ETV Bharat / sports

জাৰ্মানীৰ বিৰুদ্ধে ৱাক অভাৰ লাভ সাতৱিক-চিৰাগৰ, পৰৱৰ্তী ৰাউণ্ড ইণ্ডোনেছিয়ানৰ বিৰুদ্ধে - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Jul 29, 2024, 5:22 PM IST

Paris Olympics 2024: জাৰ্মানীৰ মাৰ্ক লেমছফছ আৰু মাৰ্ভিন ছেইডেলৰ বিৰুদ্ধে বেডমিণ্টন পুৰুষৰ ডাবলছ গ্ৰুপ পৰ্যায়ৰ মেচত সাতৱিক-চিৰাগৰ যুটিক ৱাকঅভাৰ দিয়া হৈছে। ইয়াৰ পূৰ্বে এই মেচ বাতিল কৰা হৈছিল। সম্পূৰ্ণ খবৰ পঢ়ক...

Paris Olympics 2024
ৱাক অভাৰ লাভ সাতৱিক-চিৰাগৰ (ANI PHOTOS)

স্পৰ্টছ ডেস্ক, 29 জুলাই : পেৰিছ অলিম্পিকত বেডমিণ্টনৰ পৰা ভাৰতৰ বাবে আহিছে ভাল খবৰ ৷ আচলতে ইয়াৰ পূৰ্বে খবৰ আহিছিল যে জাৰ্মানীৰ বিৰুদ্ধে খেলিবলগীয়া পেৰিছ অলিম্পিক 2024ত আজি অনুষ্ঠিত হ’বলগীয়া সাতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শ্বেট্টীৰ মেচখন বাতিল কৰা হৈছে ৷ কিন্তু শেহতীয়াকৈ জাৰ্মানীৰ মাৰ্ক লেমছফছ আৰু মাৰ্ভিন ছেইডেলৰ বিৰুদ্ধে বেডমিণ্টন পুৰুষৰ ডাবলছৰ গ্ৰুপ পৰ্যায়ৰ মেচত সাতৱিক-চিৰাগৰ যুটিটোক ৱাক অভাৰ দিয়া হৈছে ৷ ইয়াৰ লগে লগে ভাৰতৰ এই ষ্টাৰ যুটিটো পৰৱৰ্তী ৰাউণ্ডলৈ আগবাঢ়িছে ৷

পৰৱৰ্তী মেচত ভাৰতীয় যুটিটোৱে ইণ্ডোনেছিয়াৰ বিৰুদ্ধে খেলিব :

এতিয়া ভাৰতৰ তাৰকা যুটি সাতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শ্বেট্টীয়ে পৰৱৰ্তী মেচত ইণ্ডোনেছিয়াৰ ফাজাৰ আলফিয়ান আৰু মহম্মদ ৰিয়ান আৰ্দিয়াণ্টোৰ বিৰুদ্ধে খেলিব ৷ আজি অৰ্থাৎ 29 জুলাইত দুয়োজনে পেৰিছ অলিম্পিক 2024ৰ গ্ৰুপ পৰ্যায়ৰ মেচত জাৰ্মান যুটি মাৰ্ক লেমছফছ আৰু মাৰ্ভিন ছেইডেলৰ বিৰুদ্ধে খেলিবলগীয়া হৈছিল ৷ তাৰ পূৰ্বে খবৰ আহিছিল যে জাৰ্মান যুটিটোৱে আঁঠুৰ আঘাতৰ বাবে মেচখনত অংশগ্ৰহণ কৰিব নোৱাৰিব ৷ ইয়াৰ পিচত এই মেচ বাতিল কৰা হয় ৷

ইয়াৰ উপৰিও, ভাৰতৰ তাৰকা শ্বাটলাৰ লক্ষ্য সেনৰ মেচখনো বাতিল কৰা হয় ৷ তেওঁৰ বিৰুদ্ধে খেলা জাৰ্মানীৰ খেলুৱৈজনেও আঘাতৰ বাবে খেলখনৰ পৰা তেওঁৰ নাম প্ৰত্যাহাৰ কৰে ৷ এতিয়ালৈকে, লক্ষ্য সেনৰ খেলখনৰ বিষয়ে কোনো আপডেট অহা নাই ৷

ৱাক অভাৰ কি ?

প্ৰথম ৰাউণ্ডত যদি খেলুৱৈজনৰ কোনো প্ৰতিদ্বন্দী মেচখনত নাহে, তেন্তে খেলুৱৈজন দ্বিতীয় ৰাউণ্ডলৈ আগবাঢ়ি যায় ৷ এই প্ৰক্ৰিয়াটোক ৱাকঅভাৰ বুলি কোৱা হয় ৷ এক প্ৰকাৰে, খেলখনৰ সময়ত অংশগ্ৰহণ নকৰা খেলুৱৈসকলক পৰাজিত বুলি গণ্য কৰা হয়, আনহাতে মেচখন খেলিবলৈ অহা খেলুৱৈসকলক বিজয়ী বুলি ঘোষণা কৰা হয় ৷

লগতে পঢ়ক : লক্ষ্যৰ আশাত চেঁচাপানী : জয়ী হৈও নাপালে স্বীকৃতি - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.