ETV Bharat / sports

পদক অৰ্জনত ব্যৰ্থ : ব্ৰঞ্জ পদকৰ মেচত পৰাস্ত আঘাতজৰ্জৰ লক্ষ্য সেন - Paris Olympics 2024 - PARIS OLYMPICS 2024

Paris Olympics 2024 Badminton : সোমবাৰে পেৰিছ অলিম্পিকত চতুৰ্থটো পদক জয়ত ব্যৰ্থ হয় ভাৰত । ভাৰতৰ তাৰকা শ্বাটলাৰ লক্ষ্য সেনে পুৰুষ বেডমিণ্টনৰ একক শাখাত ব্ৰঞ্জৰ পদকৰ মেচখনত পৰাজয়ৰ সন্মুখীন হয় । মালয়েছিয়াৰ লী জী জিয়াৰ হাতত লক্ষ্যই পৰাজয়বৰণ কৰে । তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ মেচখনত জিয়াই ২১-১৩, ১৬-২১, ১১-২১ ব্যৱধানত লক্ষ্যক পৰাস্ত কৰে ।

Paris Olympics 2024 Badminton
লক্ষ্য সেন (AP Photo)
author img

By ETV Bharat Sports Team

Published : Aug 5, 2024, 10:11 PM IST

স্পৰ্টছ ডেস্ক, ৫ আগষ্ট : চলিত পেৰিছ অলিম্পিকত ভাৰতে সোমবাৰে চতুৰ্থটো পদক জয়ৰ দুৱাৰদলিত উপনীত হৈয়ো পদক অৰ্জনত ব্যৰ্থ হয় । কিয়নো ভাৰতৰ তাৰকা শ্বাটলাৰ লক্ষ্য সেনে পুৰুষ বেডমিণ্টনৰ একক শাখাত ব্ৰঞ্জ পদকৰ যুঁজত পৰাজয়ৰ সন্মুখীন হয় । লক্ষ্য মালয়েছিয়াৰ লী জিয়াৰ হাতত পৰাস্ত হয় । মেচখনত লক্ষ্যই তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়ালেও পদক জয়ৰ সপোন পূৰণত ব্যৰ্থ হয় । কঠিন মেচখনত তেওঁ ২১-১৩, ১৬-২১, ১১-২১ ব্যৱধানত পৰাজিত হয় ।

ইতিহাস সৃষ্টি আধৰুৱা হৈ ৰ'ল

ইয়াৰ লগে লগে ভাৰতৰ তাৰকা শ্বাটলাৰ লক্ষ্য সেনে অলিম্পিকত ইতিহাস সৃষ্টিৰ পৰা বঞ্চিত হয় । মেচখনত লক্ষ্য বিজয়ী হ'লে ভাৰতৰ হৈ বেডমিণ্টনত অলিম্পিক পদক জয় কৰা প্ৰথম পুৰুষ বেডমিণ্টন খেলুৱৈ হিচাপে পৰিগণিত হ'লহেঁতেন লক্ষ্য সেন । উল্লেখ্য যে ২২ বছৰীয়া লক্ষ্য সেনৰ এয়া আছিল প্ৰথম অলিম্পিক । প্ৰথম অলিম্পিকতে তেওঁ ছেমি ফাইনেলত উপনীত হৈ এক ইতিহাস সৃষ্টিৰ লগতে অতি উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়ায় ।

প্ৰথম ছেটত সুন্দৰ প্ৰদৰ্শন লক্ষ্যৰ

ভাৰতৰ যুৱ তাৰকা লক্ষ্য সেনে আৰম্ভণিৰে পৰায়ে তেওঁৰ চীনা প্ৰতিদ্বন্দ্বীৰ ওপৰত তীব্ৰ আক্ৰমণাত্মক দেখা যায় । মেচখনৰ আৰম্ভণিৰ পৰাই লক্ষ্যই আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰে আৰু ১১-৭ ব্যৱধানৰ সৈতে মিড-ব্ৰেকলৈকে আগবাঢ়ি থাকে । আনহাতে, লীৰ ওচৰত সেনৰ স্মেশ্বৰ কোনো প্ৰত্যুত্তৰ নাছিল । লক্ষ্যই তেওঁৰ উজ্জীৱিত খেল অব্যাহত ৰাখি প্ৰথম ছেটটো সহজে ২১-১৩ ব্যৱধানত হস্তগত কৰে ।

দ্বিতীয় ছেটটো আছিল ৰোমাঞ্চকৰ

ইফালে দুয়োগৰাকী খেলুৱৈৰ মাজৰ দ্বিতীয় ছেটটো অতি ৰোমাঞ্চকৰ আছিল । লক্ষ্যই এই ছেটটোও সুন্দৰভাৱে আৰম্ভ কৰে । কিন্তু ছেমি ফাইনেলৰ দৰেই তেওঁ মাজতে ছন্দ হেৰুৱায় । প্ৰাৰম্ভিক অগ্ৰগতি লক্ষ্যৰ আছিল যদিও মালয়েছিয়ান শ্বাটলাৰগৰাকীয়ে শক্তিশালী প্ৰত্যাৱৰ্তন ঘটায় । মিড ব্ৰেকৰ সময়ত ১১-৮ ব্যৱধানত আগবাঢ়ি ৩ পইণ্টৰ গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰে । আনহাতে, লক্ষ্য সেনে প্ৰত্যাৱৰ্তন কৰিবলৈ যথাসাধ্য চেষ্টা কৰিছিল যদিও মালয়েছিয়ান খেলুৱৈগৰাকীয়ে তেওঁক সুযোগ দিয়া নাছিল আৰু দ্বিতীয় ছেটটো তেওঁ ২১-১৬ ব্যৱধানত জয়লাভ কৰে ।

তৃতীয় ছেটতো তীব্ৰ প্ৰতিদ্বন্দ্বিতা

ভাৰতৰ লক্ষ্য সেন আৰু মালয়েছিয়াৰ লী জিয়াই তৃতীয় ছেটতো কঠোৰ যুঁজ দিয়ে । অৱশ্যে এই ছেটটোত মালয়েছিয়ান খেলুৱৈগৰাকীক লক্ষ্য সেনৰ ওপৰত তীব্ৰ আক্ৰমণাত্মক দেখা যায় । কিয়নো লক্ষ্যই তেওঁৰ সোঁহাতত আঘাত পায় । তীব্ৰ বেদনা সত্ত্বেও লক্ষ্যই ধৈৰ্য আৰু সাহস হেৰুওৱা নাছিল আৰু যুঁজ অব্যাহত ৰাখে । কিন্তু ভাৰতক পদক দিবলৈ তেওঁৰ প্ৰচেষ্টা তেতিয়া পৰ্যাপ্ত নাছিল । ফলত লী জিয়াই তৃতীয় ছেটটো ২১-১১ ব্যৱধানত জয়লাভ কৰি ব্ৰঞ্জৰ পদক দখল কৰে ।

লগতে পঢ়ক :হকীৰ ছেমি ফাইনেলৰ পূৰ্বে হৰমনপ্ৰীতৰ স্পষ্ট বক্তব্য, সকীয়ালে জাৰ্মানীক - Paris Olympics 2024
লগতে পঢ়ক :ইতিহাস সৃষ্টি ভাৰতীয় মহিলা টেবুল টেনিছ দলৰ, ৰোমানিয়াক 3-2 ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.