ETV Bharat / sports

এই প্ৰত্যাহ্বান অতিক্ৰম কৰিব পাৰিলেই অলিম্পিকত লাভলীনাৰ দ্বিতীয় পদক নিশ্চিত ! - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Jul 30, 2024, 12:20 PM IST

Paris Olympics 2024: টকিঅ' অলিম্পিকত পদক লাভ কৰা অসম কন্যা লাভলীনা বৰগোহাঁইৰ সন্মুখত আন এক সুযোগ । পেৰিছত পদক লাভ কৰি ইতিহাস ৰচনা কৰিব বিচাৰিব লাভলীনাই । অৱশ্যে তেওঁৰ সন্মুখত প্ৰত্যাহ্বান হিচাপে থাকিব এগৰাকী খেলুৱৈ । কোন সেইগৰাকী বক্সাৰ ?

Paris Olympics 2024
এই প্ৰত্যাহ্বান অতিক্ৰম কৰিব পাৰিলেই অলিম্পিকত লাভলীনাৰ দ্বিতীয় পদক নিশ্চিত (ANI Photo)

স্পৰ্টছ ডেস্ক, ৩০ জুলাই : পেৰিছ অলিম্পিকত ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত মনু ভাকৰে ভাৰতৰ বাবে পদক অৰ্জন কৰিছে । মনুৰ টকিঅ' অলিম্পিক অভিযান হতাশাজনক আছিল যদিও পেৰিছত গুৰুত্বপূৰ্ণ প্ৰত্যাৱৰ্তন কৰি ইতিহাস ৰচিবলৈ সক্ষম হয় । এতিয়া ভাৰতে পেৰিছ অলিম্পিকত তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁইৰ পৰাও একেধৰণৰ ফলাফল আশা কৰিছে ।

টকিঅ'ত ব্ৰঞ্জৰ পদক লাভ কৰি বীজেন্দ্ৰ সিং আৰু মেৰী কমৰ পিচত লাভলীনা অলিম্পিকত পদক অৰ্জন কৰা তৃতীয় ভাৰতীয় বক্সাৰ হিচাপে পৰিগণিত হৈছিল । এতিয়া সকলোৱে আশা কৰিছে, যাতে অলিম্পিকত দুটা পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় বক্সাৰৰ কৃতিত্ব তেওঁ অৰ্জন কৰিবলৈ সক্ষম হয় ।

৭৫ কিলোগ্ৰামত লাভলীনাৰ সফলতা :

অসমৰ লাভলীনাই পেৰিছ অলিম্পিকত ৭৫ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব । ৭৫ কিলোগ্ৰাম শাখাত অভিযান আৰম্ভ কৰাৰ পিচত লাভলীনাই ২০২২ চনত এছিয়ান চেম্পিয়ন আৰু ২০২৩ চনত বিশ্ব চেম্পিয়নৰ খিতাপ লাভ কৰিছিল । লগতে ২০২৩ এছিয়ান গেমছত ভাৰতীয় বক্সাৰগৰাকীয়ে ৰূপৰ পদক লাভ কৰিছিল । পূৰ্বৰ এনে প্ৰদৰ্শনৰ পৰা এইটো স্পষ্ট যে পেৰিছ অলিম্পিকৰ বাবে লাভলীনা সম্পূৰ্ণৰূপে প্ৰস্তুত ।

লাভলীনাৰ সন্মুখত প্ৰত্যাহ্বান :

অৱশ্যে লাভলীনাৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ'ব পাৰে দুবাৰৰ অলিম্পিক পদক বিজয়ী চীনা বক্সাৰ লি কিয়ান, যি কোৱাৰ্টাৰ ফাইনেলত লাভলীনাৰ মুখামুখি হোৱাৰ সম্ভাৱনা আছে । লাভলীনাই মহিলাৰ ৭৫ কিলোগ্ৰাম শাখাত অষ্টম স্থান লাভ কৰিছে, যাৰ ফলত কোৱাৰ্টাৰ ফাইনেলত শীৰ্ষ স্থানপ্ৰাপ্ত লি কিয়ানৰ মুখামুখি হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে ।

বিশ্বৰ শীৰ্ষ বক্সাৰসকল যাতে আৰম্ভণি ৰাউণ্ডত মুখামুখি নহয় তাৰ বাবে পেৰিছ বক্সিং ইউনিটে এই ৰেংকিং অৰ্ডাৰ নিৰ্ধাৰণ কৰিছে । লাভলীনা হৈছে এই ড্ৰ'ত স্থান লাভ কৰা একমাত্ৰ ভাৰতীয় বক্সাৰ ।

লাভলীনা আৰু লি কিয়ানৰ মাজত কেইবাবাৰো খেল অনুষ্ঠিত হৈছে । বিশেষকৈ ২০২৩ চনৰ এছিয়ান গেমছৰ ফাইনেলত চীনা বক্সাৰৰ হাতত পৰাজয়ৰ প্ৰতিশোধ লোৱাৰ আকাংক্ষা নিশ্চিতভাৱে লাভলীনাৰ মনত থাকিব । অৱশ্যে, দিল্লীত অনুষ্ঠিত ২০২৩ চনৰ আইবিএ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত লাভলীনাই লি কিয়ানক ৪-১ ব্যৱধানত পৰাস্ত কৰি এক ৰোমাঞ্চকৰ বিজয় পঞ্জীয়ন কৰিছিল । সেয়া সম্ভৱতঃ এতিয়ালৈকে লাভলীনাৰ শ্ৰেষ্ঠ বিজয়সমূহৰ ভিতৰত অন্যতম আছিল ।

এনে পৰিস্থিতিত কোৱাৰ্টাৰ ফাইনেলত লিৰ সৈতে খেলখন লাভলীনাৰ বাবে অলিম্পিকত দ্বিতীয়টো পদক জয়ৰ সপোন বাস্তৱায়িত কৰাৰ পথ মুকলি কৰিব পাৰে বুলি ক'লেও ভুল নহ'ব । যদি লাভলীনাই এই প্ৰত্যাহ্বান অতিক্ৰম কৰে, তেন্তে তেওঁৰ পদক নিশ্চিত বুলি গণ্য কৰিব পাৰি ।

লগতে পঢ়ক :পুনৰ ইতিহাস ৰচাৰ লক্ষ্যৰে পেৰিছ অলিম্পিকলৈ লাভলীনা বৰগোহাঁই - LOVLINA BORGOHAIN

লগতে পঢ়ক :পেৰিছ অলিম্পিকত মণিকা বাত্ৰাই ৰচিলে ইতিহাস - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.