ETV Bharat / sports

স্পেইনক ৫-৩ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ ভাৰতৰ মিক্সড আৰ্চাৰী দলৰ - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Aug 2, 2024, 9:16 PM IST

Indian mixed archery team : ভাৰতৰ তাৰকা মিক্সড আৰ্চাৰী দল ধীৰাজ বোম্মাদেৱৰা আৰু অংকিতা ভক্ত-এ দুৰ্দান্ত প্ৰদৰ্শনেৰে ছেমি ফাইনেলত স্থান দখল কৰিছে । ভাৰতীয় দলটোৱে কোৱাৰ্টাৰ ফাইনেলত স্পেনিছ দলক ৫-৩ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে ।

Indian mixed archery team
ছেমি ফাইনেলত প্ৰৱেশ ভাৰতৰ মিক্সড আৰ্চাৰী দলৰ (AP PHOTOS)

স্পৰ্টছ ডেস্ক, 2 আগষ্ট : পেৰিছ অলিম্পিক 2024ত শক্তিশালী প্ৰদৰ্শনেৰে ভাৰতৰ মিক্সড আৰ্চাৰী দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ৷ ভাৰতৰ তাৰকা মিক্সড আৰ্চাৰী দল ধীৰাজ বোম্মাদেৱৰা আৰু অংকিতা ভক্ত-এ বিস্ফোৰক প্ৰদৰ্শনেৰে ছেমি ফাইনেলত স্থান দখল কৰিছে ৷ ভাৰতীয় দলটোৱে কোৱাৰ্টাৰ ফাইনেলত স্পেনিছ দলক 5-2 ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে ৷ ইয়াৰ পূৰ্বে ভাৰতৰ মিক্সড আৰ্চাৰী দলে প্ৰি-কোৱাৰ্টাৰ ফাইনেলত ইণ্ডোনেছিয়াক 5-1 ব্যৱধানত পৰাস্ত কৰিছিল ৷

দুয়োটা দলে দৰ্শনীয় স্ক’ৰ কৰে :

এই মেচখনত ভাৰতীয় দলৰ স্ক’ৰ আছিল প্ৰথম ছেটত 38, দ্বিতীয় ছেটত 38, তৃতীয় ছেটত 36 আৰু চতুৰ্থ ছেটত 37 ৷ ভাৰতৰ দুয়োগৰাকী ধনুৰ্বিদে একেলগে চাৰিটা ছেটত 149 স্ক’ৰ সংগ্ৰহ কৰে ৷ আনহাতে স্পেনিছ দলটোৱে প্ৰথম ছেটত 37, দ্বিতীয় ছেটত 38, তৃতীয় ছেটত 37 আৰু শেষৰ ছেটত 36 স্ক’ৰ সংগ্ৰহ কৰি 148 স্ক’ৰ সংগ্ৰহ কৰে ৷ ইয়াৰ লগে লগে ভাৰতীয় দলটোৱে মেচখনত জয়লাভ কৰে ৷

কোৰিয়াৰ সৈতে অনুষ্ঠিত হ’ব ছেমি ফাইনেল :

এতিয়া ভাৰতৰ তাৰকা মিক্সড আৰ্চাৰী দল ধীৰাজ বোম্মাদেৱৰা আৰু অংকিতা ভক্ত-এ ছেমি ফাইনেলত কোৰিয়াৰ বিৰুদ্ধে খেলা দেখা যাব, য’ত তেওঁলোকে কোৰিয়াৰ লিম ছিহিয়ন আৰু কিম ৱুজিনৰ বিৰুদ্ধে খেলিব ৷ যদি দলটোৱে এই ছেমি ফাইনেলত জয়ী হয় তেন্তে ফাইনেলত প্ৰৱেশ কৰিব ৷ কোৰিয়াৰ বিৰুদ্ধে ছেমি ফাইনেল খেলখন সন্ধিয়া 7.10 বজাৰ পৰা অনুষ্ঠিত হৈছে ৷

লগতে পঢ়ক : ভাৰতীয় মিক্সড আৰ্চাৰী দলৰ বিস্ফোৰক প্ৰদৰ্শন : কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ - Paris Olympics 2024

দিনটোৰ আৰম্ভণিতে ধীৰাজ আৰু অংকিতা উজ্বলি উঠিছিল :

ইয়াৰ পূৰ্বে মিক্সড টিম ইভেণ্টৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেল মেচত তাৰকা আৰ্চাৰ ধীৰাজ বোম্মাদেৱৰা আৰু অংকিতা ভক্তই ইণ্ডোনেছিয়ান দলৰ বিৰুদ্ধে 5-1 ব্যৱধানত জোৰদাৰ জয় পঞ্জীয়ন কৰে ৷ এই জয়েৰে ভাৰতে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে ৷ এতিয়া দলটো ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ৷

লগতে পঢ়ক : ইতিহাস ৰচিলে ভাৰতীয় হকী দলে : ৫২ বছৰৰ পাচত অলিম্পিকত পৰাস্ত কৰিলে অষ্ট্ৰেলিয়াক - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.