ETV Bharat / sports

পেৰিছত তীব্ৰ গৰমে দহিছে ভাৰতীয় খেলুৱৈক, ক্ৰীড়া মন্ত্ৰালয়ে ল’লে বিশেষ পদক্ষেপ - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Aug 3, 2024, 9:17 PM IST

Paris Olympics 2024 : অলিম্পিক গেমছত অংশ ল’বলৈ পেৰিছত উপস্থিত থকা ভাৰতীয় খেলুৱৈসকলক দহিছে তীব্ৰ গৰমে। ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰে । যাৰ বাবে সকলো খেলুৱৈৰ মুখ উজলি উঠিছিল। পঢ়ক সম্পূৰ্ণ খবৰ...

Paris Olympics 2024
ক্ৰীড়া মন্ত্ৰালয়ৰ বিশেষ পদক্ষেপ (ETV Bharat)

স্পৰ্টছ ডেস্ক, 3 আগষ্ট : অলিম্পিক গেমছ ভিলেজৰ অসহ্য গৰমৰ পৰা হাত সাৰিবলৈ এটা পৰ্টেবল এ চিৰ প্ৰয়োজন ৷ অৱশ্যে এয়া প্ৰয়োজন কেৱল ভাৰতীয় খেলুৱৈৰ শিবিৰত৷ ক্ৰীড়া মন্ত্ৰালয়ে সকলো ব্যৱস্থা কৰিছে ৷ বৰ্তমান ফ্ৰান্সৰ পেৰিছত অলিম্পিক চলি আছে ৷ পেৰিছত গৰমৰ প্ৰকোপ অব্যাহত আছে ৷ গৰম ইমানেই অসহ্যকৰ যে খেলুৱৈসকল জুৰুলা হৈ পৰিছে ৷ যদি গৰমক এৰাই চলা নহয় তেন্তে অলিম্পিকৰ দৰে ইভেণ্টত খেলুৱৈসকলৰ বাবে প’ডিয়ামত উপনীত হোৱাটো ইমান সহজ নহ’ব ৷

ক্ৰীড়া মন্ত্ৰালয়ে পেৰিছত প্ৰদান কৰে 40 টা এ চি :

ক্ৰীড়া মন্ত্ৰালয়ৰ তথ্য অনুসৰি পেৰিছত হঠাৎ উষ্ণতা বৃদ্ধিৰ বাবে অলিম্পিক গেমছ ভিলেজত খেলুৱৈসকলে সন্মুখীন হোৱা সমস্যাৰ কথা মনত ৰাখি শুকুৰবাৰে পুৱা (11 বজাত) ক্ৰীড়া মন্ত্ৰালয়, এছ এ আই, আই অ’ এ আৰু ফ্ৰান্সৰ ভাৰতীয় দূতাবাসৰ মাজত এখন সমন্বয় বৈঠক অনুষ্ঠিত হয় ৷

এই বৈঠকত সিদ্ধান্ত লোৱা হয় যে ফ্ৰান্সত থকা ভাৰতীয় দূতাবাসে পেৰিছত 40 টা এ চি ক্ৰয় কৰি ভাৰতীয় খেলুৱৈসকলে থকা গেম ভিলেজৰ কোঠাত উপলব্ধ কৰিব ৷ এই সিদ্ধান্তৰ ফলস্বৰূপে ফ্ৰান্সত থকা ভাৰতীয় দূতাবাসে ইতিমধ্যে এ চি ক্ৰয় কৰিছে, যিবোৰ গেমছ ভিলেজলৈ পঠোৱাৰ ব্যৱস্থা কৰা হৈছে ৷

লগতে পঢ়ক : হেট্ৰিক অৰ্জনত ব্যৰ্থ মনু ভাকৰ: মহিলাৰ ২৫ মিটাৰ পিষ্টল ইভেণ্টত চতুৰ্থ স্থান - Paris Olympics 2024

গৰমৰ পৰা সকাহ পালে ভাৰতীয় খেলুৱৈসকলে :

খেলুৱৈসকলে ইতিমধ্যে এ চি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে ৷ আশা কৰা হৈছে যে ইয়াৰ ফলত তেওঁলোকে অধিক আৰামদায়ক অৱস্থান আৰু উন্নত জিৰণি লাভ কৰিব যিটো ভাল প্ৰদৰ্শনৰ বাবে অতি গুৰুত্বপূৰ্ণ ৷ সকলো এ চিৰ খৰচ ক্ৰীড়া মন্ত্ৰালয়ে বহন কৰিছে ৷

পেৰিছ অলিম্পিকত ভাৰত :

উল্লেখ্য যে ভাৰতে এতিয়ালৈকে পেৰিছ অলিম্পিক 2024 ত শ্বুটিঙত 3 টা ব্ৰঞ্জৰ পদক লাভ কৰিছে ৷ মনু ভাকেৰে 10 মিটাৰ এয়াৰ পিষ্টল ব্যক্তিগত ইভেণ্টত ব্ৰঞ্জৰ পদক আৰু 10 মিটাৰ এয়াৰ পিষ্টল মিক্সড টিম ইভেণ্টত সৰবজোৎ সিঙৰ সৈতে ব্ৰঞ্জৰ পদক লাভ কৰে ৷ আনহাতে, স্বপ্নিল কুছালে 50 মিটাৰ ৰাইফলত ব্ৰঞ্জৰ পদক লাভ কৰে ৷

লগতে পঢ়ক : পেৰিছ অলিম্পিকৰ হকী কোৱাৰ্টাৰ ফাইনেল : কেতিয়া আৰু কাৰ মুখামুখি হ’ব ভাৰত ? - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.