ETV Bharat / sports

আজিৰ লাভলীনাৰ খেল সন্দৰ্ভত কি ভৱিষ্য়দ্বাণী কৰিলে আদিগুৰুৱে ? - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Aug 4, 2024, 1:14 PM IST

Lovelina Borgohain in Paris Olympics : আজি পেৰিছ অলিম্পিকত চীনৰ লি কিয়ানৰ বিৰুদ্ধে ৰিঙত নামিব অসম কন্য়া লাভলীনা বৰগোঁহাই । লাভলীনাৰ খেল সন্দৰ্ভত আগতীয়াকৈ মন্তব্য় কৰিলে আদিগুৰুৱে ।

Lovelina Borgohain in Paris Olympics
পেৰিছ অলিম্পিক (ETV Bharat Assam)

সৰুপথাৰ, ৪ আগষ্ট : আজি পেৰিছ অলিম্পিকত লাভলীনা বৰগোঁহাইৰ খেলৰ আগতীয়া বিশ্লেষণ কৰি লাভলীনাৰ আদিগুৰুৱে কি ক'লে ? লাভলীনাই কেনেকৈ খেলত অৱতীৰ্ণ হ'ব লাগিব ? কেনেকৈ লি কিয়ানৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব ? কেনেকৈ পইণ্ট সংগ্ৰহ কৰিব লাভলীনাই ? লাভলীনা আৰু লি কিয়ানৰ মাজত ইতিপূৰ্বে তিনিবাৰ খেল অনুষ্ঠিত হৈছে । এই সন্দৰ্ভত ব্য়াখ্য়া কৰিছে লাভলীনাৰ আদিগুৰু প্ৰশান্ত কুমাৰ দাসে ।

পেৰিছ অলিম্পিক (ETV Bharat Assam)

কি ক'লে লাভলীনাৰ আদিগুৰুৱে ?

লাভলীনা আৰু লি কিয়ানৰ মাজত আজি অনুষ্ঠিতব্য় এই খেলখনৰ বিষয়ে আগতীয়াকৈ ব্য়াখ্য়া কৰি লাভলীনাৰ আদিগুৰু প্ৰশান্ত কুমাৰ দাসে কয়," আজি এখন ৰোমাঞ্চকৰ খেল হ'ব । আজিৰ খেলখনত লি কিয়ানৰ বিৰুদ্ধে লাভলীনাই জিকিব । অৱশ্য়ে আমি এইটো ক'ব নোৱাৰো যে আগতে জিকিলে বুলি আজিও জিকিব । কাৰণ খেলৰ কথা কোনোৱে ক'ব নোৱাৰে । খেলৰ ৯ মিনিটত যিয়ে ভাল প্ৰদৰ্শন কৰিব আৰু পইন্ট অৰ্জন কৰিব তেৱেই বিজয়ী হ'ব । লাভলীনাই ধৈৰ্য সহকাৰে খেলিলে ভাৰতবৰ্ষৰ লগতে অসমে আজি পদক অৰ্জন কৰিবলৈ সক্ষম হ'ব ।"

লাভলীনা বনাম লি কিয়ান :

২০২৩ চনৰ এছিয়ান গেমছৰ ফাইনেলত চীনা বক্সাৰ লি কিয়ানৰ হাতত পৰাজয়ৰ বৰণ কৰিছিল লাভলীনাই । আনহাতে, দিল্লীত অনুষ্ঠিত ২০২৩ চনৰ আইবিএ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত লাভলীনাই লি কিয়ানক ৪-১ ব্যৱধানত পৰাস্ত কৰি এক ৰোমাঞ্চকৰ বিজয় সাব্যস্ত কৰিছিল । চলিত বৰ্ষৰ জুলাইত ছেক গণৰাজ্যত অনুষ্ঠিত গ্ৰেণ্ড পিক্স উটচি নেড লবেন লি কিয়ানৰ হাতত লাভলীনাই ৩-২ ৰ ব্যৱধানত পৰাস্ত হৈছিল ।

লাভলীনাৰ গৃহ চহৰত উখল-মাখল পৰিৱেশ:

লাভলীনাৰ গৃহ চহৰ বৰপথাৰত উখল-মাখল পৰিৱেশ । বেনাৰসহ লাভলীনালৈ শুভেচ্ছা জ্ঞাপন ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ । দেওবাৰে কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব লাভলীনা বৰগোঁহাই । আজিৰ খেলখন বিজয়ী হ'লেই প্ৰায় পদক নিশ্চিত কৰিব লাভলীনাই । ঐতিহ্যমণ্ডিত দেওপানী দুৰ্গা মন্দিৰত চুতীয়া যুৱ সন্মিলনে শৰাই আগবঢ়াই প্ৰাৰ্থনা জনাইছে । পুৱাৰ ভাগতেই ওলাই আহিল সন্মিলনৰ সদস্যসকল । কাৰ্বি আংলং জিলাৰ দেওপানীস্থিত দেওপানী দুৰ্গা মন্দিৰৰ আছে মাহাত্ম্য় । ৰঙাফিটা বান্ধিলেই মনোকামনা পূৰণ হয় ।

ধনশিৰিৰ জীয়ৰী অসম কন্যা লাভলীনাই দেশৰ হৈ স্বৰ্ণ জয় কৰাৰ সপোন পূৰ্ণ হোৱাৰ বাবে সকলোৱে আশাবাদী । শনিবাৰে সন্ধিয়া পাভজান বাৰমূখীয়া বৰনামঘৰৰ গাঁৱৰ ৰাইজে নামঘৰতেই চাকি-বন্তি জ্বলাই প্ৰাৰ্থনা জনায় । লাভলীনা বৰগোঁহাইৰ পিতৃয়েও আশীৰ্বাদ লৈছে বাৰমূখীয়া বৰনামঘৰত । বন্তি প্ৰজ্বলন কৰি সমূহীয়াকৈ ভাগৱত-কীৰ্তন পাঠ কৰি লাভলীনাৰ হৈ ভগৱানৰ ওচৰত সেৱা-প্ৰাৰ্থনা কৰে পিতৃ-মাতৃসহ গাঁৱৰ ৰাইজে ।

লগতে পঢ়ক:লাভলীনাৰ স্বৰ্ণ জয়ৰ কামনাৰে দেওপানী দুৰ্গা মন্দিৰত উপস্থিত চুতীয়া যুৱ সন্মিলন - Paris Olympics 2024

সৰুপথাৰৰ টিনা লাহনৰ শিৰত 'স্পাৰ্ক মিচ টিন আচাম-২০২৪' ৰানাৰ্চ আপৰ মুকুট - Spark Miss Teen Assam 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.