ETV Bharat / sports

ভাৰতীয় মিক্সড আৰ্চাৰী দলৰ বিস্ফোৰক প্ৰদৰ্শন : কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Aug 2, 2024, 4:12 PM IST

Paris Olympics 2024 Archery : ভাৰতৰ মিক্সড আৰ্চাৰী দলে প্ৰি-কোৱাৰ্টাৰ ফাইনেলত ইণ্ডোনেছিয়াক ৫-১ ব্যৱধানত পৰাস্ত কৰিছে । এই জয়েৰে অংকিতা ভক্ত আৰু ধীৰাজ বোম্মাদেৱাৰাৰে গঠিত ভাৰতীয় দলটোৱে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।

Paris Olympics 2024 Archery
কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ ভাৰতীয় মিক্সড আৰ্চাৰী দলৰ (AP Photo)

স্পৰ্টছ ডেস্ক, 2 আগষ্ট : ভাৰতৰ তাৰকা মিক্সড আৰ্চাৰী দল ধীৰাজ বোম্মাদেৱৰা আৰু অংকিতা ভক্তে পেৰিছ অলিম্পিকত উজ্জবল প্ৰদৰ্শনেৰে কোৱাৰ্টাৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে ৷

ভাৰতীয় মিক্সড আৰ্চাৰী দল কোৱাৰ্টাৰ ফাইনেলত উপনীত হ’ল :

ষ্টাৰ আৰ্চাৰ ধীৰাজ বোম্মাদেৱৰা আৰু অংকিতা ভাক্তে শুকুৰবাৰে পেৰিছ অলিম্পিক 2024 ত মিক্সড দলৰ ইভেণ্টৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত নিম্ন স্থানৰ ইণ্ডোনেছিয়া দলৰ বিৰুদ্ধে 5-1 ব্যৱধানত জোৰদাৰ জয় লাভ কৰে ৷ এই বিজয়ৰ সৈতে ভাৰতীয় দলটো কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে ৷

ধীৰাজ বোম্মাদেৱৰা আৰু অংকিতা ভক্তৰ বিস্ফোৰক প্ৰদৰ্শন:

অংকিতা ভক্ত আৰু ধীৰাজ বোম্মাদেৱৰাক লৈ গঠিত ভাৰতীয় আৰ্চাৰী মিক্সড দলটোৱে পেৰিছ অলিম্পিকৰ ৰাউণ্ড অফ-16 মেচত ইণ্ডোনেছিয়াৰ ডায়েনাণ্ডা কয়ৰুনিছা আৰু আৰিফ পাংগেষ্টুৰ বিৰুদ্ধে 5-1 ব্যৱধানত জয় লাভ কৰি কোৱাৰ্টাৰ ফাইনেললৈ আগবাঢ়ে ৷

প্ৰি-কোৱাৰ্টাৰ কেনেকুৱা আছিল ?

ভক্ত আৰু বোম্মাদেৱৰাই প্ৰথম ছেটটো 37-36 পইন্টত জিকিছিল ৷ দ্বিতীয় ছেটটো 38-38 ত টাই হৈছিল ৷ তাৰ পিচত ভাৰতীয় যুটিটোৱে তৃতীয় ছেটটো 38-37 ত জিকে ৷ ইফালে, পঞ্চম স্থান প্ৰাপ্ত ভাৰতীয় যুটিটোৱে লেছ ইনভেলিডেছত প্ৰি-কোৱাৰ্টাৰ ফাইনেল জয়ৰ সময়ত পাঁচৰ পৰা 10 টা শ্বট কৰিছিল ৷

আজি সন্ধিয়া ৫.৩০ বজাত অনুষ্ঠিত হ'ব কোৱাৰ্টাৰ ফাইনেল :

আজি বিয়লি 5.30 বজাত কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হ'ব ৷ ভাৰতৰ তাৰকা যুটিটোৱে আজি সন্ধিয়া 5.45 বজাত কোৱাৰ্টাৰ ফাইনেলত স্পেইন দলৰ মুখামুখি হ'ব ৷ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত স্পেইনে চীনক 6-2 ব্যৱধানত পৰাস্ত কৰে ৷

কোৱাৰ্টাৰ ফাইনেলতো ভাৰতীয় দলটোৱে শক্তিশালী প্ৰদৰ্শন দাঙি ধৰিব বুলি আশা কৰা হৈছে ৷

লগতে পঢ়ক : ৰে’লৱেত টিকট পৰীক্ষকৰ পৰা অলিম্পিক পদক বিজয়ীলৈ : ধোনীৰ দৰে প্ৰেৰণাদায়ক কাহিনী স্বপ্নীল কুছালেৰ - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.