স্প’ৰ্টছ ডেস্ক, 9 আগষ্ট : পেৰিছ অলিম্পিক 2024 ৰ জেভলিন থ্ৰ’ ৰ ফাইনেলত ভাৰতৰ গোল্ডেন বয় খ্যাত নীৰজ চোপ্ৰা ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগা হৈছিল । অৱশ্যে 26 বছৰীয়া ভাৰতীয় খেলুৱৈগৰাকীয়ে একেৰাহে দ্বিতীয়খন অলিম্পিকত পদক জয় কৰি ইতিহাস সৃষ্টি কৰে । তেওঁ ট্ৰেক এণ্ড ফিল্ডত দুটা ব্যক্তিগত পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ ৷
ARSHAD NADEEM 🇵🇰 SETS A NEW OLYMPIC RECORD IN THE MEN'S JAVELIN! 😱 pic.twitter.com/gnbAOKXQK5
— The Olympic Games (@Olympics) August 8, 2024
এই প্ৰতিযোগিতাত পাকিস্তানৰ জেভেলিন থ্ৰ’য়াৰ অৰ্শদ নাদিমে অলিম্পিকৰ অভিলেখ ভংগ কৰি সকলোকে আচৰিত কৰি তোলে । নাদিমে 94.97 মিটাৰ থ্ৰ’ৰে এক নতুন অলিম্পিক অভিলেখ গঢ়ি সোণৰ পদক জয় কৰে ৷ নাদিমে 32 বছৰৰ পিছত পাকিস্তানৰ হৈ অলিম্পিক পদক জয় কৰে ।
What a moment for Bharat!
— Dr Mansukh Mandaviya (@mansukhmandviya) August 8, 2024
A Silver Medal for @Neeraj_chopra1. He has won his 2nd consecutive Olympic medal!
This incredible achievement is historic—no individual in independent Bharat has ever done it before in athletics. #Cheer4Bharat pic.twitter.com/kse90CBAEy
স্বৰ্ণপদক বিজয়ী অৰ্শদ নাদিমে কিমান পুৰস্কাৰ পাইছিল ?
টকিঅ' অলিম্পিকলৈকে কোনো বিজয়ীক পুৰষ্কাৰৰ ধন দিয়া হোৱা নাছিল ৷ কিন্তু পেৰিছ অলিম্পিক 2024 ৰ পৰা বিশ্ব এথলেটিক্সে পুৰষ্কাৰৰ ধন ঘোষণা কৰিছিল । পাকিস্তানী টকাৰ হিচাপত এই ধনৰ পৰিমাণ প্ৰায় এক কোটি 40 লাখ ।
এথলেটিকছৰ যিকোনো প্ৰতিযোগিতাত সোণৰ পদক জিকাৰ বাবে এই পুৰষ্কাৰৰ ধন প্ৰদান কৰা হৈছে । এথলেটিকছৰ বাহিৰে পেৰিছ অলিম্পিকৰ আন কোনো প্ৰতিযোগিতাত বিজয়ীসকলক কোনো পুৰষ্কাৰৰ ধন দিয়া হোৱা নাই ।
SILVER MEDAL 🥈
— Team India (@WeAreTeamIndia) August 8, 2024
A seasons best, and a second Olympic Medal for @Neeraj_chopra1 . What an athlete 👏🏽👏🏽#JeetKiAur | #Cheer4Bharat pic.twitter.com/lUHMFaPfUK
ৰূপৰ পদক জয়ী নীৰজ চোপ্ৰাই কি লাভ কৰিলে ?
ভাৰতৰ তাৰকা জেভলিন থ্ৰ’য়াৰ নীৰজ চোপ্ৰাই পেৰিছ অলিম্পিক 2024 ত ৰূপৰ পদক জয় কৰাৰ বাবে বিশ্ব এথলেটিকছৰ পৰা কোনো পুৰস্কাৰৰ ধন লাভ কৰা নাই ৷ কিয়নো বিশ্ব এথলেটিকছে এই অলিম্পিকত কেৱল সোণৰ পদক বিজয়ীসকলৰ বাবেহে পুৰস্কাৰৰ ধন ঘোষণা কৰিছে ।
অৱশ্যে, 2028 চনত লছ এঞ্জেলছত অনুষ্ঠিত হ'বলগীয়া অলিম্পিকৰ পৰা ৰূপ আৰু ব্ৰঞ্জৰ পদক বিজয়ীসকলকো বিশ্ব এথলেটিকছৰ দ্বাৰা পুৰস্কাৰৰ ধন প্ৰদান কৰা হ'ব ।
লগতে পঢ়ক: স্বৰ্ণ নহয় : পেৰিছ অলিম্পিকত ৰূপৰ পদক জয় নীৰজ চোপ্ৰাৰ - PARIS OLYMPICS 2024