ETV Bharat / sports

লছ এঞ্জেলছ অলিম্পিকত স্বৰ্ণ জয় কৰিব লক্ষ্য সেনে : ভিক্টৰ এক্সেলছেনৰ ভৱিষ্যদ্বাণী - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Aug 5, 2024, 3:53 PM IST

Lakshya Sen in Olympics : পেৰিছ অলিম্পিকৰ ছেমি ফাইনেলত লক্ষ্য সেনে বিশ্বৰ দ্বিতীয় স্থানৰ শ্বাটলাৰৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হ'বলগা হয় । আনহাতে, তেওঁৰ প্ৰতিদ্বন্দ্বী এক্সেলছেনে মেচখনৰ পিচত স্বীকাৰ কৰে যে লক্ষ্যই তেওঁৰ বিৰুদ্ধে এক কঠিন যুঁজ আগবঢ়াইছিল । তেওঁৰ মতে উক্ত মেচখন তেওঁ সন্মুখীন হোৱা আটাইতকৈ কঠিন মেচসমূহৰ ভিতৰত এখন আছিল ।

Lakshya Sen in Olympics
ছেমি ফাইনেলত লক্ষ্য সেন আৰু ভিক্টৰ এক্সেলছেন (AP Photo)

স্পৰ্টছ ডেস্ক, ৫ আগষ্ট : চলিত পেৰিছ অলিম্পিকত ভাৰতীয় শ্বাটলাৰ লক্ষ্য সেন ছেমি ফাইনেলত পৰাস্ত হয় । বিশ্বৰ দ্বিতীয় স্থানৰ খেলুৱৈগৰাকীৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হৈ পেৰিছ অলিম্পিকৰ পৰা তেওঁ বিদায় ল'বলগা হয় । মেচখনত লক্ষ্য সেনে অতি উত্তম প্ৰদৰ্শন কৰি ভিক্টৰ এক্সেলছেনক তীব্ৰ প্ৰত্যাহ্বান আগবঢ়ায় । আনহাতে, এই বিজয়ৰ পিচত বৰ্তমানৰ অলিম্পিক বিজয়ী ভিক্টৰে লক্ষ্য সেনৰ খেলৰ প্ৰশংসা কৰি তেওঁৰ ওপৰত ভৱিষ্যদ্বাণী কৰে ।

ভিক্টৰে লক্ষ্যৰ বিৰুদ্ধে ছেমি ফাইনেলখনক এতিয়ালৈকে পেৰিছ অলিম্পিকত তেওঁৰ আটাইতকৈ কঠিন মেচ বুলি উল্লেখ কৰি কয়, "নিশ্চিতভাৱে পেৰিছত মই খেলা আটাইতকৈ কঠিন মেচ এইখন । লক্ষ্যই খুব ভাল আৰম্ভণি কৰিছিল, কিন্তু মই অন্তত দ্বিতীয়টো গেমত কোনো মতে উশাহ ল'বলৈ সক্ষম হৈছিলোঁ ।"

ইয়াৰ পিচত দুবাৰৰ স্বৰ্ণ পদক বিজয়ী এক্সেলছেনে লছ এঞ্জেলছত অনুষ্ঠিত হ'বলগীয়া পৰৱৰ্তী অলিম্পিকৰ বাবে লক্ষ্যক সোণৰ পদকৰ দাবীদাৰ বুলি ভৱিষ্যদ্বাণী কৰে । "লক্ষ্য এগৰাকী বিস্ময়কৰ খেলুৱৈ । এইবাৰৰ অলিম্পিকত দেখুৱাইছে যে তেওঁ এগৰাকী শক্তিশালী প্ৰতিযোগী আৰু মই নিশ্চিত যে এতিয়াৰে পৰা চাৰি বছৰৰ পিচত তেওঁ স্বৰ্ণ জয়ৰ বাবে অন্যতম দাবীদাৰ হ'ব । এগৰাকী সুন্দৰ প্ৰতিভা আৰু এগৰাকী মহান ব্যক্তি হৈছে লক্ষ্য । মই তেওঁক শুভকামনা জনাইছোঁ ।" তেওঁ কয় ।

এক্সেলছেনে লগতে কয় যে নিজৰ অভিজ্ঞতাই তেওঁক লক্ষ্যৰ কঠিন প্ৰত্যাহ্বানৰ মোকাবিলা কৰাত সহায় কৰিছিল । "লক্ষ্যক ছেমি ফাইনেল প্ৰতিদ্বন্দ্বিতাৰ বাবে এগৰাকী ভাল খেলুৱৈ হিচাপে প্ৰত্যক্ষ কৰাৰ পিচতো তেওঁক কিছু উদ্বিগ্ন দেখা গৈছিল । মই ভাবোঁ অভিজ্ঞতাই আজি এক পাৰ্থক্য আনি দিছে । লক্ষ্যই তেওঁৰ নিজৰ খেলৰ বৃহৎ অংশত মোতকৈও ভাল খেলিছিল । সেয়ে তেওঁ মেচখন জিকিব পাৰিলেহেঁতেন ।" খেলৰ অন্তত এক্লেছেনে কয় ।

উল্লেখ্য যে মেচখনত লক্ষ্য সেনে বিশ্বৰ দ্বিতীয় স্থানৰ ভিক্টৰৰ বিৰুদ্ধে কঠিন প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল । লক্ষ্য প্ৰথম ছেটটো জয়ৰ একেবাৰে ওচৰত আছিল । কিন্তু তাৰ পিচত ভিক্টৰে এক সুন্দৰ প্ৰত্যাৱৰ্তন ঘটাই প্ৰথম ছেটটো 22-20 ব্যৱধানত হস্তগত কৰে । তাৰ পিচত দ্বিতীয় ছেটতো লক্ষ্য সেনে সুন্দৰ আৰম্ভণি কৰে আৰু 7-0 ৰ প্ৰাৰম্ভিক অগ্ৰগতি লাভ কৰে । কিন্তু অৱশেষত অতি অভিজ্ঞ প্ৰতিদ্বন্দ্বীয়ে তেওঁৰ ভুলৰ সুযোগ গ্ৰহণ কৰি দ্বিতীয় ছেটটোও দখল কৰে ।

অৱশ্যে লক্ষ্য সেনে অলিম্পিক পদক জয় কৰা প্ৰথম ভাৰতীয় পুৰুষ শ্বাটলাৰ হোৱাৰ আন এক সুযোগ লাভ কৰিব । ব্ৰঞ্জৰ পদকৰ মেচত লক্ষ্যই মালয়েছিয়াৰ লী কী জিয়াৰ বিৰুদ্ধে খেলিব । ভাৰতে এতিয়ালৈকে বেডমিণ্টনত অলিম্পিকৰ স্বৰ্ণ পদক অৰ্জন কৰা নাই । ৰিঅ' আৰু টকিঅ' সংস্কৰণত পি ভি সিন্ধুৱে ৰূপ আৰু ব্ৰঞ্জ জয় কৰাৰ বিপৰীতে ছাইনা নেহৱালে লণ্ডন গেমছত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে ।

লগতে পঢ়ক :ছেমি ফাইনেলত পৰাস্ত; সোমবাৰে ব্ৰঞ্জৰ বাবে খেলিব লক্ষ্যই - Paris Olympics 2024
লগতে পঢ়ক :পেৰিছ অলিম্পিক ২০২৪ : হকীৰ ছেমি ফাইনেলৰ বাবে নিষিদ্ধ ভাৰতৰ অমিত ৰোহিদাস - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.