াস্বৰ্ণ2004 এথেন্সএথলেটিকছপুৰুষৰ জেভলিন থ্ৰ’
7ৰাজিন্দৰ সিং ৰাহেলুব্ৰঞ্জ2004 এথেন্সভাৰোত্তোলনপুৰুষৰ 56 কিল’গ্ৰাম
8গিৰিচা নাগাৰাজেগৌড়াৰূপ2012 লণ্ডনপেৰা এথলেটিকছপুৰুষৰ হাই জাম্প
9মাৰিয়াপ্পান থাংগেভেলুস্বৰ্ণ2016 ৰিঅ’ ডি জেনেৰিঅ’পেৰা এথলেটিকছপুৰুষৰ হাই জাম্প
10দেৱেন্দ্ৰ ঝাঝাৰিয়াস্বৰ্ণ2016 ৰিঅ’ ডি জেনেৰিঅ’পেৰা এথলেটিকছপুৰুষৰ জেভলিন থ্ৰ’
11দীপা মালিকৰূপ2016 ৰিঅ’ ডি জেনেৰিঅ’পেৰা এথলেটিকছমহিলাৰ শ্বটপুট
12বৰুণ সিং ভাটিব্ৰঞ্জ2016 ৰিঅ’ ডি জেনেৰিঅ’পেৰা এথলেটিকছপুৰুষৰ হাই জাম্প
13ভাবিনা পেটেলৰূপ2020 টকিঅ’ পেৰা টেবল টেনিছমহিলাৰ একক টেবুল টেনিছ শ্ৰেণী 4
14নিশাদ কুমাৰৰূপ2020 টকিঅ’ পেৰা এথলেটিকছপুৰুষৰ হাই জাম্প টি 47
15অৱনী লেখাৰাস্বৰ্ণ2020 টকিঅ’ পেৰা শ্বুটিংমহিলাৰ 10 মিটাৰ এয়াৰ ৰাইফল শ্বুটিং ষ্টেণ্ডিং এছ এইচ 1
16দেৱেন্দ্ৰ ঝাঝাৰিয়াৰূপ2020 টকিঅ’ পেৰা এথলেটিকছপুৰুষৰ জেভলিন থ্ৰ’ এফ 46
17সুন্দৰ সিং গুৰ্জাৰব্ৰঞ্জ2020 টকিঅ’ পেৰা এথলেটিকছপুৰুষৰ জেভলিন থ্ৰ’ এফ 46
18যোগেশ কাথুনিয়াৰূপ2020 টকিঅ’ পেৰা এথলেটিকছপুৰুষৰ ডিচকাচ থ্ৰ’ এফ 56
19সুমিত এণ্টিলস্বৰ্ণ2020 টকিঅ’ পেৰা এথলেটিকছপুৰুষৰ জেভলিন থ্ৰ’ এফ 64
20সিংৰাজ আধানাব্ৰঞ্জ2020 টকিঅ’ পেৰা শ্বুটিংপুৰুষৰ 10 মিটাৰ এয়াৰ পিষ্টল শ্বুটিং এছ এইচ 1
21মাৰিয়াপ্পান থাংগেভেলুৰূপ2020 টকিঅ’ পেৰা এথলেটিকছপুৰুষৰ হাই জাম্প টি 42
22শৰদ কুমাৰব্ৰঞ্জ2020 টকিঅ’ পেৰা এথলেটিকছপুৰুষৰ হাই জাম্প টি 42
23প্ৰবীণ কুমাৰৰূপ2020 টকিঅ’ পেৰা এথলেটিকছপুৰুষৰ হাই জাম্প টি 64
24অৱনী লেখাৰাব্ৰঞ্জ2020 টকিঅ’ পেৰা শ্বুটিংমহিলাৰ 50 মিটাৰ ৰাইফল 3 অৱস্থান এছ এইচ 1
25হৰবিন্দৰ সিংব্ৰঞ্জ2020 টকিঅ’ পেৰা আৰ্চাৰীপুৰুষৰ ব্যক্তিগত ৰিকাৰ্ভ - মুকলি ধনুৰ্বিদ্যা
26মনীষ নাৰৱালস্বৰ্ণ2020 টকিঅ’ শ্বুটিংপুৰুষৰ 50 মিটাৰ পিষ্টল এছ এইচ 1
27সিংৰাজ আধানাৰূপ2020 টকিঅ’ শ্বুটিংপুৰুষৰ 50 মিটাৰ পিষ্টল এছ এইচ 1
28প্ৰমোদ ভগতস্বৰ্ণ2020 টকিঅ’ পেৰা বেডমিণ্টনপুৰুষৰ একক বেডমিণ্টন এছ এল 3
29মনোজ সৰকাৰব্ৰঞ্জ2020 টকিঅ’ পেৰা বেডমিণ্টনপুৰুষৰ একক বেডমিণ্টন এছ এল 3
30সুহাস যথিৰাজৰূপ2020 টকিঅ’ পেৰা বেডমিণ্টনপুৰুষৰ একক বেডমিণ্টন এছ এল 4
31কৃষ্ণ নগৰস্বৰ্ণ2020 টকিঅ’ পেৰা বেডমিণ্টনপুৰুষৰ একক বেডমিণ্টন এছ এইচ 6

লগত পঢ়ক: পেৰালিম্পিকত গ্ৰীষ্মকালীন অলিম্পিকৰ পদক জয়ৰ অভিলেখ ভংগৰ সম্ভাৱনা ভাৰতৰ - PARIS PARALYMPICS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.