ETV Bharat / sports

ব্ৰঞ্জৰ পদক মেচত আমেৰিকাৰ হাতত ৬-২ ব্যৱধানত পৰাস্ত ভাৰতীয় যুটি ধীৰাজ-অংকিতা - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Aug 2, 2024, 9:43 PM IST

Paris Olympics 2024 Archery: শুকুৰবাৰে আমেৰিকাৰ যুটি কেছি কফহল্ড আৰু ব্ৰেডী এলিছনৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় ধীৰাজ বোম্মাদেৱৰা আৰু অংকিতা ভক্তৰ ভাৰতীয় মিক্সড দলটো। ইউ এছ এৰ যুটিয়ে ভাৰতীয় যুটিক ৬-২ ব্যৱধানত পৰাস্ত কৰে। সম্পূৰ্ণ খবৰ পঢ়ক...

Paris Olympics 2024 Archery
আমেৰিকাৰ হাতত ৬-২ ব্যৱধানত পৰাস্ত ভাৰতীয় যুটি (ANI PHOTOS)

স্পৰ্টছ ডেস্ক, 2 আগষ্ট : শুকুৰবাৰে পৰাজয়ৰ সন্মুখীন হ’ল ধীৰাজ বোম্মাদেৱৰা আৰু অংকিতা ভক্তৰ ভাৰতীয় আৰ্চাৰী মিক্সড দলটো ৷ ব্ৰঞ্জৰ পদক দখলৰ মেচত ভাৰতীয় দলটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাতত পৰাস্ত হয় ৷ আজি ভাৰতে পদক জয় কৰাৰ সকলো সুযোগ পাইছিল যদিও ধীৰাজ বোম্মাদেৱৰা আৰু অংকিতা ভক্তই সেই পদক লাভ কৰিব নোৱাৰিলে ৷ ভাৰতীয় যুটিটোৱে প্ৰথমে ছেমি ফাইনেলত পৰাস্ত হৈছিল আৰু তাৰ পিচত ব্ৰঞ্জৰ পদকৰ মেচত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল, ইয়াৰ লগে লগে তেওঁলোকৰ পেৰিছ অলিম্পিক যাত্ৰাৰো অন্ত পৰিল ৷

ব্ৰঞ্জৰ পদক মেচত ভাৰত আমেৰিকাৰ হাতত পৰাস্ত হয় :

ধীৰাজ বোম্মাদেৱৰা আৰু অংকিতা ভক্তৰ নেতৃত্বৰ দলটোৱে কেছি কফহল্ড আৰু ব্ৰেডী এলিছনৰ বিৰুদ্ধে ব্ৰঞ্জৰ পদকৰ মেচখনত অৱতীৰ্ণ হয় ৷ এই খেলখনৰ আৰম্ভণিৰ পৰাই আমেৰিকাৰ দলটোৱে আধিপত্য প্ৰদৰ্শন কৰি শেষত খেলখনত 6-2 ব্যৱধানত জয়লাভ কৰে আৰু ব্ৰঞ্জৰ পদক লাভ কৰে ৷

লগতে পঢ়ক : ইতিহাস ৰচিলে ভাৰতীয় হকী দলে : ৫২ বছৰৰ পাচত অলিম্পিকত পৰাস্ত কৰিলে অষ্ট্ৰেলিয়াক - Paris Olympics 2024

আজি এই দুয়োগৰাকীৰ যাত্ৰা কেনেকুৱা আছিল ?

ছেমি ফাইনেলত দুয়োজনে কোৰিয়ান যুটি লিম ছিহিয়ন আৰু কিম ৱুজিনৰ বিৰুদ্ধে 2-6 ব্যৱধানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল, ইয়াৰ লগে লগে ভাৰতীয় যুটিটো ছেমি ফাইনেলৰ পৰা বাহিৰ হয় ৷ আনকি ব্ৰঞ্জৰ পদকৰ মেচতো ভাৰতীয় দলটোৱে দুৰ্বল প্ৰদৰ্শন দাঙি ধৰে আৰু আমেৰিকাৰ বিৰুদ্ধে পৰাস্ত হয় ৷ ইয়াৰ পূৰ্বে ভাৰতীয় যুটিতোৱে কোৱাৰ্টাৰ ফাইনেলত স্পেনিছ দলক 5-3 ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল ৷

উল্লেখ্য যে, এই ভাৰতীয় যুটিৰ পৰা ভাৰতে পদক আশা কৰিছিল যদিও অৱশেষত সেয়া নিৰ্বাপিত হয় ৷

লগতে পঢ়ক : স্পেইনক ৫-৩ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ ভাৰতৰ মিক্সড আৰ্চাৰী দলৰ - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.