ETV Bharat / sports

আপুনি চেম্পিয়নৰো চেম্পিয়ন, প্ৰতিগৰাকী ভাৰতীয়ৰ অনুপ্ৰেৰণা : বিনেশ ফোগাটক প্ৰধানমন্ত্ৰীৰ সান্ত্বনা - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Aug 7, 2024, 2:54 PM IST

PM Narendra Modi on Vinesh phogat : চলিত পেৰিছ অলিম্পিকৰ নিজৰ ইভেণ্টৰ ফাইনেলৰ পূৰ্বে বিনেশ ফোগাটক অযোগ্য ঘোষণা কৰা হয় । ইয়াৰ পিচতে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁৰ প্ৰস্থানত দুখ প্ৰকাশ কৰে ।

PM Narendra Modi On Vinesh phogat
বিনেশ ফোগাটক প্ৰধানমন্ত্ৰীৰ সান্ত্বনা (IANS Photo)

স্পৰ্টছ ডেস্ক, ৭ আগষ্ট : পেৰিছ অলিম্পিকত বিনেশ ফোগাটৰ ফাইনেল প্ৰত্যক্ষ কৰাৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা কোটি কোটি ভাৰতীয়ৰ বাবে মোক্ষম আঘাত । মঙলবাৰে ছেমি ফাইনেলত এক আশ্চৰ্যজনক বিজয় সাব্যস্ত কৰাৰ পিচত ফোগাটে ফাইনেলত উপনীত হৈ ইতিহাস সৃষ্টি কৰে । কিন্তু ফাইনেলৰ পূৰ্বে তেওঁক অলিম্পিকৰ পৰা অনাকাংক্ষিতভাৱে অযোগ্য ঘোষণা কৰা হয় । যাৰ বাবে তেওঁ এতিয়া ৰূপৰ পদকৰো দাবীদাৰ নহয় ।

আনহাতে, বিনেশ ফোগাটৰ এই দুখজনক খবৰৰ পিচত প্ৰধানমন্ত্ৰী মোদীয়ে ইতিহাস সৃষ্টিকাৰী ভাৰতীয় মল্লযোদ্ধাগৰাকীক সান্ত্বনা প্ৰদান কৰিছে । ছ'চিয়েল মিডিয়া একাউণ্ট এক্সত পোষ্ট কৰি প্ৰধানমন্ত্ৰীয়ে লিখিছে, "বিনেশ, আপুনি চেম্পিয়নৰো চেম্পিয়ন, আপুনি ভাৰতৰ গৌৰৱ আৰু প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে অনুপ্ৰেৰণা । আজিৰ বিফলতাই নিশ্চিতভাৱে দুখ দিছে । মই যি হতাশা অনুভৱ কৰিছো সেয়া শব্দৰে প্ৰকাশ কৰিব নোৱাৰো । লগতে মই জানো যে আপুনি স্থিতিস্থাপকতাৰ প্ৰতীক । প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো সদায় আপোনাৰ স্বভাৱ । আৰু শক্তিশালী হৈ উভতি আহক, আমি সকলোৱে আপোনাৰ বাবে প্ৰাৰ্থনা কৰি আছো ।"

উল্লেখ্য, ভাৰতীয় তাৰকা মল্লযোদ্ধাগৰাকীৰ এই প্ৰস্থানত ভাৰতীয় অলিম্পিক সমিতিয়ে জনাইছে, "এয়া দুখজনক যে ভাৰতীয় দলৰ বিনেশ ফোগাটক মহিলাৰ কুস্তিৰ ৫০ কিলোগ্ৰাম শাখাৰ পৰা অযোগ্য ঘোষণা কৰা হৈছে । ওৰেনিশা দলটোৱে সৰ্বতোপ্ৰকাৰৰ প্ৰচেষ্টা কৰা সত্ত্বেও আজি পুৱা তেওঁৰ ওজন 50 কিলোগ্ৰামতকৈ অধিক আছিল । এই সময়ত দলটোৱে আৰু আন কোনো মন্তব্য নকৰে । ভাৰতীয় দলে আপোনালোকক বিনেশৰ ব্যক্তিগত সত্তাক সন্মান কৰিবলৈ আহ্বান জনাইছো । তেওঁ আগন্তুক প্ৰতিযোগিতাবোৰৰ ওপৰত গুৰুত্ব দিব বিচাৰে ।"

লগতে পঢ়ক :দেহৰ বৰ্ধিত ওজনৰ বাবেই অযোগ্য বিনেশ ফোগাট ! স্বৰ্ণজয়ৰ স্বপ্ন আধৰুৱা হৈ ৰ’ল ভাৰতীয় মল্লযুঁজাৰুগৰাকীৰ - PARIS OLYMPICS 2024
লগতে পঢ়ক :পেৰিছ অলিম্পিক 2024: জাৰ্মানীৰ বিৰুদ্ধে ছেমি ফাইনেলত ২-৩ ত পৰাজয় স্বীকাৰ ভাৰতৰ - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.