ETV Bharat / sports

শক্তিশালী প্ৰদৰ্শনেও পদক দিব নোৱাৰিলে নিশান্তক - Paris Olympics 2024

author img

By ANI

Published : Aug 4, 2024, 10:11 AM IST

Paris Olympics 2024: ভাৰতবাসীৰ আশা ভংগ । সামান্য ব্যৱধানৰ বাবে নিশান্ত দেৱ পদক লাভৰ পৰা বঞ্চিত হয় । মেক্সিকান বক্সাৰ মাৰ্কো ভাৰ্ডেৰ হাতত পৰাস্ত ভাৰতীয় খেলুৱৈগৰাকী ।

Paris Olympics 2024
শক্তিশালী প্ৰদৰ্শনেও পদক দিব নোৱাৰিলে নিশান্তক (AP Photo)

স্পৰ্টছ ডেস্ক, ৪ আগষ্ট : পেৰিছ অলিম্পিকত পুনৰ এবাৰ ভাৰতীয় খেলুৱৈয়ে নিৰাশ কৰিলে দেশৰ ক্ৰীড়াপ্ৰেমীক । শক্তিশালী প্ৰদৰ্শন কৰিও পদক লাভ কৰিব নোৱাৰিলে ভাৰতীয় বক্সাৰ নিশান্ত দেৱে । পুৰুষৰ ৭১ কিলোগ্ৰাম ইভেণ্টৰ কোৱাৰ্টাৰ ফাইনেলত মেক্সিকোৰ বক্সাৰৰ হাতত পৰাস্ত হয় ।

নিশান্তই মেক্সিকোৰ মাৰ্কো ভাৰ্ডেৰ বিৰুদ্ধে প্ৰথম ৰাউণ্ডত আধিপত্য বিস্তাৰ কৰিছিল । কিন্তু মেক্সিকান বক্সাৰজনে খেলখন নিজৰ সুবিধা হোৱাকৈ প্ৰস্তুত কৰি লৈছিল আৰু অৱশেষত পদক নিশ্চিত কৰিবলৈ সক্ষম হয় ।

পদকৰ আশা ভংগ :

প্ৰথম ৰাউণ্ডত নিশান্তে আক্ৰমণাত্মক আৰম্ভণি কৰিছিল আৰু মেক্সিকান বক্সাৰজন সমস্যাত পৰিছিল । তেওঁৰ আক্ৰমণাত্মক দৃষ্টিভংগীৰ বাবে তেওঁ ৰাউণ্ডটো দখল কৰিছিল । ৪ গৰাকী বিচাৰকেও নিশান্তৰ পক্ষ লৈছিল । দ্বিতীয় ৰাউণ্ডত নিশান্তে তেওঁৰ তীব্ৰতা অব্যাহত ৰাখে আৰু পোনপটীয়াকৈ খেলখনত মেক্সিকান বক্সাৰৰ ওপৰত আধিপত্য বিস্তাৰ কৰে । ভাৰ্ডে নিশান্তৰ ওপৰত চাপ প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে বাউটো পৰিৱৰ্তন হয় । দ্বিতীয় ৰাউণ্ডটো ভাৰ্ডেৰ পক্ষত ৩-২ ৰ বিভাজিত সিদ্ধান্তত সমাপ্ত হয় ।

তৃতীয় ৰাউণ্ডত ভাৰ্ডে অধিক আক্ৰমণাত্মক দৃষ্টিভংগী অৱলম্বন কৰে আৰু তেওঁৰ পাঞ্চত সংমিশ্ৰণ দেখা যায় । একপ্ৰকাৰ ভাৰ্ডেয়ে নিশান্তক তীব্ৰ প্ৰত্যাহ্বান জনায় । মেক্সিকান বক্সাৰজনে প্ৰত্যাৱৰ্তন কৰে আৰু কোৱাৰ্টাৰ ফাইনেলত ৪-১ গ'লত জয়লাভ কৰে । যাৰ বাবে নিশান্তৰ পদকৰ সপোন পূৰণ নহ'ল ।

অলিম্পিকত পদক বিজয়ী একমাত্ৰ পুৰুষ ভাৰতীয় বক্সাৰ :

উল্লেখ্য যে বিজেন্দ্ৰ সিং অলিম্পিক পদক জয় কৰা একমাত্ৰ ভাৰতীয় পুৰুষ বক্সাৰ । তেওঁ ২০০৮ চনৰ বেইজিং অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰি এই কৃতিত্ব অৰ্জন কৰিছিল ।

লগতে পঢ়ক :অলিম্পিকৰ নৱমটো দিনৰ ভাৰতৰ সূচী জানি লওক : দৃষ্টি নিবদ্ধ থাকিব লাভলীনা আৰু লক্ষ্য সেনৰ ওপৰত - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.