ETV Bharat / sports

টম ক্ৰুজৰ ৰেপলিং ষ্টাণ্টৰে আৰম্ভ হৈ আমেৰিকাৰ ৰাষ্ট্ৰীয় সংগীতৰে সামৰণি পেৰিছ অলিম্পিকৰ - Paris Olympics 2024

author img

By ANI

Published : Aug 12, 2024, 9:27 AM IST

Paris Olympics 2024: ষ্টেট ডি ফ্ৰান্সত পেৰিছ অলিম্পিকৰ সামৰণি অনুষ্ঠানৰ বিশাল আয়োজন । বিশ্বৰ বহু নামী-দামী তাৰকাৰ প্ৰতিভাৰ প্ৰদৰ্শন ৷ সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল টম ক্ৰুজৰ ষ্টাণ্ট । মনু ভাকৰ আৰু পি আৰ শ্ৰীজেশে উৰুৱালে ভাৰতৰ জাতীয় পতাকা ৷

Paris Olympics 2024
পেৰিছ অলিম্পিকৰ সামৰণি (ANI)

স্প’ৰ্টছ ডেস্ক, ১২ আগষ্ট: তিনি সপ্তাহৰ ৰোমাঞ্চকৰ প্ৰতিযোগিতাৰ অন্তত অৱশেষত সামৰণি পৰিল পেৰিছ অলিম্পিক ২০২৪ ৰ । দেওবাৰে এক আকৰ্ষণীয় সামৰণি অনুষ্ঠানৰ জৰিয়তে এই ক্ৰীড়া প্ৰতিযোগিতাৰ সমাপ্তি ঘটে ।

এইবাৰৰ অলিম্পিকত বহুতো উত্থান-পতন পৰিলক্ষিত গৈছে । বিশ্বৰ বিভিন্ন দেশৰ খেলুৱৈসকলে উৎকৃষ্ট প্ৰদৰ্শন কৰে আৰু নিজ নিজ দেশৰ বাবে তেওঁলোকে পদক অৰ্জন কৰে । পেৰিছত অনুষ্ঠিত ৩৩ সংখ্যক অলিম্পিক গেমছৰ সামৰণি অনুষ্ঠান, যথেষ্ট আকৰ্ষণীয় আছিল আৰু এই সময়ছোৱাত বহুতো তাৰকাক উপস্থিত থকা দেখা গৈছিল ।

পেৰিছ অলিম্পিক ২০২৪ ৰ সামৰণি:

পেৰিছ অলিম্পিক ২০২৪ ৰ সামৰণি অনুষ্ঠানত আন্তৰ্জাতিক অলিম্পিক সংস্থাৰ সভাপতি থমাছ বাকে লছ এঞ্জেলছৰ মেয়ৰক অলিম্পিকৰ পতাকা হস্তান্তৰ কৰে । ইয়াৰ পিচত একাংশ খেলুৱৈয়ে লিয়ন মাৰ্চেণ্ডৰ সৈতে পেৰিছ অলিম্পিক ২০২৪ ৰ অগ্নিশিখা নিৰ্বাপিত কৰি আনুষ্ঠানিকভাৱে ক্ৰীড়া প্ৰতিযোগিতাখনৰ সামৰণি মাৰে ৷

আমেৰিকা আৰু চীনে ৪০ টাকৈ সোণৰ পদক লাভ কৰি অলিম্পিকৰ পদক তালিকাত ক্ৰমে প্ৰথম আৰু দ্বিতীয় স্থান দখল কৰে । আমেৰিকাই সৰ্বাধিক ৰূপ আৰু ব্ৰঞ্জৰ পদকৰ তালিকাৰ শীৰ্ষস্থান দখল কৰে । আনহাতে, ১১৭ গৰাকী খেলুৱৈৰে গঠিত ভাৰতীয় দলটোৱে মাত্ৰ ৬ টা পদক লাভ কৰি তালিকাৰ ৭১ সংখ্যক স্থান লাভ কৰে ।

মনু ভাকৰ আৰু পি আৰ শ্ৰীজেশে উৰুৱালে ভাৰতৰ জাতীয় পতাকা:

ভাৰতৰ মহিলা শ্বুটাৰ মনু ভাকৰ আৰু হকী খেলুৱৈ পি আৰ শ্ৰীজেশক ষ্টেডিয়ামত ভাৰতৰ জাতীয় পতাকাৰ সৈতে দেখা গৈছিল । দুয়োগৰাকী খেলুৱৈ আছিল ভাৰতৰ ধ্বজাবাহক । সামৰণি অনুষ্ঠানত ভাৰতৰ ধ্বজাবাহক শ্ৰীজেশ আৰু মনু ভাকৰৰ সৈতে ভাৰতৰ বাকী দলটোকো দেখা গৈছিল ।

বহু তাৰকা শিল্পীৰ অনুষ্ঠান:

সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতাখনৰ সামৰণি অনুষ্ঠানটো অতি আকৰ্ষণীয় আছিল । য’ত বিশ্বৰ বহু তাৰকা আৰু শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰে । একেদৰে দৰ্শকৰ বিশাল উপস্থিতিয়ে অনুষ্ঠানটো অধিক ৰঙীন কৰি তোলে । এই সময়ছোৱাত অলিম্পিকৰ পুনৰ্জন্মৰ কথাও কোৱা হৈছিল, লগতে অলিম্পিক ৰিঙৰ সম্পূৰ্ণ কাহিনীও বৰ্ণনা কৰা হয় ।

অনুষ্ঠানত প্ৰাচীন গ্ৰীচৰ আটাইতকৈ পুৰণি গীত, এপোলো আৰু পিয়ানো শিল্পীসকলে বজাইছিল । আমেৰিকাৰ গেব্ৰিয়েলা চাৰ্মিয়েণ্টো উইলছন, পপ গায়িকা বিলি ইলিছ আৰু ৰেপাৰ স্নুপ ডগে গীত পৰিৱেশন কৰি উপস্থিত দৰ্শকক আনন্দিত কৰি তোলে ।

অলিম্পিকৰ পতাকাৰ সৈতে লছ এঞ্জেলছলৈ টম ক্ৰুজৰ যাত্ৰা:

আমেৰিকান অভিনেতা তথা চলচ্চিত্ৰ নিৰ্মাতা টম ক্ৰুজকো এই সামৰণি অনুষ্ঠানত ষ্টাণ্ট প্ৰদৰ্শন কৰা দেখা যায় । ইফালে পেৰিছৰ পৰা পৰৱৰ্তী অলিম্পিকৰ স্থান লছ এঞ্জেলছলৈ অলিম্পিকৰ পতাকা লৈ যোৱা এক যাত্ৰাও টম ক্ৰুজে ষ্টাণ্টৰ জৰিয়তে প্ৰদৰ্শন কৰে ।

ক্ৰুজে চিমোন বাইলছ আৰু মেয়ৰৰ পৰা অলিম্পিকৰ পতাকা লয় আৰু প্ৰথমে বাইক আৰু তাৰপিছত বিমানেৰে গৈ লছ এঞ্জেলছত উপস্থিত হয় । পৰৱৰ্তী সময়ত ক্ৰুজে পতাকাখন আমেৰিকান স্প্ৰিণ্ট মাইকেল জনছনক হস্তান্তৰ কৰে । এটা ভিডিঅ’ৰ জৰিয়তে এই সমগ্ৰ যাত্ৰাটো প্ৰদৰ্শন কৰা হয় ।

লগতে পঢ়ক :অভিনৱ বিন্দ্ৰালৈ সন্মান : আই অ’ চি অধিৱেশনত সন্মানীয় 'অলিম্পিক অৰ্ডাৰ' প্ৰদান - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.