ETV Bharat / sports

ছেমি ফাইনেলত পৰাস্ত; সোমবাৰে ব্ৰঞ্জৰ বাবে খেলিব লক্ষ্যই - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Aug 4, 2024, 5:35 PM IST

Updated : Aug 4, 2024, 9:12 PM IST

Paris Olympics 2024: পেৰিছ অলিম্পিক ২০২৪ত ভাৰতৰ তাৰকা শ্বাটলাৰ লক্ষ্য সেন ছেমি ফাইনেলত ডেনমাৰ্কৰ ভিক্টৰ এক্সেলছেনৰ হাতত পৰাজিত হয় । ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলেও সোমবাৰে ব্ৰঞ্জ পদকৰ বাবে মালয়েছিয়াৰ লী জি জিয়াৰ মুখামুখি হ'ব লক্ষ্য ।

Paris Olympics 2024
ছেমি ফাইনেলত পৰাস্ত;সোমবাৰে ব্ৰঞ্জৰ বাবে খেলিব লক্ষ্যই (AP Photos)

স্পৰ্টছ ডেস্ক,৪ আগষ্ট : পেৰিছ অলিম্পিক ২০২৪ত ভাৰতৰ তাৰকা শ্বাটলাৰ লক্ষ্য সেন বেডমিণ্টন পুৰুষৰ ছিংগলছৰ ছেমি ফাইনেলত অলিম্পিক চেম্পিয়ন ডেনমাৰ্কৰ ভিক্টৰ এক্সেলছেনৰ হাতত পৰাজিত হয় । ভিক্টৰে ৰোমাঞ্চকৰ খেলখনত লক্ষ্যক পোনপটীয়া ছেটত ২২-২০, ২১-১৪ ত পৰাস্ত কৰে । অৱশ্যে লক্ষ্যই এতিয়াও পেৰিছত পদকৰ আশা জীয়াই ৰাখিছে । কিয়নো সোমবাৰে লক্ষ্য সেন ব্ৰঞ্জৰ পদকৰ বাবে যুঁজ দিব ।

প্ৰথম খেলত সামান্য ব্যৱধানত পৰাস্ত

২২ বছৰীয়া যুৱ শ্বাটলাৰ লক্ষ্যই খেলখন শক্তিশালীভাৱে আৰম্ভ কৰিছিল । লক্ষ্যই আক্ৰমণাত্মক উপায় অৱলম্বন কৰিছিল আৰু মিড-ব্ৰেকত ১১-৯ পইণ্টৰ সৈতে ২ পইণ্টৰ অগ্ৰগতি লাভ কৰিছিল । লক্ষ্য প্ৰথম খেলৰ এটা সময়ত ১৮-১৫ ত আগবাঢ়ি আছিল । কিন্তু ভিক্টৰে এক গুৰুত্বপূৰ্ণ প্ৰত্যাৱৰ্তন কৰে আৰু প্ৰথম খেলত ২২-২০ পইণ্টত জয়ী হয় ।

ৰোমাঞ্চকৰ আছিল দ্বিতীয় খেল

দুয়োগৰাকী খেলুৱৈৰ মাজত দ্বিতীয় খেলখন অতি ৰোমাঞ্চকৰ আছিল । দ্বিতীয় খন খেলত ভিক্টৰ ৭-০ ত পিছ পৰাৰ পিচত এক আকৰ্ষণীয় প্ৰত্যাৱৰ্তন কৰে । লক্ষ্য সেনে মাজৰ বিৰতিলৈ ১১-১০ৰ অগ্ৰগতি লাভ কৰিছিল । কিন্তু তাৰ পিচত তেওঁ পুনৰ নিজৰ অগ্ৰগতি হেৰুৱায় আৰু দ্বিতীয় খেলত প্ৰতিদ্বন্দ্বী ভিক্টৰ এক্সেলছেনৰ হাতত ১৪-২১ত পৰাস্ত হয় ।

সোমবাৰে ব্ৰঞ্জ পদকৰ খেল

প্ৰথম অলিম্পিকত খেলি থকা ভাৰতৰ যুৱ শ্বাটলাৰ লক্ষ্য সেনে সোমবাৰে ব্ৰঞ্জৰ পদকৰ খেল খেলিব । মালয়েছিয়াৰ লী জি জিয়াৰ মুখামুখি হ'ব লক্ষ্য । অলিম্পিকত পুৰুষৰ ছিংগলছ বেডমিণ্টনত ভাৰতৰ হৈ প্ৰথমটো পদক লাভ কৰা সুযোগ তেওঁৰ আছে । ব্ৰঞ্জৰ পদকৰ খেলখন সোমবাৰে ভাৰতীয় সময় মতে সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :পেৰিছত যাত্ৰা অন্ত পৰিল লাভলীনা বৰগোহাঁইৰ - Paris Olympic 2024

Last Updated : Aug 4, 2024, 9:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.